--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুন্দুলি খাই ভালপায়নে...অসমীয়া সমাজত কুন্দুলিৰ আছে বিশেষ আদৰ। কুন্দুলি সাধাৰণতে জেওৰা বা গছত বগাই যায়। কুন্দুলি ঔষধি গুণ সম্পন্ন। কুন্দুলিত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, ফাইবাৰ, পটাছিয়াম, ভিটামিন-এ,বি,চি আদি উপাদান পোৱা যায়। কুন্দুলিৰ আকৃতি ডিম্বাকাৰ। কেঁচা অৱস্থাত ফলৰ ৰং সেউজীয়া। পকিলে উজ্জ্বল হালধীয়া আৰু তাৰপাছত ৰঙা ৰঙৰ হয়। ফলৰ গাটো অতি নিমজ। ওপৰৰ অংশত সৰু সৰু ফুট থাকে। ফলৰ ভিতৰত অসংখ্য সৰু সৰু গুটি আছে। কুন্দুলি সৰহকৈ তেলত ভাজি খাবলৈ বৰ ভাল। লাবৰা ভাজিতো কুন্দুলি দিব পাৰি। দাইলত দিও কুন্দুলি খাব পাৰি। কিছুমানে বইল কুন্দুলি আৰু আলু একেলগে পিটিকা কৰি খায়। কিছুমান কুন্দুলিৰ ভিতৰৰ অংশ বগা আৰু কিছুমানৰ পাতল গুলপীয়া ৰঙৰ।ইয়াৰ সোৱাদ অলপ টেঙা। কুন্দুলিৰো ঔষধি গুণ আছে।

ইয়াৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

১)কুন্দুলিৰ কেঁচা ফলৰ ৰসে জিভাত হোৱা ঘা শুকোৱাত সহায় কৰে।

২)গৰু-ছোৱালীৰ ছালত হোৱা বিভিন্ন ৰোগত কুন্দুলিৰ পাত থেতেলিয়াই ৰস উলিয়াই লগালে ৰোগ নিৰাময় হয়।

৩)কুন্দুলিৰ গা-গছ খুন্দি তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়।

৪)শৰীৰত হোৱা খজুৱতিত কুন্দুলিৰ কেঁচাপাতৰ ৰস উলিয়াই লগালে খজুৱতি কমে।

৫)কুন্দুলি সঞ্চিত পেটচলা ৰোগত উপকাৰী।

৬)বহুমূত্ৰ ৰোগীয়ে পাত থেতেলিয়াই ৰস উলিয়াই খালে উপকাৰ পাব।

৭)কুন্দুলিৰ পাতৰ ৰস গনোৰিয়া ৰোগীৰ বাবেও উপকাৰী।

৮)যিকোনো জন্তুৱে কামুৰিলে কুন্দুলিৰ পাতৰ ৰস লগালে আৰাম পোৱা যায়।

৯)কুন্দুলিৰ পাতৰ ৰস যিকোনো ছালৰ ৰোগত উপকাৰী।

১০)কুন্দুলি গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী পাচলি।

১১)আইৰণৰ অভাৱত শৰীৰ দুৰ্বল হ’লে কুন্দুলিৰ ৰস খালে উপকৃত হয়।

১২)মৃগী ৰোগীৰ বাবে কুন্দুলি উপকাৰী।

১৩)ক্ৰণিক ডিচেণ্ট্ৰী ৰোগত কুন্দুলি উপকাৰী পাচলি।

১৪)ডায়েবেটিছ ৰোগীৰ বাবে কুন্দুলি উপকাৰী পাচলি।

১৫)কুন্দুলিয়ে কিডনিত পাথৰ হোৱাত বাধা প্ৰদান কৰে।

১৬)ই হাড়ৰ গঠন মজবুত কৰে।

১৭)হৃদযন্ত্ৰ সুৰক্ষিত কৰে।

১৮)কুন্দুলিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰে।

গতিকে ঔষধি গুণ সম্পন্ন কুন্দুলি খাওক আৰু নিজৰ সুস্বাস্থ্য অটুট ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু