--°C
Loading...
Listen to Article
2 min read
80%

অযোধ্যা : দেশৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য সুকলমে চলি আছে। দীঘলীয়া বিতৰ্ক আৰু সংগ্ৰামৰ পাছত এই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে এই ভব্য মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। দেশৰ লক্ষ লক্ষ ভক্তৰ বৰঙণিৰে এই মন্দিৰৰ পুঁজি নিৰ্মাণ হৈছে। শেহতীয়াকৈ প্ৰকাশ পাইছে যে, ২০২৩ চনত এই মন্দিৰ ভক্তৰ বাবে মুকলি কৰি দিয়া সম্ভৱ হ’ব। ৰাম মন্দিৰ ন্যাসৰ বিষয়ববীয়াই এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে যে, ‘২৭ আৰু ২৯ আগষ্টত অনুষ্ঠিত শেহতীয়া পৰ্যালোচনা বৈঠকত নিশ্চত হোৱা গৈছে যে, ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম পৰিকল্পনা মতেই আগবাঢ়িছে।

এনে পৰিপ্ৰেক্ষিতত ২০২৩ চনত ভক্তৰ বাবে মন্দিৰ মুকলি কৰি দিয়াৰ লক্ষ্য পূৰণ হোৱাৰ সম্ভাৱনা আছে। ৰাম মন্দিৰ নিৰ্মাণ ন্যাসে প্ৰকাশ কৰা তথ্য অনুসৰি পাৰকোটাৰ বাহিৰৰ সমগ্ৰ চৌহদৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰি তোলা হৈছে। য’ত দৰ্শনাৰ্থীৰ বাবে সা-সুবিধাযুক্ত অতিথিগৃহ, মিউজিয়াম, অভিলেখাগাৰ, প্ৰেক্ষাগৃহ, গোশালা, যজ্ঞশালা আদি সংযোজিত হৈ থাকিব। এই পৰিকল্পনাত ঐতিহ্যপূৰ্ণ নিৰ্মাণসমূহৰ সংৰক্ষণ আৰু উন্নয়নত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ বেৰত ৩ লাখ কিউবিক ফুট কংক্ৰিট ব্যৱহাৰ কৰা হ’ব।

ইয়াৰ ড্ৰয়িং আৰু ডিজাইন কাৰ্য সম্পূৰ্ণ হৈ উঠিছে বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, মন্দিৰৰ পাৰকোটাত ষ্টিল ব্যৱহাৰ কৰা নহয়। তাৰ সলনি যোধপুৰ শিল ব্যৱহাৰ কৰি ইয়াৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পাৰকোটাৰ আৰ্হিও ইতিমধ্যে চূড়ান্ত কৰা হৈছে। বহু প্ৰতীক্ষিত এই মন্দিৰ নিৰ্মাণ হৈ উঠাৰ পাছত অযোধ্যাৰ পৰ্যটন খণ্ডলৈও ব্যাপক পৰিৱৰ্তন আহিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক