--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ সৰ্বশ্ৰেষ্ঠ কাৰিকৰী আৰু চিকিৎসা শিক্ষাৰ প্ৰতিষ্ঠানৰ শীৰ্ষ দহখনৰ তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰত্যাশিতভাৱে এই তালিকাৰ শীৰ্ষত আছে এইমছ আৰু আইআইটি। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় মেডিকেল কলেজৰ প্ৰতিষ্ঠানিক ৰেংকিং ২০২১ত দিল্লীৰ এইমছে দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে।

এইমছৰ পাছত তালিকাত চণ্ডীগড়ৰ পি জি আই এম ই আৰ, ভেলোৰ খ্ৰীষ্ট্ৰিয়ান মেডিকেল কলেজ আৰু বেংগালুৰৰ মেণ্টেল হেল্থ আৰু নিউৰ' ছাইন্সে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰিছে। উল্লেখ্য যে, দিল্লীৰ এইমছে যোৱা বছৰো তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইফালে, কাৰিকৰী প্ৰতিষ্ঠানৰ ক্ষেত্ৰত শীৰ্ষ দহটা স্থানৰ সাতখন আইআইটি প্ৰতিষ্ঠানে স্থান লাভ কৰিবৰ বাবে সক্ষম হয়।

দেশৰ শীৰ্ষ পোন্ধৰখন শিক্ষা প্ৰতিষ্ঠান

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী মাদ্ৰাজ (আই আই টি মাদ্ৰাজ) ভাৰতৰ শ্ৰেষ্ঠ কাৰিকৰী প্ৰতিষ্ঠান হিচাপে বিবেচিত হৈছে। শীৰ্ষ ১৫খন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত স্থান লাভ কৰিছে আইআইটি গুৱাহাটীয়েও। শীৰ্ষ পোন্ধৰখন সামগ্ৰিকভাৱে শ্ৰেষ্ঠ শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামিয়া, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, যাদৱপুৰ বিশ্ববিদ্যালয় মণিপাল একাডেমী অব হায়াৰ এডুকেচন আদিও আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান