--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিৱৰ্তিত জীৱনশৈলী আৰু দিনটোৰ কঠোৰ পৰিশ্ৰমৰ বাবে নিশা ভালদৰে টোপনি অহাটো অতি প্ৰয়োজন। এনে অৱস্থাত যদি টোপনি সম্পূৰ্ণ নহয়, তেন্তে স্বাস্থ্যৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱে দেখা দিয়ে। গোটেই দিনটো অফিচত কাম কৰি ভাগৰুৱা হৈ থকাৰ পাছতো নিশা ভালদৰে টোপনি নাযায়। কিছু সময় টোপনি অহাৰ পাছতেই মাজনিশা বাৰে বাৰে টোপনি ভাঙি যায়। ইয়াৰ প্ৰভাৱ কৰ্ম ক্ষমতাৰ ওপৰতো পৰিবলৈ আৰম্ভ কৰে। যদি আপুনিও টোপনিৰ লগত জড়িত এনে সমস্যাৰ সন্মুখীন হৈছে, তেন্তে নিশ্চিতভাৱে আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে এইসমূহ খাদ্য, যিবোৰে আপোনাক মুক্ত কৰিব পাৰে টোপনি সমস্যাৰ পৰা। জানো আহক কি কি?

 ১. আলমণ্ডঃ-যদি নিশা ভালদৰে টোপনি নাযায়, তেন্তে নিশা শোৱাৰ আগতে দুটা আলমণ্ড খাব লাগে। অলপ সময় অপেক্ষা কৰি অলপ পানী খাই শুই যাওক। আলমণ্ডে পেট ক্ষান্ত কৰি তোলাৰ লগতে পেটত নিৰ্গত হোৱা উপাদানটো নিষ্ক্ৰিয় কৰে আৰু পানীয়ে শুই থকাৰ সময়তো শৰীৰক হাইড্ৰেটেড কৰি ৰাখিব পাৰে। যাৰ ফলত নিশা টোপনি ভাল হয়।

 ২. কেম’মাইন চাহঃ-নিশা শোৱাৰ আগতে এই এন্টিঅক্সিডেন্ট সমৃদ্ধ চাহ খোৱাটে অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। এই চাহত এপিজেনিন থাকে। এপিজেনিনে মানসিক চাপ হ্ৰাস কৰে। যিসকল লোকে নিশা অধিক মানসিক চাপত ভোগে, এই চাহে তেওঁলোকৰ মনত ক্ষান্ত কৰাৰ লগতে ভাল টোপনি আহে।

 ৩. গাখীৰঃ-নিশা শোৱাৰ কমেও আধা ঘণ্টা আগতে এগিলাচ গাখীৰ খাব লাগে। পাৰিলে হালধিৰ গাখীৰ খাব লাগে। ইয়াৰ ফলত কেৱল টোপনি ভাল হোৱাই নহয়, পাছদিনাৰ বাবেও শৰীৰে যথেষ্ট শক্তি আহণৰ কৰে।

 ৪. মাছঃ-আমিষভোজীসকলৰ বাবে মাছো এটা ভাল বিকল্প। যদিও মাছ নিশা দেৰিকৈ খাব নালাগে, বৰঞ্চ নিশাৰ আহাৰত মাছ খাব পাৰে। ভজা বা টেঙা তৰকাৰীত বনোৱা মাছৰ পৰিৱৰ্তে টিক্কাৰ ৰূপত বনোৱা মাছ খাবলৈ ভাল। ইয়াত থকা ভিটামিন-ডি আৰু ওমেগা-থ্ৰী প্ৰটিনৰ বাবে ভাল নিশা ভালদৰে টোপনি আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু