--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাত জনমলৈ এক হৈ থাকিম বুলি হোমৰ গুৰিত সাক্ষী কৰি লৈ অনা কইনাজনীয়ে দৰাক কৰিলে প্ৰতাৰণা৷ শহুৰৰ ঘৰত কইনা প্ৰবেশ কৰাৰ পাছতেই ঘটিল অথন্তৰ৷ উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ লাখ লাখ টকাৰ গহনা লৈ কইনাৰ পলায়ন৷ এতিয়া দৰাজনে থানালৈ তাত বাতি কাঢ়ি থাকিবলগীয়া হৈছে। বৰ্তমান তেওঁ কইনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে কইনাৰ সন্ধান আৰম্ভ কৰিছে।
दुल्हन की शिकायत लेकर महराजगंज पुलिस के पास पहुंचा दूल्हा
গোটেই ঘটনাটো মহাৰাজগঞ্জৰ ঘুঘলী থানা এলেকাৰ ৰামপুৰ বলদিহাৰ। ইয়াৰে বাসিন্দা মনীষৰ বিবাহ ৭ ফেব্ৰুৱাৰীত কোঠীভাৰ থানা এলেকাৰ এগৰাকী যুৱতীৰ সৈতে সম্পন্ন হয়। ১০ ফেব্ৰুৱাৰীত কইনাজনী শহুৰেকৰ ঘৰলৈ আহে। ঘৰৰ ভিৰ-ভাৰৰ বাবে দৰাৰ ভনীয়েকে নিজৰ গহনা আদি কইনাৰ কোঠাত ৰাখিছিল।

বিয়াত পত্নীক ৩.৫ লাখ টকাৰ গহনা দিছিল বুলি স্বামীয়ে জনাইছে। ইয়াৰ লগতে সেই কোঠাত প্ৰায় ২.৫ লাখ টকাৰ গহনা তেওঁৰ ভগ্নীৰ আছিল। এই সকলোবোৰ গহনা লৈ নতুন কইনা পলাই যায়। আৰক্ষীক দিয়া এজাহাৰত স্বামীয়ে লিখিছে যে ১১ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৮ বজাত সকলোৱে ঘৰতে খাদ্যৰ ব্যৱস্থা কৰাত ব্যস্ত হৈ পৰিছিল, কইনাগৰাকীয়ে তাৰে সুযোগ গ্ৰহণ কৰি কোঠাটোত ৰখা সকলো গহনা চুৰি কৰি পলায়ন কৰে।

গোটেই নিশা কইনাগৰাকীৰ সন্ধান কৰা হয় যদিও ক’তো পোৱা নগ’ল, সেয়েহে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হয়। কইনাৰ পিতৃ-মাতৃয়েও তেওঁৰ কথা নাজানো বুলি কয়। এই ঘটনাত কইনাৰ পৰিয়ালৰ লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে।

বৰ্তমান অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰি অধিক ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ