--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ এবাৰ ক্ৰীড়া উন্মাদনাৰে নাচি উঠিবলৈ সাজু হৈছে ক্ৰীড়া বিশ্ব। বিশ্বৰ সমূহ ক্ৰীড়াপ্ৰেমীৰ মনত আশাৰ সঞ্চাৰ কৰি বৃহস্পতিবাৰে বাৰ্মিংহামত উৰিল ২২ সংখ্যক কমনৱেলথ গেমছৰ ধ্বজা। বাৰ্মিংহামৰ আলেকজেণ্ডাৰ ষ্টেডিয়ামত এক বৰ্ণাঢ্য অনুষ্ঠানেৰে আনুষ্ঠানিকভাৱে মুকলি হ'ল ২০২২ চনৰ কমনৱেলথ গেমছ। ড্ৰামাৰ-পাৰকাচনিষ্ট আব্ৰাহাম পেডি টেথৰ পৰিৱেশনৰ জৰিয়তে আৰম্ভ হয় ক্ৰীড়া প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান। ইয়াৰ পিছতে ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু সুৰকাৰ ৰঞ্জনা ঘটকৰ নেতৃত্বত এটা দলে বাৰ্মিংহাম চহৰৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰে। 

বাৰ্মিংহামৰ সংস্কৃতি আৰু বৈচিত্ৰ্যৰ এই চমৎকাৰ প্ৰদৰ্শনৰ পিছতে কিংবদন্তী অভিনেতা চাৰ্লি চেপলিনক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই কাৰ্যসূচীৰ পাছতে ঐতিহাসিক ঔদ্যোগিক বিপ্লৱৰ সময়ৰ অত্যাধিক পৰিশ্ৰমী তথা কম বেতনৰ মহিলা শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰা মহিলাৰ এটা মানৱ শৃংখলে ষ্টেডিয়ামৰ মাজলৈ টানি অনা এটা বৃহদাকাৰ প্ৰতীকি গাৰ্গেণ্টিয়ান ষাঁড়ৰ দৃশ্য উদ্বোধনী অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। ‘পেৰী দ্য বুল’ নামৰ এই ষাঁড়টোক বাৰ্মিংহাম কমনৱেলথ গেমছৰ শুভংকৰ হিচাপে স্বীকৃতি দিয়া হৈছে। 

এই অনুষ্ঠানৰ পিছতে প্ৰতিযোগিতাখনত অংশ লোৱা ৰাষ্ট্ৰসমূহৰ কুচকাৱাজ আৰম্ভ হয়। কমনৱেলথ গেমছৰ পৰম্পৰা অনুসৰি বিগত বাৰৰ আয়োজক অষ্ট্ৰেলিয়াই পেৰেডৰ সময়ত প্ৰথমে ষ্টেডিয়ামত প্ৰৱেশ কৰে। অষ্ট্ৰেলিয়াৰ পিছতে ওচেনিয়া প্ৰদেশৰ অন্যান্য ৰাষ্ট্ৰসমূহ আৰু তাৰ পিছে পিছে বৰ্ণানুক্ৰমিক ক্ৰমত আন দেশবোৰে খেলপথাৰত প্ৰৱেশ কৰে। পৰম্পৰা অনুসৰিয়ে আয়োজক ইংলেণ্ডে পেৰেডৰ আটাইতকৈ শেষৰ দল হিচাপে ষ্টেডিয়ামত প্ৰৱেশ কৰে।

পেৰেডৰ পাছতে কমনৱেলথ গেমছৰ পতাকা উত্তোলন কৰা হয়। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰিন্স চাৰ্লছে কমনৱেলথ গেমছৰ উদ্বোধনী ঘোষণা কৰিবলৈ ব্ৰিটেইনৰ ৰাণীৰ বাৰ্তা পাঠ কৰে। প্ৰখ্যাত এলজিবিটিকিউ+ অধিকাৰ কৰ্মী, ব্ৰিটিছ অলিম্পিক চেম্পিয়ন তথা কমনৱেলথ গেমছৰ চাৰিবাৰৰ স্বৰ্ণ বিজয়ী টম ডেলিৰ নেতৃত্ব এলজিবিটিকিউ+ পতাকা কঢ়িওৱা এটা দলে কুইন্স বেটনক আলেকজেণ্ডাৰ ষ্টেডিয়ামলৈ আগবঢ়াই আনে।  

উল্লেখ্য যে ২০১২ চনৰ লণ্ডন অলিম্পিকৰ আয়োজনৰ পিছত কমনৱেলথ গেমছেই ব্ৰিটেইনত  অনুষ্ঠিত হোৱা আটাইতকৈ বৃহৎ আৰু ব্যয়বহুল ক্ৰীড়া প্ৰতিযোগিতা। প্ৰায় আঢ়ৈ ঘণ্টা ধৰি চলা এই উদ্বোধনী অনুষ্ঠানটো ব্ৰিটিছ চিত্ৰনাট্যকাৰ ষ্টিভেন নাইটে পৰিচালনা কৰে। 

উল্লেখ্য যে বাৰ্মিংহাম কমনৱেলথ গেমছত ৭২ খন দেশৰ ৫০০০ তকৈও অধিক খেলুৱৈয়ে ১৫ টা পৃথক পৃথক স্থানত ১৯ টা ক্ৰীড়া শিতানৰ সৰ্বমুঠ ২৮০ টা ইভেণ্টত প্ৰতিদ্বন্দিতা আগবঢ়াব। উদ্বোধনী অনুষ্ঠানৰ পেৰেডত ভাৰতীয় দলক নেতৃত্ব দিয়ে অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে। এইবাৰৰ প্ৰতিযোগিতাখনত ভাৰতৰ মুঠ ২০৫ গৰাকী খেলুৱৈয়ে ভাগ ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ