--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শাৰদীয় নৱৰাত্ৰীলৈ মাত্ৰ এদিন পূৰ্বে হ’ব বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ। এই গ্ৰহণৰ ফলত তিনিটা ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি সূৰ্যগ্ৰহণৰ সময়ত কোন তিনিটা ৰাশিয়ে বিশেষ আশীৰ্বাদ লাভ কৰিব বা কাৰ ভাগ্য জিলিকি উঠিব জানো আহক।

শাৰদীয় নৱৰাত্ৰীলৈ মাত্ৰ এদিন আগতে অৰ্থাৎ ১৪ অক্টোবৰত বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ হ’বলৈ গৈ আছে। যাৰ প্ৰভাৱ নিশা ৮.৩৪ বজাৰ পৰা ২.২৫ বজালৈ থাকিব। কন্যা ৰাশি আৰু চিত্ৰ নক্ষত্ৰত এই সূৰ্যগ্ৰহণ হ’বলৈ গৈ আছে। বছৰৰ এই শেষৰটো সূৰ্যগ্ৰহণৰ মাত্ৰ এদিন পাছতে আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ১২টা ৰাশিৰ ওপৰত পৰিব। জ্যোতিষশাস্ত্ৰৰ মতে এই সূৰ্যগ্ৰহণে ১২টা ৰাশিত প্ৰভাৱ পেলাব যদিও ইয়াৰে শুভ প্ৰভাৱ ৩টা ৰাশিৰ ওপৰত দেখা যাব। দৰাচলতে সূৰ্যগ্ৰহণে এই তিনিটা ৰাশিৰ লোকৰ বাবে বহু ইতিবাচক আশা কঢ়িয়াই আনিব।

মিথুন ৰাশিৰ লোকসকল এই সূৰ্যগ্ৰহণৰ ফলত শুভ ফল লাভ কৰিব। এই ৰাশিৰ জাতক-জাতিকাসকলে হয়তো সৌভাগ্য লাভ কৰিব। ইয়াৰ বাহিৰেও তেওঁলোকে আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন দেখা পাব আৰু কেৰিয়াৰত উন্নত ফলাফল লাভ কৰিব। এই ৰাশিৰ লোকসকলে হঠাতে ধন লাভ কৰাৰ সম্ভাৱনাও দেখা যায়।

জ্যোতিষশাস্ত্ৰ মতে সিংহ ৰাশি লোকসকলৰ বাবেও সূৰ্যগ্ৰহণৰ ফলত শুভ ফল লাভ কৰিব। একে সময়তে কেৰিয়াৰৰ সৈতে জড়িত লোকসকলৰ বাবেও উন্নতিৰ যোগ দেখা যায়। ব্যৱসায় কৰা লোকসকলে ব্যৱসায়ত লাভ কৰিব।

জ্যোতিষশাস্ত্ৰৰ মতে অক্টোবৰ মাহৰ সূৰ্যগ্ৰহণে তুলা ৰাশিৰ লোকসকলেও বিশেষ শুভ ফল লাভ কৰাৰ লগতে আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ উপৰি অক্টোবৰ মাহত তুলা ৰাশিৰ লোকসকলে বহু ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ