--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্লাষ্টিকৰ বটলত পানী খালে পিয়াহ দূৰ হয়, কিন্তু ইয়াৰ ফলত শৰীৰৰ ওপৰত বহুতো কুপ্ৰভাৱ পৰিব পাৰে। ইয়াৰ কাৰণ হ’ল বটলত পানী খোৱা অভ্যাসে শৰীৰলৈ অতি সহজেই পানীৰ লগত মাইক্ৰপ্লাষ্টিকবোৰো প্ৰৱেশ ঘটাব পাৰে। মাইক্ৰ’প্লাষ্টিক হৈছে প্লাষ্টিকৰ সৰু সৰু টুকুৰা, যিবোৰ ৫ মিলিমিটাৰতকৈও সৰু। প্লাষ্টিক হোৱাৰ বাবে এই টুকুৰাবোৰ শৰীৰত সহজে হজম নহয় আৰু শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে।

 যদিও মাইক্ৰ’প্লাষ্টিক আৰু গুৰুতৰ ৰোগৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক থকাৰ কোনো প্ৰমাণ পোৱা নাই। কিন্তু গৱেষকসকলে কয় যে ইয়াৰ প্ৰভাৱ শৰীৰত বহুদিনৰ পাছতহে দেখা যায়। ইয়াৰ মূল কাৰণ হ’ল প্লাষ্টিক তৈয়াৰ কৰাত বহু ধৰণে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত এনে বহুতো ৰাসায়নিক পদাৰ্থ আছে, যিবোৰে মানুহৰ শৰীৰত গুৰুতৰ ৰোগৰ সৃষ্টি কৰে।

 WHOয়েও সকীয়াই দিছে-

পানীৰ বটলত ১ মিলিমিটাৰতকৈ কম মাইক্ৰ’প্লাষ্টিক থাকে, যিবোৰ বটলৰ সামগ্ৰী, বটলৰ ঢাকনি আদি পৰা পোৱা যায়। বিশ্ব স্বাস্থ্য সংস্থায়ো সকীয়াই দিছে যে মাইক্ৰ’প্লাষ্টিক অতি বিপজ্জনক, কাৰণ ই সহজে শৰীৰত প্ৰৱেশ ঘটে আৰু বহুতো গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে।

 শৰীৰৰ কি ক্ষতি?

মাইক্ৰ’প্লাষ্টিকে অন্ত্ৰ, যকৃতৰ দৰে গুৰুত্বপূৰ্ণ অংগসমূহৰ ক্ষতি কৰিব পাৰে। ইয়াৰ বাবেই কেন্সাৰ হোৱাৰ আশংকা বৃদ্ধি হয়। বটল উৎপাদনত ব্যৱহৃত প্লাষ্টিচাইজাৰ, ষ্টেবিলাইজাৰ আৰু পিগমেণ্টৰ দৰে যৌগসমূহ মাইক্ৰ’প্লাষ্টিকৰ দ্বাৰা নিৰ্গত হয়। এইবোৰে তেজৰ সোঁতৰ সৈতে আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ অতি সহজেই প্ৰৱেশ ঘটিব পাৰে।

 এই ৰাসায়নিক পদাৰ্থসমূহৰ সৈতে স্বাস্থ্যজনিত সমস্যা যেনে-প্ৰদাহ, জিন’টক্সিচিটি, অক্সিডেটিভ চাপ আৰু গেষ্ট্ৰাইটিছ নলীৰ ক্ষতিৰ সম্পৰ্ক আছে। বটলত ভৰোৱা পানীৰ পেকেজিঙৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক পদাৰ্থক প্ৰদূষক আৰু ইডিএছ বুলি জনা যায়, যিয়ে কেন্সাৰ আৰু গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ