--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিভিন্ন মোবাইল এপ্লিকেচনৰ ব্যৱহাৰ এতিয়া আমাৰ দৈনিন্দিন জীৱন যাত্ৰাৰ অংগ হৈ পৰিছে। জীৱনশৈলীৰ সৈতে জড়িত এপৰ লগতে মনোৰঞ্জনৰ এপলৈকে বিভিন্ন এপ আমি নিয়মীয়াকৈ ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু আমি ব্যৱহাৰ কৰা এপবোৰ কিমান সুৰক্ষিত? এই এপবোৰে আপোনাৰ ব্যক্তিগত গোপন তথ্য সুৰক্ষিত কৰি ৰাখিব পাৰেনে? ফাদিল হ'ব পাৰে নেকি আপোনাৰ গোপন তথ্য? এই সম্পৰ্কত শেহতীয়াকৈ প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য।

ডিজিটেল সুৰক্ষা কোম্পানী ‘এভাষ্ট’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে আপোনাৰ এপবোৰৰ অসুৰক্ষিত হোৱাৰ ভয়ংকৰ তথ্য। প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ১৯,০০০তকৈও অধিক এণ্ড্ৰইড এপ অসুৰক্ষিত। এপবোৰৰ দুৰ্বলতাই আনকি এপ ব্যৱহাৰকাৰী লোকসকলৰ ব্যক্তিগত ডাটা হেক কৰি তাক উদ্দেশ্যপ্ৰণোদিত কামত প্ৰয়োগ কৰাৰ আশংকা থকাৰ কথাও প্ৰতিবেদনত প্ৰকাশ পাইছে পাইছে।

‘এভাষ্ট’ৰ গৱেষকসকলে এণ্ড্ৰইড এপবিলাকৰ সুৰক্ষাৰ দিশতো অধ্যায়ন কৰিবলৈ ১৮০,৩০০ টাৰ অধিক প্লে ষ্টৰত সুলভ এপ নমুনা হিচাপে লৈছিল য'ত ১০% এপ অসুৰক্ষিত বুলি প্ৰকাশ পাইছে। ‘এভাষ্ট’-এ তেওঁলোকৰ এই অধ্যয়নৰ তথ্য গুগলৰ আগত প্ৰকাশ কৰিছে যাতে এই প্ৰস্তুতকাৰী প্ৰতিষ্ঠানবোৰক সংস্কাৰমুখী পদক্ষেপ লোৱাৰ বাবে পৰামৰ্শ দিব পাৰে। কিছুমান লাইফষ্টাইল, গেমিং, ফুড ডেলিভাৰী আৰু ইমেইল আদিকে ধৰি ভালেমান এপৰ ক্ষেত্ৰত তথ্যৰ অপব্যৱহাৰৰ কথা পোহৰলৈ আনিছে অধ্যয়নটোৱে। ইউৰোপ, দক্ষিণ-পূব এছিয়া, লেটিন আমেৰিকা আদিত এনে সমস্যাবোৰ প্ৰভাৱ অধিক বুলিও অধ্যয়নটোত কোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক