--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাদৰ পহিলা দিনটোৰ পৰাই মহাপুৰুষ দুজনাৰ স্বর্ণিল সংস্কৃতিৰ বর্ণিল ঐতিহ্যৰে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ।

ডিজিটেল ডেস্ক : হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে/প্রেম অমৃতৰ নদী/শ্রীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলে/বহে ব্রহ্মাণ্ডক ভেদি। আৰম্ভ হ'ল পৱিত্র ভাদ মাহ।


ভাদৰ পহিলা দিনটোৰ পৰাই মহাপুৰুষ দুজনাৰ স্বর্ণিল সংস্কৃতিৰ বর্ণিল ঐতিহ্যৰে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ। ভাদ মাহ বুলিলেই শংকৰী দর্শন আৰু আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰসমূহ নাম-প্ৰসংগৰে জীপাল হৈ ভক্তিৰসত বুৰ যায়।


সত্ৰনগৰী মাজুলীৰ প্ৰায় তিনি শতাধিক নামঘৰ আৰু প্রায় ৩৫খন সৰু-ডাঙৰ সত্ৰৰ লগতে ৰাজ্যৰ প্ৰতিটো ৰাজহুৱা নামঘৰত ভাদ মাহৰ নাম-প্ৰসংগৰ ব্যাপক আয়োজন চলিছে। প্ৰতিটো নামঘৰত মাহজোৰা নাম-প্ৰসংগ, ভাগৱত পাঠৰ আয়োজন কৰা হৈছে।


পৱিত্ৰ ভাদ মাহ উপলক্ষে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে প্ৰাতঃ প্রসংগ, নাম-প্রসংগ, ভাগৱত পাঠৰ আয়োজন কৰা হৈছে।


পৱিত্ৰ বটদ্ৰৱা থানত আন সময়ত অনুষ্ঠিত হোৱা চৈধ্য প্ৰসংগৰ লগত ভাদ মাহত আৰু চাৰিটা প্ৰসংগ যোগ হৈ কাহিলিপুৱাৰ পৰা নিশা ৯ বজালৈ ওঠৰ প্ৰসংগৰ নাম অনুষ্ঠিত হয়। গতিকে ভাদ মাহৰ পহিলা দিনটোৰ পৰা শেষৰ তাৰিখলৈ ভকত- বৈষ্ণৱ, আই মাতৃৰ হৰি নাম-কীর্তনেৰে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈ এক নান্দনিক ভক্তি ৰসৰ সূচনা কৰিব।


ইফালে বৰপেটা সত্ৰ, মধুপুৰ সত্ৰতো ভাদ মাহৰ নাম-প্ৰসংগৰ আয়োজন কৰা হৈছে। বিশেষকৈ ভাদ মাহৰ প্ৰতিটো দিনতেই সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰ, আঠখেলীয়া নামঘৰ আৰু শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱালৈ অসংখ্য ভক্তপ্রাণ ৰাইজে ঢাপলি মেলে। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটিবলগীয়া ভকত-বৈষ্ণৱক আদৰিবলৈ নামঘৰ পৰিচালনা সমিতিসমূহে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে।


উল্লেখযোগ্য যে ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া বাৰ মাহৰ এটি পৱিত্ৰ মাহ। জ্যোতিষ শাস্ত্ৰৰ মতেও ভাদ মাহ অতি শক্তিশালী মাহ। এই মাহটোত সিংহ ৰাশিত ৰবি অতি শক্তিশালী হয়। প্রবাদ মতে, ভাদ মাহত মহাপ্রয়াণ ঘটিলে জীৱনটোৱে স্বর্গ প্রাপ্তি তথা মুক্তি লাভ কৰে। ভাদ মাহত জগতগুৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ লগতে তেওঁৰ প্রিয় শিষ্য মাধৱদেৱৰো তিৰোভাৱ তিথি। ভাদ মাহৰ অষ্টমী তিথিত অতি উলহ-মালহ আৰু ভক্তি ভাবেৰে ভগৱান শ্রীকৃষ্ণৰ জন্ম তিথি জন্মাষ্টমী পালন কৰা হয়।


সেইবাবে ভাদ মাহক অসমীয়া সমাজে এক পৱিত্ৰ মাহ হিচাপে গণ্য কৰি আহিছে। পৱিত্ৰ ভাদ মাহত অসমীয়া মানুহৰ ঘৰে ঘৰে গোসাঁইঘৰ, নামঘৰ আদিত আয়তী-নামতীসকলে পৱিত্ৰ অন্তৰেৰে শৰাই, নৈবেদ্য আগবঢ়াই ভগৱানৰ নাম-কীৰ্তন কৰে। গুৰুজনাৰ নাম-কীৰ্তনৰ ধ্বনিয়ে সকলোৰে মনলৈ ভক্তি ভাব আনে। প্রতিগৰাকী অসমীয়াই ভাদ মাহৰ আধ্যাত্মিক শক্তিৰ ওচৰত মূৰ দোঁৱাই মনৰ শান্তি বিচাৰে। যান্ত্রিকতাৰ মাজত অতি ব্যস্ত জীৱন যাপন কৰাজনেও এদিনৰ বাবে হ'লেও এই পৱিত্ৰ মাহটোত নামঘৰলৈ গৈ চাকি-বন্তি জ্বলাই এখন শৰাই আগবঢ়াই পৰিয়ালৰ মংগল কামনা কৰে। এনেদৰেই ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যৰে জীপাল হৈ আজিৰ পৰা সমগ্ৰ মাহতো ভক্তি ৰসত বুৰ যাব ৰাজ্যৰ প্ৰতিখন সত্ৰ, নামঘৰ।


উৎসঃ দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘোচ লোৱাৰ অভিযোগত লাট মণ্ডলক গ্ৰেপ্তাৰ
১ নৱেম্বৰৰ পৰা দশম শ্ৰেণীৰ শিক্ষার্থীলৈ 'প্ৰেৰণা', মাহে ৩০০ টকাকৈ ছমাহ লাভ কৰিব ধন
গুৱাহাটী বিশ্ববিদ্যালয়ত পোনপ্রথমবাৰৰ বাবে এবিভিপিৰ দাবীত স্নাতক আৰু বি. টেক.ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ভোটাধিকাৰ
বানৰ কবলত গহপুৰ, বিশ্বনাথ, চাৰিদুৱাৰ, ব্ৰহ্মাজান, ছত্ৰং নৈৰ মথাউৰি ছিগি বিস্তীর্ণ অঞ্চল প্লাৱিত
আগষ্টত আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ মহম্মদ ছিৰাজ
চিতাত মুখাগ্নি কৰাৰ পূৰ্বে জী উঠিল মহিলা! পৰিয়ালৰ মাজত হাহাকাৰ
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ ; আজি ফাইনেলত যুঁজিব নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদীম
ধিঙত ভয়ংকৰ দুৰ্ঘটনা! স্কুটীত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ; ভাতৃ-ভগ্নীৰ অৱস্থা সংকটজনক
দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত ; গেংষ্টাৰ ৰোহিত গোদাৰাৰ ভাবুকি