--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰযুক্তিৰ বিকাশৰ বাবে মনাৱ জীৱন যিমান সহজ হৈ পৰিছে সমান্তৰালভাৱে সমস্যাৰো সৃষ্টি কৰিছে৷ সম্প্ৰতি দ্ৰুতভাৱে পোৱা চাইবাৰ অপৰাধৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে এই লৈ চিন্তা ব্যক্ত কৰিছে। 

শনিবাৰে ৰাঁচীৰ মেছৰাস্থিত বিৰলা ইনষ্টিটিউট অৱ টেকন'লজিৰ ৭০ বছৰীয়া জয়ন্তী অনুষ্ঠান উদ্বোধন কৰি বৰ্ধিত চইবাৰ অপৰাধকলৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰযুক্তিয়ে যেনেকৈ মানুহক উন্নত জীৱন দিছে, প্ৰযুক্তিৰ অপব্যৱহাৰে মানুহক ক্ষতিও কৰিছে৷ ইয়াৰ দ্বাৰা গ্ৰাম্যজনসাধাৰণো প্ৰভাৱিত হৈছে। সেয়ে তেওঁলোকৰ মাজতো এই সজাগতা সৃষ্টি কৰিব লাগিব।

ৰাষ্ট্ৰপতিগৰাকীয়ে বিৰলা ইনষ্টিটিউট অৱ টেকন’লজি, মেছৰাই মহাকাশ আৰু ৰকেট বিজ্ঞানক আগুৱাই নিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে। একে সময়তে ৰাষ্ট্ৰপতিগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় আধুনিক প্ৰযুক্তিৰ সকলো ক্ষেত্ৰতে কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য বিজ্ঞানৰ প্ৰয়োজন। এই ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহে সকলো স্তৰতে প্ৰচাৰ কৰাটো প্ৰয়োজন।

লগতে কয় এইটো লক্ষ্য ৰাখিব লাগিব যে এই বিষয়টো অধ্যয়ন কৰাৰ সুযোগ কেৱল কেইজনমান লোকৰ মাজতে সীমাবদ্ধ হৈ নাথাকে, সকলো শ্ৰেণীৰ লোকে যাতে বিষয়টো অধ্যয়ন কৰাৰ সুযোগ পায়। কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা বিজ্ঞান অধ্যয়নৰ সুযোগ যাতে ছোৱালীয়েও পায় তাৰ বাবে শিক্ষানুষ্ঠানসমূহ আগবাঢ়ি আহিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ