--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত দাবী কৰা হৈছে যে  বাইডেনে  নিজৰ পত্নী বুলি ভাবি আন এগৰাকী মহিলাকে চুমা খাবলৈ গৈছিল। অৱশ্যে ফাৰ্ষ্ট লেডী জিলে সময়মতে তেওঁক তেনে কৰাত বাধা দিলে। প্ৰাগ নিউজ ডিজিটেলে অৱশ্যে ভিডিঅ’টোৰ সত্য-সত্যতা পৰীক্ষা কৰি চোৱা নাই। ভাইৰেল ভিডিঅ’টোত বাইডেনে নীলা ৰঙৰ চুট পিন্ধা এগৰাকী মহিলাৰ সৈতে কথা পাতি থকা দেখা গৈছে। এই সময়ত তেওঁ মহিলাগৰাকীৰ ফালে ক্ৰমে হালি  দিয়ে, দৃশ্যটো এনে লাগিছল যেন  তেওঁ মহিলাগৰাকীক চুমা খাবলৈহে ওলাইছে। তাৰ পিছত হঠাতে জিল তাত উপস্থিত হৈ বাইডেনক ৰখাই দিয়ে। 

এই ভিডিঅ’টো এনে এটা সময়ত প্ৰকাশ পাইছে যেতিয়া বহু সংবাদ মাধ্যমে দাবী কৰিছে কথা পাহৰা স্বভাৱৰ বাবেই যে ২০২৪ চনৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা জো বাইডেন বাহিৰ হ’ব পাৰে। কাৰণ ৮১ বছৰীয়া জো বাইডেনে এতিয়া বহু কথাই পাহৰি যায় বুলি অনেকে অভিযোগ  কৰি আহিছে। কিন্তু বাইডেনে নিজৰ পত্নী জিল বুলি ভাবি আন এগৰাকী মহিলাক ‘চুমা’ খাবলৈ ওলাইছিল নেকি?



'এক্স'ত এই ভিডিঅ'টো চোৱা ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে জো বাইডেনে আন এগৰাকী মহিলাক নিজৰ পত্নী বুলি ভুল কৰি প্ৰায় চুমা খাব বিচাৰিছিল। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে - দেখা গৈছে যে জো বাইডেনে ভুলতে মহিলাগৰাকীক চুমা খাবলৈ ওলাইছিল আৰু তাৰ পিছত জিল বাইডেনে তেওঁক বাধা দিবলৈ দৌৰি আহিছিল। কিন্তু এই ভিডিঅ’টো দুই-এদিনৰ ভিডিঅ’ হয়তো নহয়। কাৰণ বাইডেন এতিয়া কোভিডত আক্ৰান্ত সেয়ে তেওঁ কোনো সভাত যোগদান কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। হোৱাইট হাউছৰ তৰফৰ পৰা অৱশ্যে ভাইৰেল হৈ পৰা ভিডিঅ’টো সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক