--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সিন্ধ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ এগৰাকী যুৱতীক। যুৱতীগৰাকীৰ পৰিয়ালৰ ১৩ জন সদস্যৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে আৰক্ষী তদন্তত নামি পৰিছিল। যুৱতীগৰাকীয়ে তেওঁলোকৰ খাদ্যত বিহ মিহলি কৰাৰ অভিযোগ উঠিছে। পৰিয়ালে  যুৱতীগৰাকীক নিজৰ পছন্দৰ ল’ৰা এটাক বিয়া কৰাবলৈ দিয়া নাছিল। যোৱা ৬ অক্টোবৰত তেওঁক গ্ৰেপ্তাৰ হয়। ঘটনাটো কিন্তু ১৯ আগষ্টৰে। আৰক্ষীয়ে ইমানদিনে তদন্ত কৰি অৱশেষত হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হয়।

একেটা পৰিয়ালৰে ১৩জন সদস্যৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। এই মৃত্যুৰ তদন্ত কৰিবলৈ স্থানীয় ৰাইজেও দাবী তুলিছিল।

খৈৰপুৰৰ সমীপৰ হাইবাট খান ব্ৰহী গাঁৱত সংঘটিত হৈছে এই ঘটনা। ছোৱালীজনীয়ে নিজৰ ইচ্ছামতে বিয়া কৰাব বিচাৰিছিল। পৰিয়ালৰ লোকে তেওঁৰ কথা নুশুনিলে আৰু ছোৱালীজনীৰ প্ৰেমত বাধা ৰূপে থিয় হ'ল। সেই কথাত ছোৱালীজনীৰ বহুত খং উঠিল। ইয়াৰ পিছতে প্ৰেমিকৰ সৈতে  মিলি তেওঁ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ সকলো সদস্যকে বিষাক্ত দ্ৰব্য খুৱাই ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উঠিছে।

আৰক্ষীয়ে বিষয়টোৰ পুংখানুপুংখ তদন্ত কৰাত দেখা গ’ল যে অভিযুক্ত যুৱতী আৰু তেওঁৰ প্ৰেমিকে ৰুটি বনাবলৈ ব্যৱহাৰ কৰা আটাত বিহ মিহলাই লৈছিল আৰু সেই আটাৰে তৈয়াৰী ৰুটী পৰিয়ালৰ লোকসকলক খাবলৈ দিছিল। তদন্তৰ অন্তত আৰক্ষীয়ে হত্যাকাৰী যুৱতীক গ্ৰেপ্তাৰ কৰিছে। প্ৰেমিকগৰাকীৰ সন্ধানতো নামি পৰিছে আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক