--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নতুনকৈ জাননীকৃত আঁচনিখনৰ ব্যৱস্থাপনা অনুসৰি যোগ্য খিলঞ্জীয়া কাঁহৰ সামগ্ৰী নির্মাতাসকলে অসম জি এছ টি আইন, ২০১৭-ৰ অধীনত ৰাজ্যিক জি এছ টি (এছ জি এছ টি) নগদ ধনৰ ৰূপত ঘুৰাই পাব।

ডিজিটেল ডেস্কঃ থলুৱা কাঁহ উদ্যোগৰ লগত জড়িতসকলে ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (এছ জি এছ টি) নগদ ধনৰ ৰূপত ঘূৰাই পাব। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত ৰাজ্য চৰকাৰে এই কথা ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে ।


সামগ্ৰী আৰু সেৱা কৰ থলুৱা কাঁহ উদ্যোগৰ বাবে ধন পৰিশোধ) আঁচনি, ২০২৫-ৰ অধিসূচনা জাৰি কৰিছে। থলুৱা কাঁহৰ সামগ্রী প্রস্তুতকাৰী খণ্ডটোলৈ আর্থিক সাহায্য প্রদানৰ লক্ষ্যৰে এই পদক্ষেপ গ্রহণ কৰা হৈছে। এই খণ্ডটো হৈছে ৰাজ্যখনৰ পৰম্পৰাগত হস্তশিল্প উদ্যোগৰ এক উল্লেখযোগ্য অংশ আৰু ই বৰ্তমান তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে।


কাঁহ উদ্যোগটো অসমৰ অন্যতম পুৰণি আৰু সাংস্কৃতিকভাৱে চহকী খণ্ড হোৱাৰ বাবে এই উদ্যোগটোৱে পূৰ্বৰ মূল্য সংযোজিত কৰৰ অধীনত ৰেহাইৰ সুবিধা লাভ কৰিছিল। কিন্তু বৰ্তমানৰ অসম সামগ্ৰী আৰু সেৱা কৰ আইন, ২০১৭-ৰ অধীনত ৰাজ্যিক পৰ্যায়ৰ ৰেহাইৰ সুবিধা দিয়া হোৱা নাই, যাৰ ফলত ক্ষুদ্ৰ আৰু পৰম্পৰাগত। প্রস্তুতকাৰীসকলৰ ওপৰত যথেষ্ট আর্থিক বোজা পৰিছে।


এই প্রত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে বৰ্তমানৰ কৰ গাঁথনিৰ বিৰূপ প্ৰভাৱ লাঘৱ কৰাৰ বাবে এই ধন পৰিশোধ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। নতুনকৈ জাননীকৃত আঁচনিখনৰ ব্যৱস্থাপনা অনুসৰি যোগ্য খিলঞ্জীয়া কাঁহৰ সামগ্ৰী নির্মাতাসকলে অসম জি এছ টি আইন, ২০১৭-ৰ অধীনত ৰাজ্যিক জি এছ টি (এছ জি এছ টি) নগদ ধনৰ ৰূপত ঘুৰাই পাব।


ৰাজ্য চৰকাৰে লোৱা এই আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে পৰম্পৰাগত প্ৰস্তুতকাৰীসকলক বিত্তীয় সাহায্য আগবঢ়োৱা, সমগ্র দেশতে কাঁহৰ সামগ্ৰীৰ প্ৰতিযোগিতামূলক বজাৰ বৃদ্ধি কৰা। কাঁহৰ সামগ্ৰী প্রস্তুতকাৰীসকলক কৰ পৰিকাঠামোৰ ভিতৰত অন্তর্ভুক্ত কৰাৰ সুবিধাৰ জৰিয়তে কৰ পৰিশোধকাৰীসকলক পদক্ষেপে পৰম্পৰাগত উদ্যোগসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ প্ৰতি অসম চৰকাৰৰ দায়বদ্ধতাৰ কথা প্ৰকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু