--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লক্ষ্যণীয়ভাৱে এই সমূহ সুৰা প্ৰতিষ্ঠানে প্ৰতি গাড়ী সুৰাৰ বিনিময়ত হাৰমতী আবকাৰীত নীতিগতভাৱেই কৰি যায় পঞ্জীয়ন।

ডিজিটেল ডেস্ক: অৰুণাচলী সুৰাই দখল কৰিছে অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্ত৷ নিতৌ ন ন কৌশলেৰে সুৰা সৰবৰাহ কৰে সুৰা মাফিয়াই৷ প্ৰশ্ন উঠিছে চৰকাৰৰ বিয়াগোম এটা বিভাগ থকাৰ পাছতো কেনেকৈ সম্ভৱ হয় এই অৰুনাচলী সুৰাৰ অবৈধ বেহাৰ। কোন কোন জড়িত এই সুৰা সাম্ৰাজ্যৰ লগত?


সৰবৰাহকাৰীৰ নিত্য নতুন কৌশল দেখিলে আপোনাৰো চকু কপালত উঠিব। কেতিয়াবা যদি চিমেণ্টৰ বেগেৰে ঢাকি ট্ৰাকত নিয়ে আন কেতিয়াবা আকৌ তেলৰ ট্ৰেংকাৰত তেলৰ সলনি লৈ যায় সুৰা। এতিয়া সৰবৰাহকাৰীৰ নতুন কৌশল বিলাসী বাহন।


সৰু বৰ ব্যক্তিগত বিলাসী বাহনত বিশেষ কৌশলেৰে লৈ যায় বহু লক্ষাধিক টকাৰ অৰুণাচলী সুৰা। লক্ষ্যস্থান বিহাৰ-পশ্চিমবংগ অথবা ভূটান নাগালেণ্ড। এই সুৰা সাম্ৰাজ্যৰ গেংটোৱে অসমৰ ভিন্ন প্ৰান্তলৈ অনায়াসে সৰবৰাহ কৰে অৰুণাচলী সুৰা। সুৰা নিষিদ্ধ সত্ৰ নগৰী মাজুলীলৈ দৈনিক সৰবৰাহ হয় সুৰা৷ 


প্ৰশ্ন উঠিছে কোন কোন জড়িত এই অবৈধ সুৰা সৰবৰাহৰ লগত? কাৰ ছত্ৰছায়াত গঢ় লৈ উঠিছে এই সুৰাৰ ৰমৰমীয়া বেহা। অৰুণাচল প্ৰদেশত অধিক কম মূল্যত ক্ৰয় কৰা মদেৰে কোনে চলাইছে এই বেহা ।

চালানসমূহ পৰীক্ষা কৰি দেখা যায় যে উল্লেখিত পথ নিৰ্দেশনা বান্দৰদেৱাৰ পৰা লখিমপুৰ ধেমাজি জোনাই ৰুকচিন গেট হৈ অৰুণাচল প্ৰদেশৰ পাচিঘাটলৈ । কিন্তু লক্ষনীয়ভাৱে পথ নিৰ্দেশনা ভংগ কৰি আৰক্ষীৰ চকুত ধূলি দি বগীবিল দলং পাৰ হৈ ডিব্ৰুগড়, শিৱসাগৰ হৈ লৈ যায় নাগালেণ্ডলৈ। অন্যহাতে বান্দৰদেৱাৰ পৰা গহপুৰ বিশ্বনাথ হৈ ভালুকপুঙেৰে অৰুণাচল সোমোৱাৰ চালান লৈ গুচি যায় ভূটান, বিহাৰ, গুৱাহাটী আদি ঠাইলৈ। 


লক্ষ্যণীয়ভাৱে এই সমূহ সুৰা প্ৰতিষ্ঠানে প্ৰতি গাড়ী সুৰাৰ বিনিময়ত হাৰমতী আবকাৰীত নীতিগতভাৱেই কৰি যায় পঞ্জীয়ন। যাৰ বাবে নিমাত হাৰমতী আবকাৰী অথবা বান্দৰদেৱা আৰক্ষী। অন্যহাতে কোনোধৰণৰ চালান অবিহনে বিশেষ বিশেষ সুযোগ গ্ৰহণ কৰি বান্দৰদেৱাৰ সুৰাৰ বিপনীসমূহে বিলাসী বাহনেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে অৰুণাচলী সুৰা। 


তাৎপৰ্যপূৰ্ণভাৱে প্ৰায় এক কিলোমিটাৰজোৰা এই ঠাইখিনিত গঢ়ি উঠিছে ৪০খন অৰুণাচলী সুৰাৰ বিপণী। কেনেকৈ সম্ভৱ হৈ উঠিছে ইখনৰ পিছত সিখন সুৰা বিপনীৰ অনুজ্ঞাপত্ৰৰ। অৰুণাচল চৰকাৰৰ ভূমিকাত ক্ষুণ্ণ সাধাৰণ জনতা। এইক্ষেত্ৰত কি কয় দল সংগঠনে? কিমান বক্ৰ পথেৰে অবৈধ অৰুণাচলী সুৰা বহি ৰাজ্যলৈ সৰবৰাহ কৰে এই সুৰা প্ৰতিষ্ঠানে আৰু কোন কোন জড়িত এই অবৈধ সুৰা সৰবৰাহৰ লগত? সেয়া গভীৰ প্ৰশ্ন হৈ ধৰা দিছে জনসাধাৰণৰ মনত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু