ডিজিটেল ডেস্ক: কলডিল এবিধ বৰ পুষ্টিকৰ পাচলি। ইয়াত প্ৰটিন, ফাইবাৰ, আইৰণ, পটেছিয়াম, কেলচিয়াম, তাম, ফছফৰাছ, আইৰণ, মেগনেছিয়াম আৰু ভিটামিন-ই, চি আদিৰে ভৰপূৰ হৈ থাকে। অসমত বসবাস কৰা প্ৰায় সকলো জাতি-জনগোষ্ঠীৰে এক অন্যতম প্ৰিয় খাদ্য হৈছে কলডিল ৷
ইয়াৰে ভিতৰত ভীমকলৰ কলডিল অতি সুস্বাদু। সাধাৰণতে বাৰিষাকালত কলডিল ভালেখিনি ৰসাল আৰু স্বাদযুক্ত হোৱা হেতুকে এই সময়ত ই খোৱাৰ বাবে বেছি উপযোগী হৈ পৰে । ই তেজ পৰিষ্কাৰ কৰাৰ লগতে ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা (Anemia) নিয়ন্ত্ৰণ কৰাত বিশেষভাৱে সহায় কৰে।
কলডিল বিভিন্ন ধৰণে ৰান্ধিব পাৰি, যেনে- কলডিলৰ শুকান ভাজি, কলডিল আৰু মচুৰ দাইলৰ আঞ্জা, কলডিলৰ পিটিকা, কলডিল আৰু চয়াবিনৰ তৰকাৰী, কলডিল আৰু মাছৰ মূৰৰ খাৰ, কলডিল আৰু মূৰ্গী মাংস, কলডিল আৰু পাৰৰ মাংস, কলডিলৰ আঞ্জা মাছৰ মূৰৰ সৈতে ইত্যাদি ।
কলডিলৰ নানা স্বাস্থ্য উপকাৰিতা
১) কলডিলত থকা ফাইবাৰে তেজৰ চেনিৰ (Blood sugar) মাত্ৰা হ্ৰাস কৰাত অৰিহণা যোগায়।
২) ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যিয়ে শৰীৰত হিম’গ্লেবিনৰ পৰিমাণ বঢ়াই ৰক্তহীনতা ৰোধ কৰে।
৩) কলডিল এণ্টি-হাইপাৰটেনচিভ গুণসম্পন্ন। ই উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে।
৪) কলডিলৰ আঞ্জা খালে তেজ পৰিষ্কাৰ হয় আৰু হজম শক্তি বৃদ্ধি পায়।
৫) কম কেল’ৰি আৰু বেছি ফাইবাৰ থকাৰ বাবে ই ওজন কমোৱাত সহায় কৰে।
৬) ইয়াৰ ভিটামিন আৰু খনিজ উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
৭) ইয়াত নেফ্ৰ’প্ৰটেক্টিভ গুণ থাকে, যিয়ে বৃক্ক (kidney) সুস্থ কৰি ৰাখে আৰু পাথৰৰ সমস্যা দূৰ কৰাত সহায় কৰে।
৮) মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ বিষ বা ক্ৰেম্প কমোৱাত কলডিলে বিশেষভাৱে কাম কৰে।
৯) পেটত এচিডিটিৰ সমস্যা থাকিলে কলডিল খাওক। ইয়াৰ ফলত এচিডিটিৰ সমস্যাৰ পৰা শীঘ্ৰে মুক্তি পাব। লগতে পেট ফুলি গ’লেও কলডিল খোৱাটো উপকাৰী।
১০) কলডিলত এণ্টিঅক্সিডেণ্টৰ পৰিমাণ বেছি হোৱাৰ কাৰণে ই আমাৰ শৰীৰত এই ফ্রি ৰেডিকেলবোৰ বৃদ্ধিত বাধা দিয়ে, যিয়ে আমাৰ স্বাস্থ্যকৰ কোষবোৰত আক্রমণ কৰে আৰু ক্ষতি কৰে, যাৰ কাৰণে হৃদৰোগ, কেন্সাৰৰ দৰে ৰোগৰ সম্ভাৱনা হ্রাস পায়।
১১) কলডিল গৰ্ভৱতী মহিলাৰ বহু উপকাৰী।
১২) কলডিলত প্ৰচুৰ পৰিমাণে আঁহ থকাৰ হেতুকে কোষ্ঠ-কাঠিন্যত ভোগা লোকৰ বাবে বৰ উপকাৰী।