--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটা সংস্কাৰৰ দাবীত বাংলাদেশত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে আন্দোলন আৰম্ভ কৰিছে। আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ সক্ৰিয় প্ৰশাসন আৰু আৰক্ষী। শুকুৰবাৰে বাংলাদেশত দুয়োপক্ষৰ সংঘাতত আৰু তিনিজন লোকে প্ৰাণ হেৰুৱালে। এই মন্তব্য বাংলাদেশৰ সংবাদ মাধ্যম "প্ৰথম আলো"ৰ। তেওঁলোকে জনোৱা মতে, বৃহস্পতিবাৰে সংঘাতৰ বাবে সেই দেশত ২৭ জন লোকৰ মৃত্যু হয়। কেৱল ঢাকাতে ১৯ জন লোকৰ মৃত্যু।

কোটা সংস্কাৰৰ দাবীত এই আন্দোলন ঢাকাৰ উপৰিও আন কেইবাখনো জিলালৈ বিয়পি পৰিছে। বাংলাদেশৰ সংবাদ মাধ্যম "প্ৰথম আলো"ৰ বাতৰি অনুসৰি শুকুৰবাৰে কোটা সংস্কাৰ আন্দোলনক লৈ সংঘাতত আৰু তিনিজন লোকৰ মৃত্যু হয়। প্ৰতিবেদনত দাবী কৰা হৈছে যে এই খবৰটো চিকিৎসালয়ৰ সূত্ৰৰ পৰাই জানিব পৰা গৈছে। নিহত তিনিজন হৈছে আব্দুল গণি, ৰাকিব আৰু ৰাছেল। শুকুৰবাৰে দিনৰ ২ বজাৰ ওচৰত ৪৫ বছৰীয়া আব্দুল আৰু ২২ বছৰীয়া ৰকিবক ঢাকা চিকিৎসা মহাবিদ্যালয়লৈ অনা হয়। তাত চিকিৎসকে তেওঁলোকক পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে। ৰাছেলক ৰামপুৰাৰ ফৰাজী হাস্পতাললৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

শুকুৰবাৰে বিয়লি আব্দুলক বড্ডাৰ পৰা ঢাকাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ পুত্ৰ আল আমিনে কয় যে তেওঁ আগতে ঢাকাৰ গুলছানৰ এখন হোটেলত চেনিটেৰী কনষ্ট্ৰাকচন শ্ৰমিক হিচাপে কাম কৰিছিল। শুকুৰবাৰে পুৱা ঘৰৰ পৰা ওলাই যায়। পিছত পৰিয়ালটোৱে খবৰ পালে যে তেওঁক গুলীয়াই হত্যা কৰা হৈছে। ৰকিবৰ মূৰত খুন্দা মাৰিলে। তেওঁৰ এজন আত্মীয়ই সংবাদ মাধ্যমক জনাইছে যে ৰাকিবৰ ঘৰ মুনছিগঞ্জত। বৈদ্যুতিক কাম কৰিছিল। তৃতীয়জন ভুক্তভোগী ৰাছেল এতিয়াও চিনাক্ত হোৱা নাই।

নিউজ এজেন্সী ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰৰ নিশালৈকে বাংলাদেশত ১৯ জন লোকৰ মৃত্যু হৈছে। বাংলাদেশৰ সংবাদ মাধ্যম "প্ৰথম আলো"ৰ বাতৰি অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জন। পিটিআইৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ জন। পুনৰ সংবাদ সংস্থা এ এফ পিয়ে কয় যে ৩৯ জন লোকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত অহা দেওবাৰে বাংলাদেশৰ আদালতে কোটা সংস্কাৰৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ