--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰম্ভণিৰে পৰা ভাৰতে বাংলাদেশৰ পৰিৱৰ্তিত পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি আহিছে। সম্প্ৰতি এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে আমেৰিকাইও৷বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত সংখ্যালঘু জনগোষ্ঠীৰ বিৰুদ্ধে হিংসাত্মক ঘটনা বৃদ্ধি পাই আহিছে।আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে সদৰি কৰিছে যে ‘আমি বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষিত হোৱাটো বিচাৰো, বিশেষকৈ যিসময়ত হিন্দুসকলৰ দুৰ্গা পূজাৰ দৰে ডাঙৰ উৎসৱ চলি আছে।’

সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মিলাৰে কয় যে, ‘সমগ্ৰ বিশ্বতে সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত কৰাটো গুৰুত্বপূৰ্ণ।’ বিগত মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ সময়ত বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাৎ কৰিছিল। বৈঠকৰ পাছত দুয়োখন প্ৰতিক্ৰিয়াৰ পৰা সহজে অনুমেয় যে আমেৰিকা আৰু বাংলাদেশে নিজৰ সম্পৰ্ক সুদৃঢ় কৰি তুলিছে। সংখ্যালঘুৰ অধিকাৰৰ সন্দৰ্ভত আমেৰিকাৰ উদ্বেগো ইয়াৰ এক অংশ বুলি গণ্য কৰা হৈছে।

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত বাংলাদেশৰ সংখ্যালঘু জনগোষ্ঠীটোৱে ধৰ্মীয় মৌলবাদীৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হৈ আহিছে৷ আগষ্ট মাহত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি যোৱাৰ পাছত বাংলাদেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছিল। দেশখনত চৰকাৰ বিৰোধী প্ৰতিবাদৰ পাছত বহু ঠাইত ধৰ্মীয় হিংসা পৰিলক্ষিত হৈছিল বুলি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে বক্তব্য দঙি ধৰিছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পাছত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত সংখ্যালঘুসহ ৬০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বাংলাদেশৰ এনে পৰিস্থিতিয়ে দেশখনৰ সামাজিক তন্ত্ৰৰ ক্ষতিসাধন কৰিছে, যাৰ বাবে আমেৰিকা আৰু ভাৰত দুয়োখন দেশে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব