--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ম’মাই তামুলী বৰবৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ আঁদৰণি সমিতিৰ সভাপতি ড° দীপক চেতিয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দীপ দুৱৰাই।

ডিজিটেল ডেস্ক: বিশিষ্ট ছবি নিৰ্মাতা, পৰিচালক জাহ্নু বৰুৱাক প্ৰদান কৰা হয় ম’মাই তামুলী বৰবৰুৱা বঁটা। টাই আহোম যুৱ পৰিষদ অসমৰ ডিব্ৰুগড় জিলা সমিতিয়ে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বঁটাটি প্ৰদান কৰে। 


ডিব্ৰুগড় আমোলাপট্টি নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট ছবি নিৰ্মাতা জাহ্নু বৰুৱাই এই বঁটা গ্ৰহণ কৰি নিজকে অতি সৌভাগ্যৱান বুলি উল্লেখ কৰি কয়, ‘‘এই বঁটাটি লাভ কৰাৰ পাছত আনন্দ প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই। ম’মাই তামুলী বৰবৰুৱাৰ দৰে ব্যক্তি আমাৰ ডাঙৰ খুঁটি আছিল। আমি ম’মাই তামুলী বৰবৰুৱাক লৈ যথেষ্ট গৌৰৱ কৰোঁ।’’ 


ম’মাই তামুলী বৰবৰুৱাক লৈ আমাৰ যথেষ্ট কৰণীয় আছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। 


ম’মাই তামুলী বৰবৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ আঁদৰণি সমিতিৰ সভাপতি ড° দীপক চেতিয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দীপ দুৱৰাই। 


এই বঁটাৰ লগত আছে জনগোষ্ঠীয় সাজ, ফাৰু, ফ্ৰা চিত, চেলেং, ফুলাম গামোচা, স্মাৰক, সম্বৰ্ধনা পত্ৰ, হেংদাং আৰু নগদ ধন। অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলী, মুখ্য উপদেষ্টা দিলীপ গগৈ, কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়া, যুটীয়া সম্পাদক শোভন কোঁৱৰ, আজীৱন উপদেষ্টা ননী কুমাৰ গগৈ, আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, সম্পাদক ভাস্কৰ বৰগোহাঁই আদি উপস্থিত থাকে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু