--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত সমাজৰ আদৰ্শ হৈ পৰিছে দুগৰাকী ভগ্নী। দুয়ো মিলি এটা কোঠাতে বেকাৰী ব্যৱসায় আৰম্ভ কৰিছিল, যিটো আজি এক ডাঙৰ ব্যৱসায়ত পৰিণত হৈছে। সমগ্ৰ দেশতে ইয়াৰ বহু ষ্ট’ৰ মুকলি হৈছে। হাজাৰ হাজাৰ কৰ্মচাৰী এই কোম্পানীটোৰ সৈতে জড়িত। আমি ‘Theobroma’ নামৰ কোম্পানীৰ কথা কৈছোঁ, যিটো ভাৰতৰ অন্যতম জনপ্ৰিয় বেকাৰী ব্ৰেণ্ড। ২০০৪ চনত কেনাজ আৰু টিনা নামৰ এহাল ভগ্নীয়ে আৰম্ভ কৰিছিল এই কোম্পানী।


মুম্বাইত বাস কৰা দুই ভগ্নীয়ে ২০০৪ চনত পিতৃৰ পৰা ঋণ লৈ এটা সৰু কোঠাত বেকাৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল। এই ব্যৱসায় ইমান দ্ৰুতগতিত বৃদ্ধি পালে যে আজি ই ভাৰতৰ অন্যতম বৃহৎ বেকাৰী ব্ৰেণ্ডত পৰিণত হৈছে। সমগ্ৰ দেশতে ইয়াৰ ২২৫টা আউটলেট মুকলি কৰা হৈছে আৰু কোম্পানীটোৰ মূল্য ৩৫০০ কোটি টকা হৈছেগৈ। কেনাজ আৰু টিনা মেছমেনে কোনো ডাঙৰ ব্যৱসায়িক পৰিকল্পনা নোহোৱাকৈ কেৱল নিজৰ আবেগৰ ওপৰত ভিত্তি কৰি ইমান ডাঙৰ ব্যৱসায় গঢ়ি তুলিছিল।

ইমান ডাঙৰ ব্যৱসায় কেনেকৈ আৰম্ভ কৰিলে?

২০০৪ চনত কেনাজে পিঠিৰ আঘাতৰ বাবে চাকৰি এৰিবলগীয়া হোৱাত ‘Theobroma’ৰ যাত্ৰা আৰম্ভ হৈছিল। তেওঁ আগতে পেষ্ট্ৰি ছেফ হিচাপে কাম কৰিছিল। আগতে তেওঁ মাতৃক বিভিন্ন ধৰণৰ ব্যঞ্জন বনোৱাত সহায় কৰিছিল। ১৬ বছৰ বয়সত ফ্ৰান্স ভ্ৰমণলৈ যোৱাৰ সময়ত তেওঁ সিদ্ধান্ত লৈছিল যে ভৱিষ্যতে তেওঁ চেফ হ’ব। ভাৰতৰ আগশাৰীৰ হোটেল পৰিচালনা প্ৰতিষ্ঠান আই এইচ এম মুম্বাই আৰু অবেৰয় চেণ্টাৰ অৱ লাৰ্নিং এণ্ড ডেভেলপমেণ্ট (অ চি এল ডি) দিল্লীৰ পৰা স্নাতক কেনাজে ২০০৪ চনত প্ৰথমখন থিওব্ৰ’মা পেষ্ট্ৰি দোকান স্থাপন কৰাৰ পূৰ্বে ওবেৰয় উদৈভিলাছত পেষ্ট্ৰি চেফ হিচাপে কাম কৰিছিল।

পিতৃৰ পৰা ধাৰ লৈছিল
ভনীদ্বয়ৰ বেকিং অভিজ্ঞতা ভাল আছিল যদিও বেকাৰী ব্যৱসায় আৰম্ভ কৰিবলৈ তেওঁলোকক মূলধনৰ প্ৰয়োজন আছিল। তাৰপাছত তেওঁলোকৰ দেউতাকে দুয়োকে সহায় কৰিলে। এই ব্যৱসায় আৰম্ভ কৰিবলৈ পিতৃয়ে ১.৫ কোটি টকাৰ প্ৰাৰম্ভিক মূলধন বিনিয়োগ কৰিছিল। তেওঁৰ আৰম্ভণি সম্পূৰ্ণৰূপে শূন্যৰ পৰা নাছিল, কিয়নো তেওঁলোকে ইতিমধ্যে ঘৰতে বেকিং কৰি আছিল আৰু ব্যৱসায়টো আগুৱাই নিবলৈ এই মূলধনৰ প্ৰয়োজন আছিল।

কোম্পানীটোৰ নাম কেনেকৈ ৰখা হ’ল?

কোম্পানীটোৰ নামৰ আঁৰৰ কাহিনীটোও অতি আকৰ্ষণীয়। ২০০৪ চনৰ দছেৰাৰ দিনা মুম্বাইৰ কোলাবাত ভগ্নীদ্বয়ৰ প্ৰথমটো আউটলেট মুকলি কৰা হৈছিল। বেকাৰীখনৰ বাবে এটা আকৰ্ষণীয় নাম বিচাৰি আছিল দুয়ো। এনে পৰিস্থিতিত তেওঁৰ এজন বন্ধুৱে তেওঁক Theobroma নাম দিছিল, যিটো গ্ৰীক শব্দ theos (God) আৰু broma (খাদ্য) শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে ‘দেৱতাৰ খাদ্য’। এনে পৰিস্থিতিত এই নামটো সকলোৱে বৰ ভাল পাইছিল আৰু এই কোম্পানীটোৰ নাম ৰখা হৈছিল Theobroma।

কেনাজ আৰু টিনাৰ কষ্ট, অধ্যৱসায়, কৰ্মনিষ্ঠা, দায়বদ্ধতাৰ বাবে অতি কম সময়ৰ ভিতৰতে ৩৫০০ কোটি টকাৰ কোম্পানীত পৰিণত হয় Theobroma।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ