--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জ্যোতিপ্ৰসাদে 'বিশ্ব বিজয় নৱজোৱান' গীতটি চতিয়াতে ৰচনা কৰি সুৰ দি মৃত্যু বাহিনীৰ দ্বাৰা গোৱাই বিপ্লৱৰ পণ গ্ৰহণ কৰোৱাইছিল।

ডিজিটেল ডেস্ক : ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়ত চতিয়াত সংগ্ৰামৰ অগনি তুংগত উঠিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত গঠন হোৱা মৃত্যু বাহিনীত চতিয়া, জামুগুৰি, বিশ্বনাথ আদি অঞ্চলৰ পৰা শ শ স্বাধীনতাকামী যুৱকে যোগদান কৰিছিল।


জ্যোতিপ্ৰসাদে 'বিশ্ব বিজয় নৱজোৱান' গীতটি চতিয়াতে ৰচনা কৰি সুৰ দি মৃত্যু বাহিনীৰ দ্বাৰা গোৱাই বিপ্লৱৰ পণ গ্ৰহণ কৰোৱাইছিল। সেই সময়তে সিদ্ধান্ত লোৱা হৈছিল ব্ৰিটিছ প্রশাসকৰ স্তম্ভ-স্বৰূপ থানা আৰু চৰকাৰী কাৰ্যালয়ত উৰি থকা ইউনিয়ন জেক নমাই ত্ৰিৰংগা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামক আগুৱাই নিয়া।


কথা মতেই কাম। সেই সময়ত তেজপুৰ আৰু গহপুৰৰ মাজৰ একমাত্ৰ থানা চতিয়া থানাত ১৯৪২ৰ ২০ আগষ্টত সংগোপনে ত্ৰিৰংগা উত্তোলনৰ পৰিকল্পনা কৰিছিল। পৰিকল্পনা অনুসৰিয়েই চতিয়াৰ স্বাধীনতাকামী ৰাইজে ঐতিহাসিক চতিয়া থানাৰ ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগা পতাকা উত্তোলন কৰি ধ্বনি দিছিল 'বন্দে মাতৰম'।


স্বাধীনতাৰ ভৰপক সময়ত চতিয়াৰ মুক্তিকামী জনতাই ব্রিটিছ শাসকৰ চৰকাৰী ঘাই স্তম্ভ থানাৰ ব্ৰিটিছ ইউনিয়ন জেক নমাই ত্ৰিৰংগা উত্তোলিত ঘটনা দেশৰ ভিতৰতে প্রথম ঘটনা। আঠটা দশক বগৰাৰ চতিয়া থানাৰ ইতিহাস পুনৰীক্ষণৰ সময়ত বিষয়টো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ হয়। পাছত স্বাধীনতা আন্দোলনৰ সোণালী ইতিহাস তথা উল্লেখযোগ্য ঘটনাটো বিভিন্ন সময়ত চর্চিত হৈ আছিল যদিও ই চৰকাৰী স্বীকৃতি লাভ কৰা নাছিল।


২০১৭ চনত তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ঐতিহাসিক চতিয়া থানা গৃহটি সংৰক্ষণ কৰাৰ লগতে 'হেৰিটেজ থানা' ৰূপে স্বীকৃতি প্রদান কৰে। ২০১৮ বৰ্ষৰ সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিল্লীত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ওপৰত চতিয়াৰ ঐতিহাসিক ঘটনাটো তথ্যসহকাৰে দাঙি ধৰি ৰাষ্ট্ৰীয় প্রেক্ষাপটত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। ঐতিহাসিক দিনটো স্মৰণ কৰিবলৈ চতিয়াবাসীয়ে ২০২১ চনৰ পৰা ২০ আগষ্টৰ দিনটো 'চতিয়া দিৱস' হিচাপে পালন কৰাৰ লগতে চৰকাৰী স্বীকৃতিৰ বাবে দাবী তুলি আহিছিল। অধিনিয়ম ৫৪ৰ অধীনত চতিয়া দিৱসক ৰাজ্যিক স্বীকৃতি প্ৰদানৰ এক প্ৰস্তাৱ ২০২৪ চনৰ ২৯ আগষ্টত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিধানসভাত উত্থাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রস্তাৱটো গুৰুত্বসহকাৰে গ্ৰহণ কৰি বিধানসভাত চতিয়া দিৱস ৰাজ্যিকভাৱে উদযাপন কৰা হ'ব বুলি ঘোষণা কৰে।


মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰৰ ৩ ছেপ্টেম্বৰত হোৱা চতিয়াৰ ৰাজহুৱা সভাত 'চতিয়া দিৱস' চৰকাৰীভাৱে পালন কৰা হ'ব বুলি ঘোষণা কৰে। চতিয়াবাসীয়ে ঐতিহাসিক দিনটোৰ স্বীকৃতি প্রদানৰ বাবে মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি জনায়। চতিয়াই লাভকৰা এই বিৰল স্বীকৃতিৰ আঁৰৰ থকা মানুহজন হ'ল বিধায়ক পদ্ম হাজৰিকা। এই স্বীকৃতিৰ বাবে বিধায়কগৰাকীয়ে বিভিন্ন তথ্য সংগ্ৰহৰ উপৰি যথা স্থানত তথ্যসমূহ দাখিল কৰি স্বীকৃতি ত্বৰান্বিত কৰে। অহা ২০ আগষ্ট দিনটো প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৃষ্ঠপোষকতাত চৰকাৰীভাৱে 'চতিয়া দিৱস' উদযাপন কৰা হ'ব। সেইদিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।


চতিয়া দিৱস উদযাপনৰ বাবে ইতিমধ্যে ব্যাপক প্রস্তুতি চলিছে। চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৃহৎ অস্থায়ী পেণ্ডেলৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে। বৃহত্তৰ চতিয়াবাসীয়ে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক প্রস্তুতি চলোৱাৰ লগতে চতিয়া দিৱস উদযাপনক লৈ উৎফুল্ল হৈ পৰা দেখা গৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘোচ লোৱাৰ অভিযোগত লাট মণ্ডলক গ্ৰেপ্তাৰ
১ নৱেম্বৰৰ পৰা দশম শ্ৰেণীৰ শিক্ষার্থীলৈ 'প্ৰেৰণা', মাহে ৩০০ টকাকৈ ছমাহ লাভ কৰিব ধন
গুৱাহাটী বিশ্ববিদ্যালয়ত পোনপ্রথমবাৰৰ বাবে এবিভিপিৰ দাবীত স্নাতক আৰু বি. টেক.ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ভোটাধিকাৰ
বানৰ কবলত গহপুৰ, বিশ্বনাথ, চাৰিদুৱাৰ, ব্ৰহ্মাজান, ছত্ৰং নৈৰ মথাউৰি ছিগি বিস্তীর্ণ অঞ্চল প্লাৱিত
আগষ্টত আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ মহম্মদ ছিৰাজ
চিতাত মুখাগ্নি কৰাৰ পূৰ্বে জী উঠিল মহিলা! পৰিয়ালৰ মাজত হাহাকাৰ
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ ; আজি ফাইনেলত যুঁজিব নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদীম
ধিঙত ভয়ংকৰ দুৰ্ঘটনা! স্কুটীত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ; ভাতৃ-ভগ্নীৰ অৱস্থা সংকটজনক
দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত ; গেংষ্টাৰ ৰোহিত গোদাৰাৰ ভাবুকি