--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নতুনকৈ জাননীকৃত আঁচনিখনৰ ব্যৱস্থাপনা অনুসৰি যোগ্য খিলঞ্জীয়া কাঁহৰ সামগ্ৰী নির্মাতাসকলে অসম জি এছ টি আইন, ২০১৭-ৰ অধীনত ৰাজ্যিক জি এছ টি (এছ জি এছ টি) নগদ ধনৰ ৰূপত ঘুৰাই পাব।

ডিজিটেল ডেস্কঃ থলুৱা কাঁহ উদ্যোগৰ লগত জড়িতসকলে ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (এছ জি এছ টি) নগদ ধনৰ ৰূপত ঘূৰাই পাব। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত ৰাজ্য চৰকাৰে এই কথা ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে ।


সামগ্ৰী আৰু সেৱা কৰ থলুৱা কাঁহ উদ্যোগৰ বাবে ধন পৰিশোধ) আঁচনি, ২০২৫-ৰ অধিসূচনা জাৰি কৰিছে। থলুৱা কাঁহৰ সামগ্রী প্রস্তুতকাৰী খণ্ডটোলৈ আর্থিক সাহায্য প্রদানৰ লক্ষ্যৰে এই পদক্ষেপ গ্রহণ কৰা হৈছে। এই খণ্ডটো হৈছে ৰাজ্যখনৰ পৰম্পৰাগত হস্তশিল্প উদ্যোগৰ এক উল্লেখযোগ্য অংশ আৰু ই বৰ্তমান তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে।


কাঁহ উদ্যোগটো অসমৰ অন্যতম পুৰণি আৰু সাংস্কৃতিকভাৱে চহকী খণ্ড হোৱাৰ বাবে এই উদ্যোগটোৱে পূৰ্বৰ মূল্য সংযোজিত কৰৰ অধীনত ৰেহাইৰ সুবিধা লাভ কৰিছিল। কিন্তু বৰ্তমানৰ অসম সামগ্ৰী আৰু সেৱা কৰ আইন, ২০১৭-ৰ অধীনত ৰাজ্যিক পৰ্যায়ৰ ৰেহাইৰ সুবিধা দিয়া হোৱা নাই, যাৰ ফলত ক্ষুদ্ৰ আৰু পৰম্পৰাগত। প্রস্তুতকাৰীসকলৰ ওপৰত যথেষ্ট আর্থিক বোজা পৰিছে।


এই প্রত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে বৰ্তমানৰ কৰ গাঁথনিৰ বিৰূপ প্ৰভাৱ লাঘৱ কৰাৰ বাবে এই ধন পৰিশোধ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। নতুনকৈ জাননীকৃত আঁচনিখনৰ ব্যৱস্থাপনা অনুসৰি যোগ্য খিলঞ্জীয়া কাঁহৰ সামগ্ৰী নির্মাতাসকলে অসম জি এছ টি আইন, ২০১৭-ৰ অধীনত ৰাজ্যিক জি এছ টি (এছ জি এছ টি) নগদ ধনৰ ৰূপত ঘুৰাই পাব।


ৰাজ্য চৰকাৰে লোৱা এই আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে পৰম্পৰাগত প্ৰস্তুতকাৰীসকলক বিত্তীয় সাহায্য আগবঢ়োৱা, সমগ্র দেশতে কাঁহৰ সামগ্ৰীৰ প্ৰতিযোগিতামূলক বজাৰ বৃদ্ধি কৰা। কাঁহৰ সামগ্ৰী প্রস্তুতকাৰীসকলক কৰ পৰিকাঠামোৰ ভিতৰত অন্তর্ভুক্ত কৰাৰ সুবিধাৰ জৰিয়তে কৰ পৰিশোধকাৰীসকলক পদক্ষেপে পৰম্পৰাগত উদ্যোগসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ প্ৰতি অসম চৰকাৰৰ দায়বদ্ধতাৰ কথা প্ৰকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ