--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত সমাজৰ আদৰ্শ হৈ পৰিছে দুগৰাকী ভগ্নী। দুয়ো মিলি এটা কোঠাতে বেকাৰী ব্যৱসায় আৰম্ভ কৰিছিল, যিটো আজি এক ডাঙৰ ব্যৱসায়ত পৰিণত হৈছে। সমগ্ৰ দেশতে ইয়াৰ বহু ষ্ট’ৰ মুকলি হৈছে। হাজাৰ হাজাৰ কৰ্মচাৰী এই কোম্পানীটোৰ সৈতে জড়িত। আমি ‘Theobroma’ নামৰ কোম্পানীৰ কথা কৈছোঁ, যিটো ভাৰতৰ অন্যতম জনপ্ৰিয় বেকাৰী ব্ৰেণ্ড। ২০০৪ চনত কেনাজ আৰু টিনা নামৰ এহাল ভগ্নীয়ে আৰম্ভ কৰিছিল এই কোম্পানী।


মুম্বাইত বাস কৰা দুই ভগ্নীয়ে ২০০৪ চনত পিতৃৰ পৰা ঋণ লৈ এটা সৰু কোঠাত বেকাৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল। এই ব্যৱসায় ইমান দ্ৰুতগতিত বৃদ্ধি পালে যে আজি ই ভাৰতৰ অন্যতম বৃহৎ বেকাৰী ব্ৰেণ্ডত পৰিণত হৈছে। সমগ্ৰ দেশতে ইয়াৰ ২২৫টা আউটলেট মুকলি কৰা হৈছে আৰু কোম্পানীটোৰ মূল্য ৩৫০০ কোটি টকা হৈছেগৈ। কেনাজ আৰু টিনা মেছমেনে কোনো ডাঙৰ ব্যৱসায়িক পৰিকল্পনা নোহোৱাকৈ কেৱল নিজৰ আবেগৰ ওপৰত ভিত্তি কৰি ইমান ডাঙৰ ব্যৱসায় গঢ়ি তুলিছিল।

ইমান ডাঙৰ ব্যৱসায় কেনেকৈ আৰম্ভ কৰিলে?

২০০৪ চনত কেনাজে পিঠিৰ আঘাতৰ বাবে চাকৰি এৰিবলগীয়া হোৱাত ‘Theobroma’ৰ যাত্ৰা আৰম্ভ হৈছিল। তেওঁ আগতে পেষ্ট্ৰি ছেফ হিচাপে কাম কৰিছিল। আগতে তেওঁ মাতৃক বিভিন্ন ধৰণৰ ব্যঞ্জন বনোৱাত সহায় কৰিছিল। ১৬ বছৰ বয়সত ফ্ৰান্স ভ্ৰমণলৈ যোৱাৰ সময়ত তেওঁ সিদ্ধান্ত লৈছিল যে ভৱিষ্যতে তেওঁ চেফ হ’ব। ভাৰতৰ আগশাৰীৰ হোটেল পৰিচালনা প্ৰতিষ্ঠান আই এইচ এম মুম্বাই আৰু অবেৰয় চেণ্টাৰ অৱ লাৰ্নিং এণ্ড ডেভেলপমেণ্ট (অ চি এল ডি) দিল্লীৰ পৰা স্নাতক কেনাজে ২০০৪ চনত প্ৰথমখন থিওব্ৰ’মা পেষ্ট্ৰি দোকান স্থাপন কৰাৰ পূৰ্বে ওবেৰয় উদৈভিলাছত পেষ্ট্ৰি চেফ হিচাপে কাম কৰিছিল।

পিতৃৰ পৰা ধাৰ লৈছিল
ভনীদ্বয়ৰ বেকিং অভিজ্ঞতা ভাল আছিল যদিও বেকাৰী ব্যৱসায় আৰম্ভ কৰিবলৈ তেওঁলোকক মূলধনৰ প্ৰয়োজন আছিল। তাৰপাছত তেওঁলোকৰ দেউতাকে দুয়োকে সহায় কৰিলে। এই ব্যৱসায় আৰম্ভ কৰিবলৈ পিতৃয়ে ১.৫ কোটি টকাৰ প্ৰাৰম্ভিক মূলধন বিনিয়োগ কৰিছিল। তেওঁৰ আৰম্ভণি সম্পূৰ্ণৰূপে শূন্যৰ পৰা নাছিল, কিয়নো তেওঁলোকে ইতিমধ্যে ঘৰতে বেকিং কৰি আছিল আৰু ব্যৱসায়টো আগুৱাই নিবলৈ এই মূলধনৰ প্ৰয়োজন আছিল।

কোম্পানীটোৰ নাম কেনেকৈ ৰখা হ’ল?

কোম্পানীটোৰ নামৰ আঁৰৰ কাহিনীটোও অতি আকৰ্ষণীয়। ২০০৪ চনৰ দছেৰাৰ দিনা মুম্বাইৰ কোলাবাত ভগ্নীদ্বয়ৰ প্ৰথমটো আউটলেট মুকলি কৰা হৈছিল। বেকাৰীখনৰ বাবে এটা আকৰ্ষণীয় নাম বিচাৰি আছিল দুয়ো। এনে পৰিস্থিতিত তেওঁৰ এজন বন্ধুৱে তেওঁক Theobroma নাম দিছিল, যিটো গ্ৰীক শব্দ theos (God) আৰু broma (খাদ্য) শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে ‘দেৱতাৰ খাদ্য’। এনে পৰিস্থিতিত এই নামটো সকলোৱে বৰ ভাল পাইছিল আৰু এই কোম্পানীটোৰ নাম ৰখা হৈছিল Theobroma।

কেনাজ আৰু টিনাৰ কষ্ট, অধ্যৱসায়, কৰ্মনিষ্ঠা, দায়বদ্ধতাৰ বাবে অতি কম সময়ৰ ভিতৰতে ৩৫০০ কোটি টকাৰ কোম্পানীত পৰিণত হয় Theobroma।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ