--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকৰ পৰা আহিল আন এক ভাল খবৰ। পুৰুষৰ শ্বুটিঙত ভাৰতে লাভ কৰিলে আন এটা ব্ৰঞ্জৰ পদক। বৃহস্পতিবাৰে অনুষ্ঠিত পুৰুষৰ ৫০মিটাৰ শ্বুটিঙত ভাৰতৰ স্বপ্নিল কুছালে তৃতীয় স্থাল দখলেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।  পেৰিছ অলিম্পিকৰ আজি ষষ্ঠটো দিনত স্বপ্নিল কুছালে লাভ কৰা ব্ৰঞ্জৰ পদকৰে ভাৰতে এই পৰ্যন্ত ২০২৪ বৰ্ষৰ অলিম্পিকত লাভ কৰিলে তৃতীয়টো পদক। ৪৫১.৪ পইণ্টৰ স্ক'ৰৰে ব্ৰঞ্জৰ পদক দখল কৰে স্বপ্নিল কুছালে ।

প্ৰণিধানযোগ্য যে ২০১৫ চনত কুৱেইটত অনুষ্ঠিত এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত জুনিয়ৰ শাখাত ৫০ মিটাৰ ৰাইফল প্ৰ’ন ৩ ইভেণ্টত সোণৰ পদক লাভ কৰিছিল স্বপ্নিল কুছালে। ইয়াৰোপৰি তুগলাকাবাদত অনুষ্ঠিত ৫৯ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপতো ৫০ মিটাৰ ৰাইফল প্ৰৱণ ইভেণ্টত জয়লাভ কৰিছিল। তিৰুৱনন্তপুৰমত অনুষ্ঠিত ৬১ সংখ্যক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত কুছালে সফলতাৰ পুনৰাবৃত্তি কৰি ৫০ মিটাৰ ৰাইফলত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে ভাৰতৰত অলিম্পিকৰ ইতিহাসত শ্বুটিঙত প্ৰথমটো পদক আৰু ৰাইফল শ্বুটিঙত তৃতীয়টো পদক। ইয়াৰ পূৰ্বে ২০০৮ চনত বেইজিঙত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত অভিনৱ বিন্দ্ৰাই সোণৰ পদক আৰু ২০১২ চনৰ লণ্ডনত একেখন ইভেণ্টত গগন নাৰঙে ব্ৰঞ্জৰ পদক লাভ কৰিছিল

স্বপ্নিল কুছালৰ পূৰ্বে ভাৰতৰ মনু ভাকেৰে প্ৰথমটো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। মহিলাৰ ১০মিটাৰ শ্বুটিঙত লাভ কৰিছিল ব্ৰঞ্জৰ পদক। ইয়াৰোপৰি মনু ভাকেৰ আৰু সাৰোবজিত সিঙৰ যুটীটোৱেও ৩০জুলাইত শ্বটিঙত দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আনহাতে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে বুধবাৰে অনুষ্ঠিত বক্সিঙৰ ৭৫কেজি শাখাৰ মেচত প্ৰতিদ্বন্দ্বী নৰৱেৰ ছুন্নিভা হফষ্টাদক ৫.০ ব্যৱধান পৰাস্ত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক