--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিভিন্ন মোবাইল এপ্লিকেচনৰ ব্যৱহাৰ এতিয়া আমাৰ দৈনিন্দিন জীৱন যাত্ৰাৰ অংগ হৈ পৰিছে। জীৱনশৈলীৰ সৈতে জড়িত এপৰ লগতে মনোৰঞ্জনৰ এপলৈকে বিভিন্ন এপ আমি নিয়মীয়াকৈ ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু আমি ব্যৱহাৰ কৰা এপবোৰ কিমান সুৰক্ষিত? এই এপবোৰে আপোনাৰ ব্যক্তিগত গোপন তথ্য সুৰক্ষিত কৰি ৰাখিব পাৰেনে? ফাদিল হ'ব পাৰে নেকি আপোনাৰ গোপন তথ্য? এই সম্পৰ্কত শেহতীয়াকৈ প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য।

ডিজিটেল সুৰক্ষা কোম্পানী ‘এভাষ্ট’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে আপোনাৰ এপবোৰৰ অসুৰক্ষিত হোৱাৰ ভয়ংকৰ তথ্য। প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ১৯,০০০তকৈও অধিক এণ্ড্ৰইড এপ অসুৰক্ষিত। এপবোৰৰ দুৰ্বলতাই আনকি এপ ব্যৱহাৰকাৰী লোকসকলৰ ব্যক্তিগত ডাটা হেক কৰি তাক উদ্দেশ্যপ্ৰণোদিত কামত প্ৰয়োগ কৰাৰ আশংকা থকাৰ কথাও প্ৰতিবেদনত প্ৰকাশ পাইছে পাইছে।

‘এভাষ্ট’ৰ গৱেষকসকলে এণ্ড্ৰইড এপবিলাকৰ সুৰক্ষাৰ দিশতো অধ্যায়ন কৰিবলৈ ১৮০,৩০০ টাৰ অধিক প্লে ষ্টৰত সুলভ এপ নমুনা হিচাপে লৈছিল য'ত ১০% এপ অসুৰক্ষিত বুলি প্ৰকাশ পাইছে। ‘এভাষ্ট’-এ তেওঁলোকৰ এই অধ্যয়নৰ তথ্য গুগলৰ আগত প্ৰকাশ কৰিছে যাতে এই প্ৰস্তুতকাৰী প্ৰতিষ্ঠানবোৰক সংস্কাৰমুখী পদক্ষেপ লোৱাৰ বাবে পৰামৰ্শ দিব পাৰে। কিছুমান লাইফষ্টাইল, গেমিং, ফুড ডেলিভাৰী আৰু ইমেইল আদিকে ধৰি ভালেমান এপৰ ক্ষেত্ৰত তথ্যৰ অপব্যৱহাৰৰ কথা পোহৰলৈ আনিছে অধ্যয়নটোৱে। ইউৰোপ, দক্ষিণ-পূব এছিয়া, লেটিন আমেৰিকা আদিত এনে সমস্যাবোৰ প্ৰভাৱ অধিক বুলিও অধ্যয়নটোত কোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান