--°C
Loading...
Listen to Article
2 min read
80%

অযোধ্যা : দেশৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য সুকলমে চলি আছে। দীঘলীয়া বিতৰ্ক আৰু সংগ্ৰামৰ পাছত এই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে এই ভব্য মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। দেশৰ লক্ষ লক্ষ ভক্তৰ বৰঙণিৰে এই মন্দিৰৰ পুঁজি নিৰ্মাণ হৈছে। শেহতীয়াকৈ প্ৰকাশ পাইছে যে, ২০২৩ চনত এই মন্দিৰ ভক্তৰ বাবে মুকলি কৰি দিয়া সম্ভৱ হ’ব। ৰাম মন্দিৰ ন্যাসৰ বিষয়ববীয়াই এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে যে, ‘২৭ আৰু ২৯ আগষ্টত অনুষ্ঠিত শেহতীয়া পৰ্যালোচনা বৈঠকত নিশ্চত হোৱা গৈছে যে, ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম পৰিকল্পনা মতেই আগবাঢ়িছে।

এনে পৰিপ্ৰেক্ষিতত ২০২৩ চনত ভক্তৰ বাবে মন্দিৰ মুকলি কৰি দিয়াৰ লক্ষ্য পূৰণ হোৱাৰ সম্ভাৱনা আছে। ৰাম মন্দিৰ নিৰ্মাণ ন্যাসে প্ৰকাশ কৰা তথ্য অনুসৰি পাৰকোটাৰ বাহিৰৰ সমগ্ৰ চৌহদৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰি তোলা হৈছে। য’ত দৰ্শনাৰ্থীৰ বাবে সা-সুবিধাযুক্ত অতিথিগৃহ, মিউজিয়াম, অভিলেখাগাৰ, প্ৰেক্ষাগৃহ, গোশালা, যজ্ঞশালা আদি সংযোজিত হৈ থাকিব। এই পৰিকল্পনাত ঐতিহ্যপূৰ্ণ নিৰ্মাণসমূহৰ সংৰক্ষণ আৰু উন্নয়নত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ বেৰত ৩ লাখ কিউবিক ফুট কংক্ৰিট ব্যৱহাৰ কৰা হ’ব।

ইয়াৰ ড্ৰয়িং আৰু ডিজাইন কাৰ্য সম্পূৰ্ণ হৈ উঠিছে বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, মন্দিৰৰ পাৰকোটাত ষ্টিল ব্যৱহাৰ কৰা নহয়। তাৰ সলনি যোধপুৰ শিল ব্যৱহাৰ কৰি ইয়াৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পাৰকোটাৰ আৰ্হিও ইতিমধ্যে চূড়ান্ত কৰা হৈছে। বহু প্ৰতীক্ষিত এই মন্দিৰ নিৰ্মাণ হৈ উঠাৰ পাছত অযোধ্যাৰ পৰ্যটন খণ্ডলৈও ব্যাপক পৰিৱৰ্তন আহিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান