--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ২১ মে’ৰ পৰা ২৫ মে’ (২০২৬) লৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছিল ‘Oceania International Invitational Wushu Kung-Fu Championships’। বিশ্বৰ বিভিন্ন দেশৰ নামী-দামী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই কঠিন প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল অসমৰ অৱন্তিকা দাসে।

ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়া জগতলৈ এক বৃহৎ সফলতা। পুনৰ বিশ্বমঞ্চত জিলিকি উঠিল অসম সন্তানৰ নাম। গুৱাহাটীৰ বিৰুবাৰীৰ উদীয়মান উছু (Wushu) খেলুৱৈ অৱন্তিকা দাসে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশ তথা ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা খেলত দুটাকৈ ৰূপৰ পদক অৰ্জন কৰি অৱন্তিকাই অসমৰ নাম বিশ্বৰ সন্মুখত উজলাই তুলিলে।


যোৱা ২১ মে’ৰ পৰা ২৫ মে’ (২০২৬) লৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছিল ‘Oceania International Invitational Wushu Kung-Fu Championships’। বিশ্বৰ বিভিন্ন দেশৰ নামী-দামী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই কঠিন প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল অসমৰ অৱন্তিকা দাসে।


তেওঁ নিজৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে  Traditional Nanquan Type Event (ট্ৰেডিচনেল নানকুৱান টাইপ ইভেণ্ট) আৰু Traditional Single Weapon Event (ট্ৰেডিচনেল ছিংগেল ৱেপন ইভেণ্ট)ত দুটাকৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।


আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই ঐতিহাসিক সফলতা অৰ্জন কৰি আজি নিজ গৃহভূমিত ভৰি দিয়েহি অৱন্তিকাই। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগেই খেলুৱৈগৰাকীক আদৰিবলৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ক্ৰীড়াপ্ৰেমী ৰাইজ, আত্মীয়-স্বজন আৰু বিভিন্ন স্থানীয় সংগঠনৰ সদস্যসকলে তেওঁক ফুলাম গামোচা আৰু তোৰণেৰে উষ্ম আদৰণি জনায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ