--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ সৰ্বশ্ৰেষ্ঠ কাৰিকৰী আৰু চিকিৎসা শিক্ষাৰ প্ৰতিষ্ঠানৰ শীৰ্ষ দহখনৰ তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰত্যাশিতভাৱে এই তালিকাৰ শীৰ্ষত আছে এইমছ আৰু আইআইটি। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় মেডিকেল কলেজৰ প্ৰতিষ্ঠানিক ৰেংকিং ২০২১ত দিল্লীৰ এইমছে দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে।

এইমছৰ পাছত তালিকাত চণ্ডীগড়ৰ পি জি আই এম ই আৰ, ভেলোৰ খ্ৰীষ্ট্ৰিয়ান মেডিকেল কলেজ আৰু বেংগালুৰৰ মেণ্টেল হেল্থ আৰু নিউৰ' ছাইন্সে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰিছে। উল্লেখ্য যে, দিল্লীৰ এইমছে যোৱা বছৰো তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইফালে, কাৰিকৰী প্ৰতিষ্ঠানৰ ক্ষেত্ৰত শীৰ্ষ দহটা স্থানৰ সাতখন আইআইটি প্ৰতিষ্ঠানে স্থান লাভ কৰিবৰ বাবে সক্ষম হয়।

দেশৰ শীৰ্ষ পোন্ধৰখন শিক্ষা প্ৰতিষ্ঠান

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী মাদ্ৰাজ (আই আই টি মাদ্ৰাজ) ভাৰতৰ শ্ৰেষ্ঠ কাৰিকৰী প্ৰতিষ্ঠান হিচাপে বিবেচিত হৈছে। শীৰ্ষ ১৫খন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত স্থান লাভ কৰিছে আইআইটি গুৱাহাটীয়েও। শীৰ্ষ পোন্ধৰখন সামগ্ৰিকভাৱে শ্ৰেষ্ঠ শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামিয়া, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, যাদৱপুৰ বিশ্ববিদ্যালয় মণিপাল একাডেমী অব হায়াৰ এডুকেচন আদিও আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক