--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিৱৰ্তিত জীৱনশৈলী আৰু দিনটোৰ কঠোৰ পৰিশ্ৰমৰ বাবে নিশা ভালদৰে টোপনি অহাটো অতি প্ৰয়োজন। এনে অৱস্থাত যদি টোপনি সম্পূৰ্ণ নহয়, তেন্তে স্বাস্থ্যৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱে দেখা দিয়ে। গোটেই দিনটো অফিচত কাম কৰি ভাগৰুৱা হৈ থকাৰ পাছতো নিশা ভালদৰে টোপনি নাযায়। কিছু সময় টোপনি অহাৰ পাছতেই মাজনিশা বাৰে বাৰে টোপনি ভাঙি যায়। ইয়াৰ প্ৰভাৱ কৰ্ম ক্ষমতাৰ ওপৰতো পৰিবলৈ আৰম্ভ কৰে। যদি আপুনিও টোপনিৰ লগত জড়িত এনে সমস্যাৰ সন্মুখীন হৈছে, তেন্তে নিশ্চিতভাৱে আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে এইসমূহ খাদ্য, যিবোৰে আপোনাক মুক্ত কৰিব পাৰে টোপনি সমস্যাৰ পৰা। জানো আহক কি কি?

 ১. আলমণ্ডঃ-যদি নিশা ভালদৰে টোপনি নাযায়, তেন্তে নিশা শোৱাৰ আগতে দুটা আলমণ্ড খাব লাগে। অলপ সময় অপেক্ষা কৰি অলপ পানী খাই শুই যাওক। আলমণ্ডে পেট ক্ষান্ত কৰি তোলাৰ লগতে পেটত নিৰ্গত হোৱা উপাদানটো নিষ্ক্ৰিয় কৰে আৰু পানীয়ে শুই থকাৰ সময়তো শৰীৰক হাইড্ৰেটেড কৰি ৰাখিব পাৰে। যাৰ ফলত নিশা টোপনি ভাল হয়।

 ২. কেম’মাইন চাহঃ-নিশা শোৱাৰ আগতে এই এন্টিঅক্সিডেন্ট সমৃদ্ধ চাহ খোৱাটে অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। এই চাহত এপিজেনিন থাকে। এপিজেনিনে মানসিক চাপ হ্ৰাস কৰে। যিসকল লোকে নিশা অধিক মানসিক চাপত ভোগে, এই চাহে তেওঁলোকৰ মনত ক্ষান্ত কৰাৰ লগতে ভাল টোপনি আহে।

 ৩. গাখীৰঃ-নিশা শোৱাৰ কমেও আধা ঘণ্টা আগতে এগিলাচ গাখীৰ খাব লাগে। পাৰিলে হালধিৰ গাখীৰ খাব লাগে। ইয়াৰ ফলত কেৱল টোপনি ভাল হোৱাই নহয়, পাছদিনাৰ বাবেও শৰীৰে যথেষ্ট শক্তি আহণৰ কৰে।

 ৪. মাছঃ-আমিষভোজীসকলৰ বাবে মাছো এটা ভাল বিকল্প। যদিও মাছ নিশা দেৰিকৈ খাব নালাগে, বৰঞ্চ নিশাৰ আহাৰত মাছ খাব পাৰে। ভজা বা টেঙা তৰকাৰীত বনোৱা মাছৰ পৰিৱৰ্তে টিক্কাৰ ৰূপত বনোৱা মাছ খাবলৈ ভাল। ইয়াত থকা ভিটামিন-ডি আৰু ওমেগা-থ্ৰী প্ৰটিনৰ বাবে ভাল নিশা ভালদৰে টোপনি আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ