--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পৰিয়ালৰ অভিযোগ অনুসৰি মীনুক প্ৰেমিক ইৰফানে হত্যা কৰি ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চিপজৰী লগাই দিছে।

ডিজিটেল ডেস্কঃ এগৰাকী বিউটিচিয়ানৰ মৃতদেহ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে।উত্তৰ প্ৰদেশৰ ঝান্সীৰ সদৰ থানা এলেকাৰ ভগৱন্তপুৰাত ৩৮ বছৰীয়া বিউটিচিয়ান মীনু প্ৰজাপতিৰ মৃতদেহ ফান্দত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


পৰিয়ালৰ অভিযোগ অনুসৰি মীনুক প্ৰেমিক ইৰফানে হত্যা কৰি ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চিপজৰী লগাই দিছে। মীনুৱে দীৰ্ঘদিন ধৰি ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপত আছিল। ইতিমধ্যে ইৰফানৰ বিয়া হৈছিল আৰু শেহতীয়াকৈ ইৰফানে দ্বিতীয় বিবাহ কৰা বাবে দুয়োৰে মাজত বিবাদ বাঢ়ি গৈছিল। 


মীনু আৰু ইৰফানৰ বন্ধুত্ব প্ৰায় ২০ বছৰ পুৰণি। বিবাহ বিচ্ছেদৰ পিছত মীনুৱে পৃথকে থাকিবলৈ লৈছিল আৰু ইৰফানৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। ইজনে সিজনক এৰি থাকিব নোৱাৰি বহু বছৰ দুয়ো লিভ-ইন ৰিলেছনশ্বিপত আছিল। কিন্তু ইৰফানে শেহতীয়াকৈ দ্বিতীয়বাৰৰ বাবে কৰাইছিল। ইয়াৰ বাবে মীনু মানসিক চাপত পৰিছিল আৰু দুয়োৰে মাজত বিবাদ বাঢ়িছিল।


মীনুৰ দুই ভায়েক শ্ৰীৰাম আৰু ৰাকেশে মীনুক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকে কয় যে মৃতদেহটোৰ ভৰি দুখনে মাটি স্পৰ্শ কৰি আছিল আৰু মৃতদেহটোত আঘাতৰ চিন আছিল। এই ঘটনাৰ পিছত ইৰফানে আৰক্ষীক অৱগত নকৰাকৈয়ে মৃতদেহ দাহ কৰিব বিচাৰিছিল বুলি পৰিয়ালৰ লোকে দাবী কৰে।


সদৰ বজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ সিঙে কয় যে মীনু আৰু ইৰফানৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল আৰু প্ৰাৰম্ভিক তদন্ত আত্মহত্যাৰ গোচৰ যেন লাগে। চি অ’ চিটি লক্ষ্মীকান্ত গৌতমে কয় যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে আৰু প্ৰতিবেদন অহাৰ পিছত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ