--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সিন্ধ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ এগৰাকী যুৱতীক। যুৱতীগৰাকীৰ পৰিয়ালৰ ১৩ জন সদস্যৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে আৰক্ষী তদন্তত নামি পৰিছিল। যুৱতীগৰাকীয়ে তেওঁলোকৰ খাদ্যত বিহ মিহলি কৰাৰ অভিযোগ উঠিছে। পৰিয়ালে  যুৱতীগৰাকীক নিজৰ পছন্দৰ ল’ৰা এটাক বিয়া কৰাবলৈ দিয়া নাছিল। যোৱা ৬ অক্টোবৰত তেওঁক গ্ৰেপ্তাৰ হয়। ঘটনাটো কিন্তু ১৯ আগষ্টৰে। আৰক্ষীয়ে ইমানদিনে তদন্ত কৰি অৱশেষত হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হয়।

একেটা পৰিয়ালৰে ১৩জন সদস্যৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। এই মৃত্যুৰ তদন্ত কৰিবলৈ স্থানীয় ৰাইজেও দাবী তুলিছিল।

খৈৰপুৰৰ সমীপৰ হাইবাট খান ব্ৰহী গাঁৱত সংঘটিত হৈছে এই ঘটনা। ছোৱালীজনীয়ে নিজৰ ইচ্ছামতে বিয়া কৰাব বিচাৰিছিল। পৰিয়ালৰ লোকে তেওঁৰ কথা নুশুনিলে আৰু ছোৱালীজনীৰ প্ৰেমত বাধা ৰূপে থিয় হ'ল। সেই কথাত ছোৱালীজনীৰ বহুত খং উঠিল। ইয়াৰ পিছতে প্ৰেমিকৰ সৈতে  মিলি তেওঁ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ সকলো সদস্যকে বিষাক্ত দ্ৰব্য খুৱাই ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উঠিছে।

আৰক্ষীয়ে বিষয়টোৰ পুংখানুপুংখ তদন্ত কৰাত দেখা গ’ল যে অভিযুক্ত যুৱতী আৰু তেওঁৰ প্ৰেমিকে ৰুটি বনাবলৈ ব্যৱহাৰ কৰা আটাত বিহ মিহলাই লৈছিল আৰু সেই আটাৰে তৈয়াৰী ৰুটী পৰিয়ালৰ লোকসকলক খাবলৈ দিছিল। তদন্তৰ অন্তত আৰক্ষীয়ে হত্যাকাৰী যুৱতীক গ্ৰেপ্তাৰ কৰিছে। প্ৰেমিকগৰাকীৰ সন্ধানতো নামি পৰিছে আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব