--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিৰ পৰা বাৰ্মিংহামত আৰম্ভ হ'ব কমনৱেলথ গেমছৰ ২২ সংখ্যক সংস্কৰণ। বিশ্বৰ অগণন ক্ৰীড়াপ্ৰেমীৰ মনত উন্মাদনাৰ সৃষ্টি কৰি আগন্তুক ১১ দিনৰ বাবে বাজিব ক্ৰীড়াৰ দাবানল। এইবাৰ অসমবাসীৰ প্ৰত্যাশা বহন কৰি ভাৰতীয় দলত স্থান লাভ কৰিছে সাত গৰাকী খেলুৱৈয়ে। অসমৰ ক্ৰীড়া জগতৰ চিনাকি নাম অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই, বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ জয়ী শিৱ থাপা, এছিয়ান গেমছৰ স্বৰ্ণ জয়ী হিমা দাসৰ লগতে কমনৱেলথ গেমছ ২০২২ ত অংশ ল’ব আন চাৰিগৰাকী খেলুৱৈ ক্ৰমে ভাৰোত্তোলক পপি হাজৰিকা, লনবল খেলুৱৈ তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁয়ে। 

অসমৰ এই সাতগৰাকী খেলুৱৈৰে তিনিগৰাকীয়ে আজি বাৰ্মিংহামত নিজ নিজ ইভেণ্টত অভিযান আৰম্ভ কৰিব। কমনৱেলথত সম্ভাব্য পদক বিজয়ী খেলুৱৈৰ তালিকাত থকা বক্সাৰ শিৱ থাপাই আজি ভাৰতীয় বক্সিং দলৰ অভিযান মুকলি কৰিব। 

থাপাই পুৰুষৰ ৬৩.৫ কিলোগ্ৰাম শাখাৰ ৰাউণ্ড অৱ ৩২ ত পাকিস্তানৰ চুলেমান বালোচৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব। বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী তথা পাঁচবাৰৰ এছিয়ান চেম্পিয়নশ্বিপৰ পদক বিজয়ী শিৱ থাপাক বালোচৰ বিপক্ষে মেচখনত ফেভাৰিট হিচাপেই ধৰা হৈছে যদিও বালোচেও যে সহজে যুঁজ এৰি নিদিব, সেয়া নিশ্চিত। 

সাতবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন পাকিস্তানী বক্সাৰগৰাকীৰ সমুখত শিৱ থাপাই নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়াব বুলি অসমৰ লগতে সমগ্ৰ দেশৰ  ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিছে। ভাৰতীয় সময় অনুসৰি আবেলি ৫ বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ’ব। উল্লেখ্য যে কমনৱেলথ গেমছ, ২০২২ ৰ আজি আৰম্ভণিৰ দিনা কাৰ্যসূচী অনুসৰি এইখনেই একমাত্ৰ বক্সিং মেচ।

আনহাতে লনবলত ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ খেলুৱৈদ্বয় নয়নমনি শইকীয়া আৰু মৃদুল বৰগোঁহায়েও আজি কমনৱেলথ অভিযান আৰম্ভ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ