--°C
Loading...
Listen to Article
2 min read
80%

ৰাষ্ট্ৰসংঘ : আফগান ভূমিত এতিয়া তালিবানৰ অবাধ বিচৰণ। তালিবানী নীতি অনুসৰি এতিয়া নিৰ্ধাৰণ কৰা হৈছে দেশখনৰ শাসন ব্যৱস্থা। নানা বাধা-নিষেধ, নিষ্ঠুৰতা আৰু বৰ্বৰতাৰ মাজেৰে চলিছে তালিবানৰ শাসন। কিন্তু এনে পশ্চাৎগামী মানসিকতাই কোনদিশে লৈ যাব আফগান জনগণক? কি হ’ব আফগানিস্তানৰ ভৱিষ্যৎ? এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘই ব্যক্ত কৰিছে এক ভয়ংকৰ আশংকা। তালিবানে আফগানভূমিৰ শাসন দখল কৰাৰ পাছত দেশখনত সৃষ্টি হৈছে অন্তহীন অস্থিৰতা আৰু অনিশ্চয়তাৰ। দেশখনৰ অৰ্থনীতি আৰু সামাজিক ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰাৰ আশংকা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই।

তদুপৰি তাৎক্ষণিকভাৱে অৰ্থৰ নিবেশ যদি কৰা নহয়, তেন্তে লক্ষ লক্ষ আফগান লোক ক্ষুধা আৰু দৰিদ্ৰতাৰ কৱলত পৰিব। এই সতৰ্কবাণী দিছে ৰাষ্ট্ৰসংঘৰ বিশেষ দূত দেৱৰাহ লেয়ন্সে। কালি এই আশংকা ব্যক্ত কৰি ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিগৰাকীয়ে বিশ্বক এই পৰিস্থিতি প্ৰতিহত কৰাৰ বাবে একগোট হ’বলৈ আহ্বান জনায়। তেওঁ লগতে আশংকা প্ৰকাশ কৰে যে, চুবুৰীয়া দেশলৈও তালিবানৰ ইছলামিক ষ্টেটৰ সম্প্ৰসাৰণ ঘটিব পাৰে আৰু ইয়াৰ সৈতে বিশ্বই মোকাবিলা কৰিব লাগিব।

লেয়ন্সে মত পোষণ কৰে যে, ক্ৰমাৎ অধিক অৱনতি ঘটা মানৱীয় সংকটৰ সৈতে এতিয়াই মোকাবিলা কৰাৰ সময় আহিছে। তেওঁ লগতে অধিক অৰ্থনৈতিক সংকট অৱশ্যম্ভাৱী বুলিও প্ৰকাশ কৰে। দেশখনলৈ বিদেশী তথা আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ বিনিয়োগ বন্ধ হৈ যোৱাৰ লগে লগে ‘এটা গুৰুতৰ অৰ্থসংকটৰ সৃষ্টি হ’ব আৰু ই লক্ষ লক্ষ লোকক দৰিদ্ৰতা আৰু ক্ষুধাৰ গ্ৰাসত পেলাব। ফলত এক ব্যাপক শৰনাৰ্থী সমস্যাৰ সৃষ্টি হ’ব আৰু দেশখনক বহু পিছলৈ লৈ যাব।’ তেওঁ লগতে কয়, অৰ্থনীতিক অহা কেইমাহমানলৈ উশাহ ল’বৱ পৰা এটা পৰিৱেশ দিব লাগিব। যাতে তালিবানে এটা সহনশীল পৰিৱেশ সৃষ্টিৰ সুযোগ পায় আৰু এইবাৰ এটা নুতুন ৰূপত আত্মপ্ৰকাশ কৰিব পাৰে। মানৱ অধিকাৰ, লিংগ সমতা আৰু সন্ত্ৰাসবাদবিৰোধী পৃষ্ঠভূমিৰ পৰা এয়া অতি জৰুৰী। ৰাষ্ট্ৰসংঘৰ ১৫জনীয়া সদস্যবিশিষ্ট নিৰাপত্তা পৰিষদত এই মন্তব্য কৰে লেয়ন্সে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক