--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত দাবী কৰা হৈছে যে  বাইডেনে  নিজৰ পত্নী বুলি ভাবি আন এগৰাকী মহিলাকে চুমা খাবলৈ গৈছিল। অৱশ্যে ফাৰ্ষ্ট লেডী জিলে সময়মতে তেওঁক তেনে কৰাত বাধা দিলে। প্ৰাগ নিউজ ডিজিটেলে অৱশ্যে ভিডিঅ’টোৰ সত্য-সত্যতা পৰীক্ষা কৰি চোৱা নাই। ভাইৰেল ভিডিঅ’টোত বাইডেনে নীলা ৰঙৰ চুট পিন্ধা এগৰাকী মহিলাৰ সৈতে কথা পাতি থকা দেখা গৈছে। এই সময়ত তেওঁ মহিলাগৰাকীৰ ফালে ক্ৰমে হালি  দিয়ে, দৃশ্যটো এনে লাগিছল যেন  তেওঁ মহিলাগৰাকীক চুমা খাবলৈহে ওলাইছে। তাৰ পিছত হঠাতে জিল তাত উপস্থিত হৈ বাইডেনক ৰখাই দিয়ে। 

এই ভিডিঅ’টো এনে এটা সময়ত প্ৰকাশ পাইছে যেতিয়া বহু সংবাদ মাধ্যমে দাবী কৰিছে কথা পাহৰা স্বভাৱৰ বাবেই যে ২০২৪ চনৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা জো বাইডেন বাহিৰ হ’ব পাৰে। কাৰণ ৮১ বছৰীয়া জো বাইডেনে এতিয়া বহু কথাই পাহৰি যায় বুলি অনেকে অভিযোগ  কৰি আহিছে। কিন্তু বাইডেনে নিজৰ পত্নী জিল বুলি ভাবি আন এগৰাকী মহিলাক ‘চুমা’ খাবলৈ ওলাইছিল নেকি?



'এক্স'ত এই ভিডিঅ'টো চোৱা ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে জো বাইডেনে আন এগৰাকী মহিলাক নিজৰ পত্নী বুলি ভুল কৰি প্ৰায় চুমা খাব বিচাৰিছিল। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে - দেখা গৈছে যে জো বাইডেনে ভুলতে মহিলাগৰাকীক চুমা খাবলৈ ওলাইছিল আৰু তাৰ পিছত জিল বাইডেনে তেওঁক বাধা দিবলৈ দৌৰি আহিছিল। কিন্তু এই ভিডিঅ’টো দুই-এদিনৰ ভিডিঅ’ হয়তো নহয়। কাৰণ বাইডেন এতিয়া কোভিডত আক্ৰান্ত সেয়ে তেওঁ কোনো সভাত যোগদান কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। হোৱাইট হাউছৰ তৰফৰ পৰা অৱশ্যে ভাইৰেল হৈ পৰা ভিডিঅ’টো সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল