--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰম্ভণিৰে পৰা ভাৰতে বাংলাদেশৰ পৰিৱৰ্তিত পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি আহিছে। সম্প্ৰতি এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে আমেৰিকাইও৷বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত সংখ্যালঘু জনগোষ্ঠীৰ বিৰুদ্ধে হিংসাত্মক ঘটনা বৃদ্ধি পাই আহিছে।আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে সদৰি কৰিছে যে ‘আমি বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষিত হোৱাটো বিচাৰো, বিশেষকৈ যিসময়ত হিন্দুসকলৰ দুৰ্গা পূজাৰ দৰে ডাঙৰ উৎসৱ চলি আছে।’

সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মিলাৰে কয় যে, ‘সমগ্ৰ বিশ্বতে সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত কৰাটো গুৰুত্বপূৰ্ণ।’ বিগত মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ সময়ত বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাৎ কৰিছিল। বৈঠকৰ পাছত দুয়োখন প্ৰতিক্ৰিয়াৰ পৰা সহজে অনুমেয় যে আমেৰিকা আৰু বাংলাদেশে নিজৰ সম্পৰ্ক সুদৃঢ় কৰি তুলিছে। সংখ্যালঘুৰ অধিকাৰৰ সন্দৰ্ভত আমেৰিকাৰ উদ্বেগো ইয়াৰ এক অংশ বুলি গণ্য কৰা হৈছে।

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত বাংলাদেশৰ সংখ্যালঘু জনগোষ্ঠীটোৱে ধৰ্মীয় মৌলবাদীৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হৈ আহিছে৷ আগষ্ট মাহত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি যোৱাৰ পাছত বাংলাদেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছিল। দেশখনত চৰকাৰ বিৰোধী প্ৰতিবাদৰ পাছত বহু ঠাইত ধৰ্মীয় হিংসা পৰিলক্ষিত হৈছিল বুলি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে বক্তব্য দঙি ধৰিছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পাছত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত সংখ্যালঘুসহ ৬০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বাংলাদেশৰ এনে পৰিস্থিতিয়ে দেশখনৰ সামাজিক তন্ত্ৰৰ ক্ষতিসাধন কৰিছে, যাৰ বাবে আমেৰিকা আৰু ভাৰত দুয়োখন দেশে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক