--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ডাক সেৱা ৷ চিঠি আদান প্ৰদান কৰা এক মাধ্যমৰ ওপৰিও বিভিন্ন সুবিধা প্ৰদান কৰা এক প্ৰতিষ্ঠান ৷ যিসকল বিনিয়োগকাৰীয়ে নিৰাপদ বিনিয়োগ আৰু নিশ্চিত ৰিটাৰ্ণ বিচাৰে তেওঁলোকৰ বাবে ডাকঘৰ এটা উত্তম বিকল্প। বেংকৰ দৰেই বহু আঁচনি ডাকঘৰতো উপলব্ধ। দীৰ্ঘম্যাদী বিনিয়োগকাৰীৰ বাবে ডাকঘৰৰ এটা বিশেষ আঁচনি হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। এই আঁচনি বেংকতো উপলব্ধ।


 Post Office PPF Account - Interest Rate, Eligibility, Benefits

পিপিএফে ৭.১ শতাংশ হাৰত সুত দিয়ে। এই আঁচনিখনত বছৰি নূন্যতম ৫০০ টকা আৰু সৰ্বাধিক ১.৫ লাখ টকা বিনিয়োগ কৰিব পাৰিব। ইচ্ছা কৰিলে এই আঁচনিৰ জৰিয়তে ভাল পৰিমাণ যোগ কৰিব পাৰে। এই আঁচনিৰ জৰিয়তে আপুনিও কৰ সুবিধা লাভ কৰিব পাৰিব।


কৰ সঞ্চয়ৰ দৃষ্টিকোণৰ পৰাও পিপিএফক উন্নত আঁচনি বুলি গণ্য কৰা হয়। ইয়াত প্ৰতি বছৰে জমা কৰা ধনৰ ওপৰত কোনো কৰ নাথাকে, প্ৰতি বছৰে এই ধনৰ ওপৰত লাভ কৰা সুত আৰু মেচিউৰিটিৰ সময়ত লাভ কৰা সমগ্ৰ ধনৰাশি কৰমুক্ত।

Post Office Saving Schemes for Boy Child in India

যদি আপুনি ইচ্ছা কৰে তেন্তে প্ৰতিদিনে নূন্যতম পৰিমানৰ ধন সঞ্চয় কৰি ডাঙৰ ধন ৰাহি কৰিব পাৰিব। যদি আপুনি প্ৰতিমাহে ৭৫০০ টকা বিনিয়োগ কৰে তেন্তে প্ৰতিদিনে ২৫০ টকা ৰাহি কৰিব লাগিব। সেই অনুসৰি আপুনি পিপিএফ আঁচনিত বছৰি ৯০ হাজাৰ টকা বিনিয়োগ কৰিব। পিপিএফ হৈছে ১৫ বছৰীয়া আঁচনি। এনে পৰিস্থিতিত যদি আপুনি পিপিএফ কেলকুলেটৰ অনুসৰি হিচাপ কৰে তেন্তে ৯০ হাজাৰ টকাৰ ভিত্তিত আপুনি ১৫ বছৰত মুঠ ১৩,৫০,০০০ টকা বিনিয়োগ কৰিব। ইয়াৰ ওপৰত আপুনি ৭.১ শতাংশ হাৰত সুত হিচাপে ১০,৯০,৯২৬ টকা পাব আৰু ১৫ বছৰৰ পাছত ২৪,৪০,৯২৬ টকা পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement