--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুন্দুলি খাই ভালপায়নে...অসমীয়া সমাজত কুন্দুলিৰ আছে বিশেষ আদৰ। কুন্দুলি সাধাৰণতে জেওৰা বা গছত বগাই যায়। কুন্দুলি ঔষধি গুণ সম্পন্ন। কুন্দুলিত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, ফাইবাৰ, পটাছিয়াম, ভিটামিন-এ,বি,চি আদি উপাদান পোৱা যায়। কুন্দুলিৰ আকৃতি ডিম্বাকাৰ। কেঁচা অৱস্থাত ফলৰ ৰং সেউজীয়া। পকিলে উজ্জ্বল হালধীয়া আৰু তাৰপাছত ৰঙা ৰঙৰ হয়। ফলৰ গাটো অতি নিমজ। ওপৰৰ অংশত সৰু সৰু ফুট থাকে। ফলৰ ভিতৰত অসংখ্য সৰু সৰু গুটি আছে। কুন্দুলি সৰহকৈ তেলত ভাজি খাবলৈ বৰ ভাল। লাবৰা ভাজিতো কুন্দুলি দিব পাৰি। দাইলত দিও কুন্দুলি খাব পাৰি। কিছুমানে বইল কুন্দুলি আৰু আলু একেলগে পিটিকা কৰি খায়। কিছুমান কুন্দুলিৰ ভিতৰৰ অংশ বগা আৰু কিছুমানৰ পাতল গুলপীয়া ৰঙৰ।ইয়াৰ সোৱাদ অলপ টেঙা। কুন্দুলিৰো ঔষধি গুণ আছে।

ইয়াৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

১)কুন্দুলিৰ কেঁচা ফলৰ ৰসে জিভাত হোৱা ঘা শুকোৱাত সহায় কৰে।

২)গৰু-ছোৱালীৰ ছালত হোৱা বিভিন্ন ৰোগত কুন্দুলিৰ পাত থেতেলিয়াই ৰস উলিয়াই লগালে ৰোগ নিৰাময় হয়।

৩)কুন্দুলিৰ গা-গছ খুন্দি তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়।

৪)শৰীৰত হোৱা খজুৱতিত কুন্দুলিৰ কেঁচাপাতৰ ৰস উলিয়াই লগালে খজুৱতি কমে।

৫)কুন্দুলি সঞ্চিত পেটচলা ৰোগত উপকাৰী।

৬)বহুমূত্ৰ ৰোগীয়ে পাত থেতেলিয়াই ৰস উলিয়াই খালে উপকাৰ পাব।

৭)কুন্দুলিৰ পাতৰ ৰস গনোৰিয়া ৰোগীৰ বাবেও উপকাৰী।

৮)যিকোনো জন্তুৱে কামুৰিলে কুন্দুলিৰ পাতৰ ৰস লগালে আৰাম পোৱা যায়।

৯)কুন্দুলিৰ পাতৰ ৰস যিকোনো ছালৰ ৰোগত উপকাৰী।

১০)কুন্দুলি গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী পাচলি।

১১)আইৰণৰ অভাৱত শৰীৰ দুৰ্বল হ’লে কুন্দুলিৰ ৰস খালে উপকৃত হয়।

১২)মৃগী ৰোগীৰ বাবে কুন্দুলি উপকাৰী।

১৩)ক্ৰণিক ডিচেণ্ট্ৰী ৰোগত কুন্দুলি উপকাৰী পাচলি।

১৪)ডায়েবেটিছ ৰোগীৰ বাবে কুন্দুলি উপকাৰী পাচলি।

১৫)কুন্দুলিয়ে কিডনিত পাথৰ হোৱাত বাধা প্ৰদান কৰে।

১৬)ই হাড়ৰ গঠন মজবুত কৰে।

১৭)হৃদযন্ত্ৰ সুৰক্ষিত কৰে।

১৮)কুন্দুলিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰে।

গতিকে ঔষধি গুণ সম্পন্ন কুন্দুলি খাওক আৰু নিজৰ সুস্বাস্থ্য অটুট ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ