--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : ক’ভিড যুঁজত বিশ্বৰ হাতত থকা একমাত্ৰ অস্ত্ৰ হিচাপে বিবেচিত হৈছে টিকাকৰণ। বিশ্বজুৰি ক’ভিডৰ টিকাকৰণ অভিযান অব্যাহত আছে। তাৰ মাজতে এতিয়া এই প্ৰতিষেধকৰ কাৰ্যকৰিতা সন্দৰ্ভতো চলিছে গৱেষণা। শেহতীয়া এক অধ্যয়নত ক’ভিড প্ৰতিষেধকৰ কাৰ্যকৰিতা সন্দৰ্ভত আশাপ্ৰদ তথ্য প্ৰকাশ পাইছে। এই অধ্যয়ন অনুসৰি সম্পূৰ্ণৰূপে টিকাকৰণ কৰা লোক ক’ভিডত আক্ৰান্ত হ’লেও তেওঁলোকৰ মৃ্ত্যুৰ আশংকা ১১গুণ কম হয়।

একেদৰে টিকা গ্ৰহণ নকৰা লোকৰ তুলনাত তেওঁলোক সম্পূৰ্ণ টিকাকৰণ কৰা লোক আক্ৰান্ত হ’লেও তেওঁলোক চিকিৎসাধীন হ’বলগীয়া হোৱাৰ আশংকা ১০ শতাংশ হ্ৰাস পায়। মাৰ্কিন স্বাস্থ্য বিভাগে শুকুৰবাৰে এই তথ্য সদৰি কৰিছে। চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনচন-এ প্ৰকাশ কৰা তিনিখন গৱেষণা পত্ৰৰ ভিতৰত এখনত এই তথ্য প্ৰকাশ পাইছে।

সংক্ৰমণৰ ভয়াৱহতাৰ মাজত ক’ভিড প্ৰতিষেধকৰ কাৰ্যকৰিতা সন্দৰ্ভত এই অধ্যয়ন চলোৱা হৈছিল। এটা অধ্যয়নত প্ৰকাশ পাইছে যে, মডাৰ্নাৰ ক’ভিড প্ৰতিষেধকে ডেল্টা সংক্ৰমণৰ বিৰুদ্ধে অধিক কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক