--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • IMFৰ পৰিচালন সঞ্চালক ক্রষ্টেলিনা জর্জিভাই গোপীনাথৰ উত্তৰসুৰিৰ নাম উপযুক্ত সময়ত ঘোষণা কৰিব।

ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি (IMF) ২ নম্বৰ স্থানৰ শীৰ্ষ বিষয়া গীতা গোপীনাথে আগষ্ট মাহৰ শেষত IMF ত্যাগ কৰিব আৰু হার্ভার্ড বিশ্ববিদ্যালয়লৈ ঘূৰি আহিব। সোমবাৰে আই এম এফে এটা বিবৃতিত এই কথা সদৰী কৰে। IMFৰ পৰিচালন সঞ্চালক ক্রষ্টেলিনা জর্জিভাই গোপীনাথৰ উত্তৰসুৰিৰ নাম উপযুক্ত সময়ত ঘোষণা কৰিব।

২০১৯ চনত গোপীনাথে সংস্থাটোত মুখ্য অর্থনীতিবিদ হিচাপে যোগদান কৰি এই পদত কাৰ্যনিৰ্বাহ কৰা প্ৰথম মহিলা ৰূপে পৰিগণিত হৈছিল আৰু ২০২২ চনৰ জানুৱাৰী মাহত প্ৰথম উপ-পৰিচালন সঞ্চালক পদলৈ উন্নীত হৈছিল। মার্কিন কোষাগাৰে এই সন্দর্ভত এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই।

পৰম্পৰা অনুসৰি ইউৰোপৰ দেশসমূহে নিধিৰ পৰিচালন সঞ্চালকজনক নির্বাচিত কৰাৰ বিপৰীতে মার্কিন কোষাগাৰে প্ৰথম উপ-পৰিচালন সঞ্চালকজনক নির্বাচিত কৰে। ভাৰতত জন্মগ্রহণ কৰা গোপীনাথে হার্ভার্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক হিচাপে পূৰ্বৰ পদলৈ ঘূৰি আহিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক