--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পেৰিছ অলিম্পিকৰ সপ্তম দিন। আৰ্চাৰী অংকিতা ভকত আৰু ধীৰাজ বোম্মাদেবাৰা দলীয় মিক্সড শিতানত ছেমি ফাইনেলৰ বাবে যোগ্যতা অর্জন কৰে।আনহাতে পুৰুষৰ হকীত ভাৰতীয় দলে গ্রুপ পর্যায়ৰ শেষৰখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়ার্ধৰ খেলৰ শেষত ৩-১ গলত আগবাঢ়ি আছে। 
 
ইপিনে, শ্বুটিঙত দুটা অলিম্পিক পদক বিজেতা মনু ভাকৰে ২৫ মিটাৰ এয়াৰ পিষ্টল শিতানত ফাইনেলত প্রৱেশ কৰে। গল্ফত শুভংকৰ শৰ্মা আৰু গগনজিৎ ভাল্লাৰৰ প্রতিদ্বন্দ্বিতা অব্যাহত আছে। আনহাতে ৰয়িঙত ভাৰতৰ একমাত্র প্রতিনিধি বলৰাজ পানৱাৰে পুৰুষৰ একক স্কালছ শিতানত শুকুৰবাৰে ফাইনেলত অৱতীর্ণ হৈছে। ইপিনে, বেডমিন্টনত ভাৰতৰ লক্ষ্য সেনে আজি চিনা টাইপেৰ ছৌ টিয়েনচেনৰ বিৰুদ্ধে পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীর্ণ হৈছে। 
আজি সন্ধিয়া চাৰে ৬ বজাত খেলখন অনুষ্ঠিত হৈছে। জুডোত ৭৮ কিলোগ্রামতকৈ ওপৰৰ শাখাত তুলিকা মানে ৩২ সংখ্যক ৰাউণ্ডত পৰাস্ত হৈ প্রতিযোগিতাৰ পৰা বাহিব হয়। এথলেটিকছত অংকিতা ধ্যানী, পাৰিল চৌধাৰী আৰু তাজিন্দৰ পাল সিং টুবে ক্রমে মহিলাৰ ৫ হাজাৰ মিটাৰ কোৱালিফিকেশান ৰাউণ্ড আৰু পুৰুষৰ হটপুটত অৱতীর্ণ হ'ব।

পেৰিছ অলিম্পিকত দেশক প্রথমটো পদক দিয়া মনুই ইতিমধ্যে ১০ মিটাৰ পিষ্টল শাখাত একক আৰু মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰি এখন অলিম্পিকতে দুটাকৈ পদক জয় কৰা প্ৰথম ভাৰতীয় ক্রীড়াবিদ হোৱাৰ যোগ্যতা অর্জন কৰিছে। ভাৰতে ইতিমধ্যে লাভ কৰা তিনিওটা পদক স্কুটিঙতে জয় কৰি অলিম্পিকত এবিধ খেলত সর্বাধিক পদক জয়ৰ নতুন অভিলেখো ভাৰতীয় শ্বুটাৰ দলে গঢ়িছে। ইয়াৰ পূর্বে ২০১২ৰ লণ্ডন আৰু ২০২০ৰ টকিঅ' অলিম্পিকত মল্লযুঁজ তথা ২০১২ত শ্বুটিঙতে ভাৰতে দুটাকৈ পদক লাভ কৰিছিল।

ইফালে, ক্রমাগত দুখন অলিম্পিকত পদক জয় কৰি ভাৰতৰ প্ৰথম মহিলা ক্রীড়াবিদ হোৱাৰ গৌৰৱ অর্জন কৰা বেডমিন্টন খেলুৱৈ পি ভি সিন্ধু চলিত অলিম্পিকৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত বিদায় লয়। যোৱানিশা অনুষ্ঠিত খেলত চীনৰ হি বিং জিয়াঅই ২১-১৯ আৰু ২১-১৪ৰ পোনপটীয়া ব্যৱধানত সিন্ধুক পৰাস্ত কৰে। উল্লেখযোগ্য যে, সিন্ধুই ২০১৬ৰ বিঅ অলিম্পিকত ৰূপ তথা ২০২০ৰ টকিঅ’ অলিম্পিকত ব্ৰহ্মৰ পদক অর্জন কৰিছিল। আনহাতে বৃহস্পতিবাৰে বেডমিন্টনৰ পদক প্রত্যাশী ভাৰতীয় পুৰুষ ডাবল যুটী সাত্বিক আৰু ছিৰাগ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ