--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকৰ পৰা আহিল আন এক ভাল খবৰ। পুৰুষৰ শ্বুটিঙত ভাৰতে লাভ কৰিলে আন এটা ব্ৰঞ্জৰ পদক। বৃহস্পতিবাৰে অনুষ্ঠিত পুৰুষৰ ৫০মিটাৰ শ্বুটিঙত ভাৰতৰ স্বপ্নিল কুছালে তৃতীয় স্থাল দখলেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।  পেৰিছ অলিম্পিকৰ আজি ষষ্ঠটো দিনত স্বপ্নিল কুছালে লাভ কৰা ব্ৰঞ্জৰ পদকৰে ভাৰতে এই পৰ্যন্ত ২০২৪ বৰ্ষৰ অলিম্পিকত লাভ কৰিলে তৃতীয়টো পদক। ৪৫১.৪ পইণ্টৰ স্ক'ৰৰে ব্ৰঞ্জৰ পদক দখল কৰে স্বপ্নিল কুছালে ।

প্ৰণিধানযোগ্য যে ২০১৫ চনত কুৱেইটত অনুষ্ঠিত এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত জুনিয়ৰ শাখাত ৫০ মিটাৰ ৰাইফল প্ৰ’ন ৩ ইভেণ্টত সোণৰ পদক লাভ কৰিছিল স্বপ্নিল কুছালে। ইয়াৰোপৰি তুগলাকাবাদত অনুষ্ঠিত ৫৯ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপতো ৫০ মিটাৰ ৰাইফল প্ৰৱণ ইভেণ্টত জয়লাভ কৰিছিল। তিৰুৱনন্তপুৰমত অনুষ্ঠিত ৬১ সংখ্যক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত কুছালে সফলতাৰ পুনৰাবৃত্তি কৰি ৫০ মিটাৰ ৰাইফলত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে ভাৰতৰত অলিম্পিকৰ ইতিহাসত শ্বুটিঙত প্ৰথমটো পদক আৰু ৰাইফল শ্বুটিঙত তৃতীয়টো পদক। ইয়াৰ পূৰ্বে ২০০৮ চনত বেইজিঙত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত অভিনৱ বিন্দ্ৰাই সোণৰ পদক আৰু ২০১২ চনৰ লণ্ডনত একেখন ইভেণ্টত গগন নাৰঙে ব্ৰঞ্জৰ পদক লাভ কৰিছিল

স্বপ্নিল কুছালৰ পূৰ্বে ভাৰতৰ মনু ভাকেৰে প্ৰথমটো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। মহিলাৰ ১০মিটাৰ শ্বুটিঙত লাভ কৰিছিল ব্ৰঞ্জৰ পদক। ইয়াৰোপৰি মনু ভাকেৰ আৰু সাৰোবজিত সিঙৰ যুটীটোৱেও ৩০জুলাইত শ্বটিঙত দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আনহাতে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে বুধবাৰে অনুষ্ঠিত বক্সিঙৰ ৭৫কেজি শাখাৰ মেচত প্ৰতিদ্বন্দ্বী নৰৱেৰ ছুন্নিভা হফষ্টাদক ৫.০ ব্যৱধান পৰাস্ত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ