--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লক্ষ্যণীয়ভাৱে এই সমূহ সুৰা প্ৰতিষ্ঠানে প্ৰতি গাড়ী সুৰাৰ বিনিময়ত হাৰমতী আবকাৰীত নীতিগতভাৱেই কৰি যায় পঞ্জীয়ন।

ডিজিটেল ডেস্ক: অৰুণাচলী সুৰাই দখল কৰিছে অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্ত৷ নিতৌ ন ন কৌশলেৰে সুৰা সৰবৰাহ কৰে সুৰা মাফিয়াই৷ প্ৰশ্ন উঠিছে চৰকাৰৰ বিয়াগোম এটা বিভাগ থকাৰ পাছতো কেনেকৈ সম্ভৱ হয় এই অৰুনাচলী সুৰাৰ অবৈধ বেহাৰ। কোন কোন জড়িত এই সুৰা সাম্ৰাজ্যৰ লগত?


সৰবৰাহকাৰীৰ নিত্য নতুন কৌশল দেখিলে আপোনাৰো চকু কপালত উঠিব। কেতিয়াবা যদি চিমেণ্টৰ বেগেৰে ঢাকি ট্ৰাকত নিয়ে আন কেতিয়াবা আকৌ তেলৰ ট্ৰেংকাৰত তেলৰ সলনি লৈ যায় সুৰা। এতিয়া সৰবৰাহকাৰীৰ নতুন কৌশল বিলাসী বাহন।


সৰু বৰ ব্যক্তিগত বিলাসী বাহনত বিশেষ কৌশলেৰে লৈ যায় বহু লক্ষাধিক টকাৰ অৰুণাচলী সুৰা। লক্ষ্যস্থান বিহাৰ-পশ্চিমবংগ অথবা ভূটান নাগালেণ্ড। এই সুৰা সাম্ৰাজ্যৰ গেংটোৱে অসমৰ ভিন্ন প্ৰান্তলৈ অনায়াসে সৰবৰাহ কৰে অৰুণাচলী সুৰা। সুৰা নিষিদ্ধ সত্ৰ নগৰী মাজুলীলৈ দৈনিক সৰবৰাহ হয় সুৰা৷ 


প্ৰশ্ন উঠিছে কোন কোন জড়িত এই অবৈধ সুৰা সৰবৰাহৰ লগত? কাৰ ছত্ৰছায়াত গঢ় লৈ উঠিছে এই সুৰাৰ ৰমৰমীয়া বেহা। অৰুণাচল প্ৰদেশত অধিক কম মূল্যত ক্ৰয় কৰা মদেৰে কোনে চলাইছে এই বেহা ।

চালানসমূহ পৰীক্ষা কৰি দেখা যায় যে উল্লেখিত পথ নিৰ্দেশনা বান্দৰদেৱাৰ পৰা লখিমপুৰ ধেমাজি জোনাই ৰুকচিন গেট হৈ অৰুণাচল প্ৰদেশৰ পাচিঘাটলৈ । কিন্তু লক্ষনীয়ভাৱে পথ নিৰ্দেশনা ভংগ কৰি আৰক্ষীৰ চকুত ধূলি দি বগীবিল দলং পাৰ হৈ ডিব্ৰুগড়, শিৱসাগৰ হৈ লৈ যায় নাগালেণ্ডলৈ। অন্যহাতে বান্দৰদেৱাৰ পৰা গহপুৰ বিশ্বনাথ হৈ ভালুকপুঙেৰে অৰুণাচল সোমোৱাৰ চালান লৈ গুচি যায় ভূটান, বিহাৰ, গুৱাহাটী আদি ঠাইলৈ। 


লক্ষ্যণীয়ভাৱে এই সমূহ সুৰা প্ৰতিষ্ঠানে প্ৰতি গাড়ী সুৰাৰ বিনিময়ত হাৰমতী আবকাৰীত নীতিগতভাৱেই কৰি যায় পঞ্জীয়ন। যাৰ বাবে নিমাত হাৰমতী আবকাৰী অথবা বান্দৰদেৱা আৰক্ষী। অন্যহাতে কোনোধৰণৰ চালান অবিহনে বিশেষ বিশেষ সুযোগ গ্ৰহণ কৰি বান্দৰদেৱাৰ সুৰাৰ বিপনীসমূহে বিলাসী বাহনেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে অৰুণাচলী সুৰা। 


তাৎপৰ্যপূৰ্ণভাৱে প্ৰায় এক কিলোমিটাৰজোৰা এই ঠাইখিনিত গঢ়ি উঠিছে ৪০খন অৰুণাচলী সুৰাৰ বিপণী। কেনেকৈ সম্ভৱ হৈ উঠিছে ইখনৰ পিছত সিখন সুৰা বিপনীৰ অনুজ্ঞাপত্ৰৰ। অৰুণাচল চৰকাৰৰ ভূমিকাত ক্ষুণ্ণ সাধাৰণ জনতা। এইক্ষেত্ৰত কি কয় দল সংগঠনে? কিমান বক্ৰ পথেৰে অবৈধ অৰুণাচলী সুৰা বহি ৰাজ্যলৈ সৰবৰাহ কৰে এই সুৰা প্ৰতিষ্ঠানে আৰু কোন কোন জড়িত এই অবৈধ সুৰা সৰবৰাহৰ লগত? সেয়া গভীৰ প্ৰশ্ন হৈ ধৰা দিছে জনসাধাৰণৰ মনত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ