--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ২১ মে’ৰ পৰা ২৫ মে’ (২০২৬) লৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছিল ‘Oceania International Invitational Wushu Kung-Fu Championships’। বিশ্বৰ বিভিন্ন দেশৰ নামী-দামী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই কঠিন প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল অসমৰ অৱন্তিকা দাসে।

ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়া জগতলৈ এক বৃহৎ সফলতা। পুনৰ বিশ্বমঞ্চত জিলিকি উঠিল অসম সন্তানৰ নাম। গুৱাহাটীৰ বিৰুবাৰীৰ উদীয়মান উছু (Wushu) খেলুৱৈ অৱন্তিকা দাসে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশ তথা ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা খেলত দুটাকৈ ৰূপৰ পদক অৰ্জন কৰি অৱন্তিকাই অসমৰ নাম বিশ্বৰ সন্মুখত উজলাই তুলিলে।


যোৱা ২১ মে’ৰ পৰা ২৫ মে’ (২০২৬) লৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছিল ‘Oceania International Invitational Wushu Kung-Fu Championships’। বিশ্বৰ বিভিন্ন দেশৰ নামী-দামী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই কঠিন প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল অসমৰ অৱন্তিকা দাসে।


তেওঁ নিজৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে  Traditional Nanquan Type Event (ট্ৰেডিচনেল নানকুৱান টাইপ ইভেণ্ট) আৰু Traditional Single Weapon Event (ট্ৰেডিচনেল ছিংগেল ৱেপন ইভেণ্ট)ত দুটাকৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।


আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই ঐতিহাসিক সফলতা অৰ্জন কৰি আজি নিজ গৃহভূমিত ভৰি দিয়েহি অৱন্তিকাই। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগেই খেলুৱৈগৰাকীক আদৰিবলৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ক্ৰীড়াপ্ৰেমী ৰাইজ, আত্মীয়-স্বজন আৰু বিভিন্ন স্থানীয় সংগঠনৰ সদস্যসকলে তেওঁক ফুলাম গামোচা আৰু তোৰণেৰে উষ্ম আদৰণি জনায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু