--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শৰতৰ আগমনে দিয়ে পূজাৰ বতৰা। শাৰদী ৰাণী দুৰ্গা দেৱীৰ পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া উখল-মাখল পৰিৱেশ। ব্যস্ততাৰ শেষ নাই মৃৎ শিল্পীসকলৰো। পূজাৰ কেইবা মাহ আগৰে পৰাই দিন-ৰাতি একাকাৰ কৰি মৃণ্ময় শিল্পীসকল ব্যস্ত হৈ পৰে দুৰ্গা দেৱীৰ মাটিৰ প্ৰতিমা সজাত। এই শিল্পীসকলৰ হাতৰ পৰশত চালে চকুৰোৱা দেৱীক দৰ্শন কৰিবলৈ অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। কিন্তু আপোনালোকে জানেনে মাদুৰ্গাৰ অপৰূপ প্ৰতিমাৰ আঁৰত থকা অন্য এক কাহিনী? কিদৰে নিৰ্মাণ কৰা হয় প্ৰতিমা?

পূজা বুলিলেই ভক্তসকলৰ সমান্তৰালকৈ শিল্পালয়তো সৃষ্টি হয় উখল-মাখল পৰিৱেশ। প্ৰতিমা নিৰ্মাণৰ ব্যস্ততাৰে উজ্জীৱিত হৈ উঠে প্ৰতিখন শিল্পালয়। দৰাচলতে প্ৰতিমা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মাটিক যথেষ্ট পবিত্ৰ বুলি গণ্য কৰা হয়। দেৱীৰ মূৰ্তিত প্ৰথম পৰশ দিবৰ বাবে ব্যৱহাৰ কৰা হয় এই বিশেষ মাটি। হিন্দু ৰীতি-নীতি অথবা সমাজত প্ৰচলিত বিশ্বাস অনুসৰি গংগা নদীৰ পাৰৰ মাটি, গৰুৰ গোবৰ, গো-মূত্ৰ আৰু বেশ্যালয়ৰ বাহিৰৰ মাটি ব্যৱহাৰ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ। কিয়নো ইয়াৰ অবিহনে মূৰ্তি নিৰ্মাণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ ৰয়। পৰম্পৰাগত বিশ্বাস অনুসৰি বেশ্যাৰ হাতেৰেই উপহাৰ বা আশীৰ্বাদ হিচাপে গ্ৰহণ কৰা হয় প্ৰতিমা নিৰ্মাণৰ মাটি। যিহেতু এই মাটিক পুণ্য মাটি বুলি ধৰা হয়। পূৰ্বতে এই পৱিত্ৰ  হিচাপে গণ্য কৰা মাটি পুৰোহিতসকলে নিজেই গ্ৰহণ কৰিছিল। বৰ্তমান মৃণ্ময় শিল্পীসকলেই নিজেই গ্ৰহণ কৰে এই মাটি।





উল্লেখ্য যে যুগ যুগ ধৰি এই পৰম্পৰা চলি আহিছে যদিও ইয়াৰ কোনো প্ৰকৃত কাৰণ আজিপৰ্যন্ত জনা নাযায়। কিন্তু এই পৰম্পৰাৰ উৎপত্তি কেনেকৈ হ’ল আৰু এই মাটি ব্যৱহাৰৰ আঁৰৰ কাৰণ কি ইয়াৰ প্ৰকৃত কাৰণ জনা নাযায় যদিও লোকবিশ্বাস অনুসৰি যেতিয়া এজন লোকে বেশ্যাৰ ঘৰত প্ৰৱেশ কৰে, তেতিয়া তেওঁৰ সততা আৰু পৱিত্ৰতা ত্যাগ কৰে। অৰ্থাৎ তেওঁৰ সকলো বিশুদ্ধতা আৰু পৱিত্ৰতা বেশ্যাগৰাকীৰ ঘৰৰ বাহিৰতে মনৰ পৰা দূৰ কৰে। সেয়েহে এই মাটি আটাইতকৈ বিশুদ্ধ বুলি গণ্য কৰা হয়।দ্বিতীয়তে এই মাটি নাৰীৰ শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। কাৰণ মহিষাসুৰ আৰু মাদুৰ্গাৰ মাজত হোৱা যুদ্ধৰ সময়তে দেৱীয়ে নিজৰ শক্তি আৰু ক্ৰোধেৰে দমন কৰিছিল। সেয়েহে বেশ্যা ঘৰৰ পৰা মাটি ব্যৱহাৰ কৰাটোৱে সমাজৰ দ্বাৰা অৱহেলিত একাংশ মহিলাক শ্ৰদ্ধা আৰু সন্মান কৰাটোৱে বুজায়।তৃতীয়তে বেশ্যাসকলক যিহেতু সমাজত বক্ৰদৃষ্টিৰে চোৱা হয়। সেয়েহে বেশ্যাৰ ঘৰৰ বাহিৰৰ মাটি ব্যৱহাৰ কৰি তেওঁলোককো সমাজৰ এটা বিশেষ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। বিশ্বাস অনুসৰি যৌনকৰ্মীসকলক এটা সময়ত শিল্পী হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু সেই শিল্পৰ জৰিয়তে তেওঁলোকে এচাম লোকক শুশ্ৰূষা কৰিছিল। সেয়েহে তেওঁলোকৰ এই কৰ্মক সন্মান জনাই সমাজৰ অংশ হিচাপে বিবেচনা কৰা হয়। দৰাচলতে এই প্ৰক্ৰিয়াৰ দ্বাৰা বেশ্যাসকলক পাপমুক্ত কৰা হয় বুলিও কোৱা হয়।এই মাটি গ্ৰহণ কৰাৰ সময়ত পুৰোহিতসকলে এটা মন্ত্ৰোচাৰণ কৰে আৰু এই মন্ত্ৰই তেওঁলোকক পাপমুক্ত কৰে বুলি জনবিশ্বাস আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ