--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে ইজৰাইল-হামাছ যুদ্ধৰ এবছৰ হ’ল। এই কাণ্ডৰ আৰম্ভণি হৈছিল ২০২৩ চনত, যেতিয়া উগ্ৰপন্থী গোট হামাছৰ লোকে দক্ষিণ ইজৰাইলত প্ৰৱেশ কৰি ১০০০ৰো অধিক লোকক হত্যা কৰিছিল। বিশ্বাস কৰা হয় যে এই ভয়ংকৰ কাৰ্য্যৰ আঁৰৰ দুৰ্বৃত্ত আছিল হামাছৰ নেতা য়াহায়া সিনৱাৰ, যিজনক আক্ৰমণৰ পাছত নিহত বুলি দাবী কৰা হৈছিল। কিন্তু ইয়াৰ মাজতে এই দাবীক ভুল বুলি প্ৰমাণ কৰি ইজৰাইলৰ এক সংবাদ মাধ্যমে সোমবাৰে কয় যে আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি কোৱা য়াহায়া সিনৱাৰ জীৱিত অৱস্থাত আছে। কাটাৰৰ লগত তেওঁ গোপনে কথা পাতিছে। 


অৱশ্যে কাটাৰৰ এজন জ্যেষ্ঠ কূটনীতিবিদে এই দাবীক মিছা বুলি অভিহিত কৰিছে। তেওঁ কয় যে হামাছৰ আন এজন নেতা খলিল আল হায়াহে কাটাৰৰ সৈতে যোগাযোগ কৰিছিল। হামাছৰ নেতা য়াহায়া সিনৱাৰৰ সৈতে জড়িত এই খবৰটো এনে এটা সময়ত আহিছে যেতিয়া ইজৰাইলে গাজা চহৰৰ পৰা বহিষ্কৃত পেলেষ্টাইনীসকলৰ আশ্ৰয় গৃহত ৰকেট আক্ৰমণ চলাইছিল আৰু সিনৱাৰৰ সম্ভাৱ্য হত্যাকাণ্ডৰ তদন্ত কৰি আছিল। এই সন্দৰ্ভত কাটাৰৰ বিষয়াসকলে ইয়াৰ পূৰ্বেও জনাইছিল যে ২১ ছেপ্টেম্বৰত ইজৰাইলৰ আক্ৰমণত তেওঁ নিহত হৈছিল, কাৰণ তেওঁ দীৰ্ঘদিন ধৰি কোনো বিষয়াৰ সংস্পৰ্শত নাই ।


২১ ছেপ্টেম্বৰৰ আক্ৰমণৰ সন্দৰ্ভত ইজৰাইলৰ সেনাই হামাছৰ কমাণ্ড চেণ্টাৰক লক্ষ্য কৰি লোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও পেলেষ্টাইনৰ স্বাস্থ্য বিষয়াসকলে কয় যে এনে নহয়। তেওঁলোকে আক্ৰমণ কৰা স্থানত নিহত হোৱা ২২ জন লোকৰ ভিতৰত মহিলা আৰু শিশুও আছিল। যিজন ব্যক্তিৰ হত্যাকাণ্ডৰ বিষয়ে ইজৰাইলে ইমান তদন্ত কৰি আছে বা তেওঁৰ বিষয়ে নতুনকৈ প্ৰকাশ পাইছে, তেওঁ হৈছে চলিত বৰ্ষৰ আগষ্ট মাহত ইছমাইল হানিয়াক হত্যা কৰাৰ পিছত হামাছৰ মুৰব্বী হোৱা য়াহায়া সিনৱাৰ। সিনৱাৰৰ জন্ম হৈছিল ১৯৬২ চনত। আৰম্ভনিতে সিনৱাৰে হামাছৰ নিৰাপত্তা শাখাৰ নেতৃত্ব দিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক