--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চজিনা পাত এক প্ৰকাৰৰ চুপাৰ ফুড (Super food), য’ত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ, এণ্টিঅক্সিডেণ্ট, ক্ল’ৰ’ফিল আৰু সম্পূৰ্ণ এমিনো এচিড পোৱা যায়৷

ডিজিটেল ডেস্ক: চজিনাৰ দৰেই চজিনাৰ পাতো দেহৰ বাবে বৰ উপকাৰী। ভিটামিন, খনিজ পদাৰ্থ আৰু এণ্টিঅক্সিডেণ্ট থাকে। আয়ুৰ্বেদত চজিনাৰ পাত বছৰ বছৰ ধৰি ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে ৷ চজিনা পাত এক প্ৰকাৰৰ চুপাৰ ফুড (Super food), য’ত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ, এণ্টিঅক্সিডেণ্ট, ক্ল’ৰ’ফিল আৰু সম্পূৰ্ণ এমিনো এচিড পোৱা যায়৷ কিন্তু ইয়াৰ সেউজীয়া পাতৰ সলনি শুকান পাত স্বাস্থ্যৰ বাবে অধিক ফলপ্ৰসূ বুলি বিবেচিত হয় ৷


বাৰিষাৰ সময়ত এই পাতবোৰ নিয়মিতভাৱে সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, মেদবহুলতা হ্ৰাস পায়, পেটৰ বিষ আৰু কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা সকাহ পাব পৰা যায় ৷ 


চজিনা পাতৰ অন্যান্য উপকাৰিতা


১. ব্লাড দুগাৰ নিয়ন্ত্রণত ৰাখে: ডায়েবেটিচ ৰোগীৰ বাবে চজিনা পাত অত্যন্ত উপকাৰী। দৰাচলতে চজিনাৰ পাত এণ্টিঅক্সিডেণ্ট গুণেৰে সমৃদ্ধ, যাৰ বাবে ৰক্ত

শৰ্কৰা নিয়ন্ত্রণত থাকে। সেয়েহে ডায়েবেটিচ ৰোগীসকলে আহাৰত চজিনাৰ পাত অন্তর্ভুক্ত কৰিব পাৰে।


২. কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে: চজিনাৰ পাতে কৰ্কট ৰোগৰ আশংকাও হ্রাস কৰে। কাৰণ এই পাতত বিভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্ট, ভিটামিন-চি, জিংক আৰু অন্যান্য সক্রিয় উপাদান থাকে, যি কৰ্কট ৰোগৰ কোষ আৰু মুক্ত ৰেডিকেলৰ প্ৰভাৱ হ্রাস কৰাত সহায়ক হয়।


৩. হৃদযন্ত্র সম্পর্কীয় সমস্যা হ্রাস কৰে: চজিনাৰ পাতে শৰীৰত থকা বেয়া কলেষ্টৰেল হ্রাস কৰে। চজিনাৰ পাতত যথেষ্ট পৰিমাণৰ অমেগা-৩ ফেটি এচিড থাকে, যি কলেষ্টৰেলৰ স্তৰ হাস কৰি হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাবোৰ দূৰ কৰাত সহায় কৰে।


৪. ৰক্তচাপ নিয়ন্ত্ৰণ: চজিনাৰ পাতত যথেষ্ট পৰিমাণৰ পটাছিয়াম পোৱা যায়। সেয়েহে চজিনাৰ পাতে ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। অর্থাৎ যিসকলৰ ৰক্তচাপ উচ্চ হৈ থাকে, তেওঁলোকে নিশ্চিতভাৱে আহাৰৰ তালিকাত চজিনাৰ পাত অন্তর্ভুক্ত কৰিব পাৰে। চজিনা কোমল পাতত উচ্চ ৰক্তচাপৰ লগত জড়িত সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ অলৌকিক গুণ আছে৷ আপোনালোকক জনাই দিও যে, চজিনা পাতত নিয়াজিমিনিন আৰু আইছ’থাইঅ’চাইনেটৰ দৰে যৌগ থাকে, যাৰ ফলত ধমনীত ৰক্ত সঞ্চালন উন্নত হয় ৷ ইহঁতৰ নিয়মীয়া সেৱনে উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰাত সহায় কৰে ৷


৫. চকু সুস্থ কৰি ৰাখে: চকু সুস্থ কৰি ৰাখিবলৈও চজিনা পাত খাব পাৰি৷ এই পাতত পোৱা এণ্টিঅক্সিডেণ্ট গুণে চকুৰ লগত জড়িত সমস্যা কম কৰে ৷ ইয়াৰ উপৰিও ই কোষৰ আৱৰণ ঘন কৰাৰ লগতে ৰেটিনাৰ ক্ষতি ৰোধ কৰে৷


৬. হজম শক্তি বৃদ্ধি: পেটৰ বিভিন্ন সমস্যা যেনে কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ সমস্যা দূৰ কৰাত চজিনা পাতৰ জোল বা ভাজি অতি উপকাৰী।


৭. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণাগুণে শৰীৰৰ ভাইৰেল জ্বৰ-কাহ আদিৰ বিৰুদ্ধে যুঁজ কৰাৰ ক্ষমতা বৃদ্ধি কৰে। 


৮. বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে: বিশেষজ্ঞসকলৰ মতে, চজিনা পাতত ৪০ প্ৰকাৰতকৈও অধিক এন্টিঅক্সিডেন্ট পোৱা যায় ৷ ইয়াৰ উপৰিও এই পাতবোৰত বেক্টেৰিয়া প্ৰতিৰোধী আৰু প্ৰদাহ নিবাৰণকাৰী গুণো থাকে, যাৰ ফলত বাৰিষাত বেক্টেৰিয়া আৰু সংক্ৰমণৰ বৃদ্ধিৰ সম্ভাৱনা হ্ৰাস পায় ৷ গতিকে বাৰিষাৰ সময়ত কোমল চজিনা পাত খাব পাৰি ৷


৯. ঘাঁ ভাল হোৱাত সহায়ক: আয়ুৰ্বেদৰ মতে, চজিনা পাতক বেক্টেৰিয়া প্ৰতিৰোধী বুলি গণ্য কৰা হয় ৷ ইয়াৰ পাত ঘাঁ নিৰাময়ৰ বাবে অতি ফলপ্ৰসূ ৷ ইয়াৰ বাবে ইয়াৰ কোমল পাতৰ ৰস ঘাঁত লগাব পাৰে ৷ ইয়াৰ ফলত ঘাঁটো সোনকালে ভাল হোৱাই নহয়, ইয়াৰ দ্বাৰা দাগবোৰো কম কৰিব পৰা যায়৷


১০. হাঁপানী ৰোগত ফলপ্ৰসূ: চজিনা পাত সেউজীয়া পাত হওক বা শুকান পাতেই সেৱন কৰিব লাগিব ৷ এই পাতবোৰ চোবাই খালে হাঁপানীৰ ফলত হোৱা সমস্যাবোৰ কমাব পৰা যায় ৷ ব্ৰংকিয়লৰ সংকোচন কমোৱাতো এই পাতবোৰ ফলপ্ৰসূ বুলি ধৰা হয় ৷ এই পাতবোৰ নিয়মিতভাৱে সেৱন কৰিলে হাওঁফাওঁত থকা মলিবোৰ আঁতৰি যায়, যাৰ ফলত উশাহ-নিশাহৰ সমস্যা কম হয় ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু