--°C
Loading...
Listen to Article
2 min read
80%

ৰাষ্ট্ৰসংঘ : আফগান ভূমিত এতিয়া তালিবানৰ অবাধ বিচৰণ। তালিবানী নীতি অনুসৰি এতিয়া নিৰ্ধাৰণ কৰা হৈছে দেশখনৰ শাসন ব্যৱস্থা। নানা বাধা-নিষেধ, নিষ্ঠুৰতা আৰু বৰ্বৰতাৰ মাজেৰে চলিছে তালিবানৰ শাসন। কিন্তু এনে পশ্চাৎগামী মানসিকতাই কোনদিশে লৈ যাব আফগান জনগণক? কি হ’ব আফগানিস্তানৰ ভৱিষ্যৎ? এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘই ব্যক্ত কৰিছে এক ভয়ংকৰ আশংকা। তালিবানে আফগানভূমিৰ শাসন দখল কৰাৰ পাছত দেশখনত সৃষ্টি হৈছে অন্তহীন অস্থিৰতা আৰু অনিশ্চয়তাৰ। দেশখনৰ অৰ্থনীতি আৰু সামাজিক ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰাৰ আশংকা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই।

তদুপৰি তাৎক্ষণিকভাৱে অৰ্থৰ নিবেশ যদি কৰা নহয়, তেন্তে লক্ষ লক্ষ আফগান লোক ক্ষুধা আৰু দৰিদ্ৰতাৰ কৱলত পৰিব। এই সতৰ্কবাণী দিছে ৰাষ্ট্ৰসংঘৰ বিশেষ দূত দেৱৰাহ লেয়ন্সে। কালি এই আশংকা ব্যক্ত কৰি ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিগৰাকীয়ে বিশ্বক এই পৰিস্থিতি প্ৰতিহত কৰাৰ বাবে একগোট হ’বলৈ আহ্বান জনায়। তেওঁ লগতে আশংকা প্ৰকাশ কৰে যে, চুবুৰীয়া দেশলৈও তালিবানৰ ইছলামিক ষ্টেটৰ সম্প্ৰসাৰণ ঘটিব পাৰে আৰু ইয়াৰ সৈতে বিশ্বই মোকাবিলা কৰিব লাগিব।

লেয়ন্সে মত পোষণ কৰে যে, ক্ৰমাৎ অধিক অৱনতি ঘটা মানৱীয় সংকটৰ সৈতে এতিয়াই মোকাবিলা কৰাৰ সময় আহিছে। তেওঁ লগতে অধিক অৰ্থনৈতিক সংকট অৱশ্যম্ভাৱী বুলিও প্ৰকাশ কৰে। দেশখনলৈ বিদেশী তথা আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ বিনিয়োগ বন্ধ হৈ যোৱাৰ লগে লগে ‘এটা গুৰুতৰ অৰ্থসংকটৰ সৃষ্টি হ’ব আৰু ই লক্ষ লক্ষ লোকক দৰিদ্ৰতা আৰু ক্ষুধাৰ গ্ৰাসত পেলাব। ফলত এক ব্যাপক শৰনাৰ্থী সমস্যাৰ সৃষ্টি হ’ব আৰু দেশখনক বহু পিছলৈ লৈ যাব।’ তেওঁ লগতে কয়, অৰ্থনীতিক অহা কেইমাহমানলৈ উশাহ ল’বৱ পৰা এটা পৰিৱেশ দিব লাগিব। যাতে তালিবানে এটা সহনশীল পৰিৱেশ সৃষ্টিৰ সুযোগ পায় আৰু এইবাৰ এটা নুতুন ৰূপত আত্মপ্ৰকাশ কৰিব পাৰে। মানৱ অধিকাৰ, লিংগ সমতা আৰু সন্ত্ৰাসবাদবিৰোধী পৃষ্ঠভূমিৰ পৰা এয়া অতি জৰুৰী। ৰাষ্ট্ৰসংঘৰ ১৫জনীয়া সদস্যবিশিষ্ট নিৰাপত্তা পৰিষদত এই মন্তব্য কৰে লেয়ন্সে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান