--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাকৰ্মীৰ গাফিলতিত মৃত্যু ঘটিল এটি নৱজাতকৰ।

ডিজিটেল ডেস্কঃ কিমান ভয়ংকৰ কাণ্ড সংঘটিত হ’ব পাৰে এখন চৰকাৰী হাস্পতালত। চিকিৎসাকৰ্মীৰ চৰম গাফিলতিৰ পৰিণতিত সংঘটিত হ’ব পাৰে কিমান হৃদয়বিদাৰক ঘটনা। য’ত সুৰক্ষিত নহয় নৱজাতকৰ প্ৰাণ।


গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাকৰ্মীৰ গাফিলতিত মৃত্যু ঘটিল এটি নৱজাতকৰ। গুৰুতৰভাৱে আহত হৈছে আন এটি দেৱশিশু। জিএমছিএইছৰ এনআইচিইউত নৱজাতক ৰখা বিচনাৰ পৰা পৰি মৃত্যু ঘটিছে এটি দেৱশিশুৰ।


হাস্পতালখনৰ এনআইচিইউৰ বিচনাৰ পৰা তলত পৰিছিল দুটা শিশু। ইয়াৰে এটি শিশুৰ ডিঙিত ৰছী লাগি ওলমি মৃত্যু হয়। এনে ভয়ংকৰ ঘটনাই স্বাভাৱিকতে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।


GMCHৰ কৰ্মীৰ চৰম অৱজ্ঞা আৰু অসাৱধানতাৰ বাবেই নৱজাতক সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে ভুক্তভোগী পিতৃ। ঘাতক GMCHত হেৰুৱাবলগা হ’ল কোলাৰ সন্তানক।


পিছে এনে অবিশ্বাস্য আৰু হৃদয়বিদাৰক ঘটনাৰ পাছতো চৰম নিৰ্বিকাৰ স্থিতিত GMCHৰ অধ্যক্ষ ডাঃ অচ্যুৎ চন্দ্ৰ বৈশ্য। এই ঘটনাক এক সাধাৰণ দুৰ্ঘটনা বুলি চৰম গা এৰা দিয়া মন্তব্য অধ্যক্ষজনৰ। GMCHৰ অধ্যক্ষৰ এনে চৰম দায়িত্বহীন মন্তব্যই যেন দুগুণে বঢ়াই তুলিলে ভুক্তভোগীৰ শোক কিম্বা ক্ষোভ। নৱজাতকৰ মৃত্যুৰ এনে ঘটনাক লৈয়ো যেন ন্যূনতম সংবেদনশীলতা নাই অধ্যক্ষজনৰ। এই ভয়ংকৰ ঘটনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্নজন বিৰোধী নেতা।


উল্লেখযোগ্য যে সোমবাৰে নিশা মুখ্যমন্ত্ৰী উপস্থিত হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই তৎপৰ ভঙাগড় আৰক্ষী।DCP মৃণাল ডেকাৰ নেতৃত্বত ঘটনাৰ সৈতে জড়িত কেইবাজনকো আটক কৰি সোধাপোচা আৰক্ষীৰ ।



আনহাতে মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছতেই গ্ৰেপ্তাৰ হ'ব পাৰে NICUৰ কেইবাগৰাকীও চিকিৎসক, নাৰ্চ, কৰ্মচাৰী। ঘোচখোৰ কৰ্মচাৰী বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। ট্ৰ'লি পুলাৰৰ নামত ধন সংগ্ৰহ কৰা কৰ্মচাৰী সোধাপোচা আৰক্ষীৰ । ভুক্তভূগীয়ে ঘোচখোৰ কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক দিছিল অভিযোগ । সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।


ঘোচখোৰ কৰ্মচাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।কৰ্মচাৰীক ৫০০-১০০০ টকা দিলেহে পায় ট্ৰ'লি পুলাৰ আৰু চাহ খোৱাৰ নামত প্ৰতিজন কৰ্মচাৰীক দিব লাগে টকা । নৱজাতকৰ পিতৃ মাতৃৰ পৰা কিদৰে GMCHৰ একাংশ কৰ্মচাৰীয়ে সংগ্ৰহ কৰে টকা সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছে বিৱৰণ ভুক্তভূগীৰ। ইফালে মুখ্যমন্ত্ৰীৰ এই তৎপৰতাক ধন্যবাদ জনালে মৃত নৱজাতকৰ পিতৃয়ে।


এক বিশেষ খবৰ অনুসৰি শীঘ্ৰেই সলনি হ'ব অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য । চৰ্চালৈ আহিছে পূৰ্বৰ GMCH ৰ অধীক্ষক ৰমেন তালুকদাৰ আৰু বাবুল বেজবৰুৱাৰ নাম । ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু