--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ম’মাই তামুলী বৰবৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ আঁদৰণি সমিতিৰ সভাপতি ড° দীপক চেতিয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দীপ দুৱৰাই।

ডিজিটেল ডেস্ক: বিশিষ্ট ছবি নিৰ্মাতা, পৰিচালক জাহ্নু বৰুৱাক প্ৰদান কৰা হয় ম’মাই তামুলী বৰবৰুৱা বঁটা। টাই আহোম যুৱ পৰিষদ অসমৰ ডিব্ৰুগড় জিলা সমিতিয়ে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বঁটাটি প্ৰদান কৰে। 


ডিব্ৰুগড় আমোলাপট্টি নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট ছবি নিৰ্মাতা জাহ্নু বৰুৱাই এই বঁটা গ্ৰহণ কৰি নিজকে অতি সৌভাগ্যৱান বুলি উল্লেখ কৰি কয়, ‘‘এই বঁটাটি লাভ কৰাৰ পাছত আনন্দ প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই। ম’মাই তামুলী বৰবৰুৱাৰ দৰে ব্যক্তি আমাৰ ডাঙৰ খুঁটি আছিল। আমি ম’মাই তামুলী বৰবৰুৱাক লৈ যথেষ্ট গৌৰৱ কৰোঁ।’’ 


ম’মাই তামুলী বৰবৰুৱাক লৈ আমাৰ যথেষ্ট কৰণীয় আছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। 


ম’মাই তামুলী বৰবৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ আঁদৰণি সমিতিৰ সভাপতি ড° দীপক চেতিয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দীপ দুৱৰাই। 


এই বঁটাৰ লগত আছে জনগোষ্ঠীয় সাজ, ফাৰু, ফ্ৰা চিত, চেলেং, ফুলাম গামোচা, স্মাৰক, সম্বৰ্ধনা পত্ৰ, হেংদাং আৰু নগদ ধন। অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলী, মুখ্য উপদেষ্টা দিলীপ গগৈ, কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়া, যুটীয়া সম্পাদক শোভন কোঁৱৰ, আজীৱন উপদেষ্টা ননী কুমাৰ গগৈ, আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, সম্পাদক ভাস্কৰ বৰগোহাঁই আদি উপস্থিত থাকে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ