--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ক’ভিড পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই। তাৰ মাজতে তৃতীয় লহৰৰ আশংকাও প্ৰকাশ কৰি আহিছে বিশেষজ্ঞসকলে। কিন্তু তাৰ মাজতে ক’ভিডত হ’বপৰা মৃত্যু ৰোধ কৰাৰ মন্ত্ৰ বিচাৰি পাইছে গৱেষকে। দেশত চলিছে বিশ্বৰ ভিতৰতে সৰ্ববৃহত টিকাকৰণ অভিযান। এই অভিযান চলি থকাৰ মাজতে ক’ভিড প্ৰতিষেধকৰ সাফল্য সম্পৰ্কত এক নতুন তথ্য প্ৰকাশ কৰিছে গৱেষকসকলে।

শেহতীয়া এই তথ্যই দিছে আশাৰ বতৰা। এই তথ্য অনুসৰি এপালি ক’ভিড প্ৰতিষেধকেই ৯৬.৬শতাংশ ক’ভিড প্ৰতিৰোধৰ বাবে সক্ষম। আনহাতে দুপালি ক’ভিড প্ৰতিষেধক লোৱাৰ পাছত ই ৯৭.৫শতাংশ প্ৰভাৱশালী হৈ পৰে। কেন্দ্ৰীয় চৰকাৰে বিগত এপ্ৰিল মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত তথ্যৰ আধাৰত এই কথা প্ৰকাশ কৰিছে। চৰকাৰী সূত্ৰই লগতে প্ৰকাশ কৰিছে যে, ক’ভিডৰ সৰ্বনাশী দ্বিতীয় ঢৌত মৃত্যু হোৱা সৰহহসংখ্যক লোকেই আছিল প্ৰতিষেধক গ্ৰহণ নকৰা লোক। চৰকাৰৰ ক’ভিড টাস্ক ফ’ৰ্চৰ মুৰব্বী ভি কে পলে প্ৰকাশ কৰে ‘এই ভাইৰাছক প্ৰতিহত কৰাৰ বাবে টিকাকৰণ হৈছে অতি গুৰুত্বপূৰ্ণ সুৰক্ষা।

দেশত এতিয়া ভেকচিন সুলভ হৈছে আৰু আমি সকলোকে প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। ই এই মহামাৰীৰ বিৰুদ্ধে মৃত্যুক প্ৰতিহত কৰাত আমাক সহায় কৰিব।’ কেন্দ্ৰীয় চৰকাৰে লগতে প্ৰকাশ কৰিছে যে, ব্ৰেকথ্ৰু সংক্ৰমণ বা সম্পূৰ্ণৰূপে টিকাকৰণ কৰা লোকো যে সংক্ৰমিত নহ’ব তেনে কোনো কথা নাই। কিন্তু ইয়াৰ ফলত মৃত্যু হোৱা পৰ্যায় নাপায় আৰু হাস্পতালত ভৰ্তি হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ হাৰো অতি কম হয়। টিকাকৰণ অভিযানক লৈ বিভিন্ন বিতৰ্ক তথা আলোচনা-সমালোচনা চলি থকাৰ মাজতে কেন্দ্ৰৰ এই তথ্য আশাপ্ৰদ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান