--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিৰ পৰা বাৰ্মিংহামত আৰম্ভ হ'ব কমনৱেলথ গেমছৰ ২২ সংখ্যক সংস্কৰণ। বিশ্বৰ অগণন ক্ৰীড়াপ্ৰেমীৰ মনত উন্মাদনাৰ সৃষ্টি কৰি আগন্তুক ১১ দিনৰ বাবে বাজিব ক্ৰীড়াৰ দাবানল। এইবাৰ অসমবাসীৰ প্ৰত্যাশা বহন কৰি ভাৰতীয় দলত স্থান লাভ কৰিছে সাত গৰাকী খেলুৱৈয়ে। অসমৰ ক্ৰীড়া জগতৰ চিনাকি নাম অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই, বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ জয়ী শিৱ থাপা, এছিয়ান গেমছৰ স্বৰ্ণ জয়ী হিমা দাসৰ লগতে কমনৱেলথ গেমছ ২০২২ ত অংশ ল’ব আন চাৰিগৰাকী খেলুৱৈ ক্ৰমে ভাৰোত্তোলক পপি হাজৰিকা, লনবল খেলুৱৈ তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁয়ে। 

অসমৰ এই সাতগৰাকী খেলুৱৈৰে তিনিগৰাকীয়ে আজি বাৰ্মিংহামত নিজ নিজ ইভেণ্টত অভিযান আৰম্ভ কৰিব। কমনৱেলথত সম্ভাব্য পদক বিজয়ী খেলুৱৈৰ তালিকাত থকা বক্সাৰ শিৱ থাপাই আজি ভাৰতীয় বক্সিং দলৰ অভিযান মুকলি কৰিব। 

থাপাই পুৰুষৰ ৬৩.৫ কিলোগ্ৰাম শাখাৰ ৰাউণ্ড অৱ ৩২ ত পাকিস্তানৰ চুলেমান বালোচৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব। বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী তথা পাঁচবাৰৰ এছিয়ান চেম্পিয়নশ্বিপৰ পদক বিজয়ী শিৱ থাপাক বালোচৰ বিপক্ষে মেচখনত ফেভাৰিট হিচাপেই ধৰা হৈছে যদিও বালোচেও যে সহজে যুঁজ এৰি নিদিব, সেয়া নিশ্চিত। 

সাতবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন পাকিস্তানী বক্সাৰগৰাকীৰ সমুখত শিৱ থাপাই নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়াব বুলি অসমৰ লগতে সমগ্ৰ দেশৰ  ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিছে। ভাৰতীয় সময় অনুসৰি আবেলি ৫ বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ’ব। উল্লেখ্য যে কমনৱেলথ গেমছ, ২০২২ ৰ আজি আৰম্ভণিৰ দিনা কাৰ্যসূচী অনুসৰি এইখনেই একমাত্ৰ বক্সিং মেচ।

আনহাতে লনবলত ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ খেলুৱৈদ্বয় নয়নমনি শইকীয়া আৰু মৃদুল বৰগোঁহায়েও আজি কমনৱেলথ অভিযান আৰম্ভ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু