--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে ইজৰাইল-হামাছ যুদ্ধৰ এবছৰ হ’ল। এই কাণ্ডৰ আৰম্ভণি হৈছিল ২০২৩ চনত, যেতিয়া উগ্ৰপন্থী গোট হামাছৰ লোকে দক্ষিণ ইজৰাইলত প্ৰৱেশ কৰি ১০০০ৰো অধিক লোকক হত্যা কৰিছিল। বিশ্বাস কৰা হয় যে এই ভয়ংকৰ কাৰ্য্যৰ আঁৰৰ দুৰ্বৃত্ত আছিল হামাছৰ নেতা য়াহায়া সিনৱাৰ, যিজনক আক্ৰমণৰ পাছত নিহত বুলি দাবী কৰা হৈছিল। কিন্তু ইয়াৰ মাজতে এই দাবীক ভুল বুলি প্ৰমাণ কৰি ইজৰাইলৰ এক সংবাদ মাধ্যমে সোমবাৰে কয় যে আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি কোৱা য়াহায়া সিনৱাৰ জীৱিত অৱস্থাত আছে। কাটাৰৰ লগত তেওঁ গোপনে কথা পাতিছে। 


অৱশ্যে কাটাৰৰ এজন জ্যেষ্ঠ কূটনীতিবিদে এই দাবীক মিছা বুলি অভিহিত কৰিছে। তেওঁ কয় যে হামাছৰ আন এজন নেতা খলিল আল হায়াহে কাটাৰৰ সৈতে যোগাযোগ কৰিছিল। হামাছৰ নেতা য়াহায়া সিনৱাৰৰ সৈতে জড়িত এই খবৰটো এনে এটা সময়ত আহিছে যেতিয়া ইজৰাইলে গাজা চহৰৰ পৰা বহিষ্কৃত পেলেষ্টাইনীসকলৰ আশ্ৰয় গৃহত ৰকেট আক্ৰমণ চলাইছিল আৰু সিনৱাৰৰ সম্ভাৱ্য হত্যাকাণ্ডৰ তদন্ত কৰি আছিল। এই সন্দৰ্ভত কাটাৰৰ বিষয়াসকলে ইয়াৰ পূৰ্বেও জনাইছিল যে ২১ ছেপ্টেম্বৰত ইজৰাইলৰ আক্ৰমণত তেওঁ নিহত হৈছিল, কাৰণ তেওঁ দীৰ্ঘদিন ধৰি কোনো বিষয়াৰ সংস্পৰ্শত নাই ।


২১ ছেপ্টেম্বৰৰ আক্ৰমণৰ সন্দৰ্ভত ইজৰাইলৰ সেনাই হামাছৰ কমাণ্ড চেণ্টাৰক লক্ষ্য কৰি লোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও পেলেষ্টাইনৰ স্বাস্থ্য বিষয়াসকলে কয় যে এনে নহয়। তেওঁলোকে আক্ৰমণ কৰা স্থানত নিহত হোৱা ২২ জন লোকৰ ভিতৰত মহিলা আৰু শিশুও আছিল। যিজন ব্যক্তিৰ হত্যাকাণ্ডৰ বিষয়ে ইজৰাইলে ইমান তদন্ত কৰি আছে বা তেওঁৰ বিষয়ে নতুনকৈ প্ৰকাশ পাইছে, তেওঁ হৈছে চলিত বৰ্ষৰ আগষ্ট মাহত ইছমাইল হানিয়াক হত্যা কৰাৰ পিছত হামাছৰ মুৰব্বী হোৱা য়াহায়া সিনৱাৰ। সিনৱাৰৰ জন্ম হৈছিল ১৯৬২ চনত। আৰম্ভনিতে সিনৱাৰে হামাছৰ নিৰাপত্তা শাখাৰ নেতৃত্ব দিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক