--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ক’ভিড পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই। তাৰ মাজতে তৃতীয় লহৰৰ আশংকাও প্ৰকাশ কৰি আহিছে বিশেষজ্ঞসকলে। কিন্তু তাৰ মাজতে ক’ভিডত হ’বপৰা মৃত্যু ৰোধ কৰাৰ মন্ত্ৰ বিচাৰি পাইছে গৱেষকে। দেশত চলিছে বিশ্বৰ ভিতৰতে সৰ্ববৃহত টিকাকৰণ অভিযান। এই অভিযান চলি থকাৰ মাজতে ক’ভিড প্ৰতিষেধকৰ সাফল্য সম্পৰ্কত এক নতুন তথ্য প্ৰকাশ কৰিছে গৱেষকসকলে।

শেহতীয়া এই তথ্যই দিছে আশাৰ বতৰা। এই তথ্য অনুসৰি এপালি ক’ভিড প্ৰতিষেধকেই ৯৬.৬শতাংশ ক’ভিড প্ৰতিৰোধৰ বাবে সক্ষম। আনহাতে দুপালি ক’ভিড প্ৰতিষেধক লোৱাৰ পাছত ই ৯৭.৫শতাংশ প্ৰভাৱশালী হৈ পৰে। কেন্দ্ৰীয় চৰকাৰে বিগত এপ্ৰিল মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত তথ্যৰ আধাৰত এই কথা প্ৰকাশ কৰিছে। চৰকাৰী সূত্ৰই লগতে প্ৰকাশ কৰিছে যে, ক’ভিডৰ সৰ্বনাশী দ্বিতীয় ঢৌত মৃত্যু হোৱা সৰহহসংখ্যক লোকেই আছিল প্ৰতিষেধক গ্ৰহণ নকৰা লোক। চৰকাৰৰ ক’ভিড টাস্ক ফ’ৰ্চৰ মুৰব্বী ভি কে পলে প্ৰকাশ কৰে ‘এই ভাইৰাছক প্ৰতিহত কৰাৰ বাবে টিকাকৰণ হৈছে অতি গুৰুত্বপূৰ্ণ সুৰক্ষা।

দেশত এতিয়া ভেকচিন সুলভ হৈছে আৰু আমি সকলোকে প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। ই এই মহামাৰীৰ বিৰুদ্ধে মৃত্যুক প্ৰতিহত কৰাত আমাক সহায় কৰিব।’ কেন্দ্ৰীয় চৰকাৰে লগতে প্ৰকাশ কৰিছে যে, ব্ৰেকথ্ৰু সংক্ৰমণ বা সম্পূৰ্ণৰূপে টিকাকৰণ কৰা লোকো যে সংক্ৰমিত নহ’ব তেনে কোনো কথা নাই। কিন্তু ইয়াৰ ফলত মৃত্যু হোৱা পৰ্যায় নাপায় আৰু হাস্পতালত ভৰ্তি হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ হাৰো অতি কম হয়। টিকাকৰণ অভিযানক লৈ বিভিন্ন বিতৰ্ক তথা আলোচনা-সমালোচনা চলি থকাৰ মাজতে কেন্দ্ৰৰ এই তথ্য আশাপ্ৰদ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক