--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পৰিয়ালৰ অভিযোগ অনুসৰি মীনুক প্ৰেমিক ইৰফানে হত্যা কৰি ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চিপজৰী লগাই দিছে।

ডিজিটেল ডেস্কঃ এগৰাকী বিউটিচিয়ানৰ মৃতদেহ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে।উত্তৰ প্ৰদেশৰ ঝান্সীৰ সদৰ থানা এলেকাৰ ভগৱন্তপুৰাত ৩৮ বছৰীয়া বিউটিচিয়ান মীনু প্ৰজাপতিৰ মৃতদেহ ফান্দত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


পৰিয়ালৰ অভিযোগ অনুসৰি মীনুক প্ৰেমিক ইৰফানে হত্যা কৰি ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চিপজৰী লগাই দিছে। মীনুৱে দীৰ্ঘদিন ধৰি ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপত আছিল। ইতিমধ্যে ইৰফানৰ বিয়া হৈছিল আৰু শেহতীয়াকৈ ইৰফানে দ্বিতীয় বিবাহ কৰা বাবে দুয়োৰে মাজত বিবাদ বাঢ়ি গৈছিল। 


মীনু আৰু ইৰফানৰ বন্ধুত্ব প্ৰায় ২০ বছৰ পুৰণি। বিবাহ বিচ্ছেদৰ পিছত মীনুৱে পৃথকে থাকিবলৈ লৈছিল আৰু ইৰফানৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। ইজনে সিজনক এৰি থাকিব নোৱাৰি বহু বছৰ দুয়ো লিভ-ইন ৰিলেছনশ্বিপত আছিল। কিন্তু ইৰফানে শেহতীয়াকৈ দ্বিতীয়বাৰৰ বাবে কৰাইছিল। ইয়াৰ বাবে মীনু মানসিক চাপত পৰিছিল আৰু দুয়োৰে মাজত বিবাদ বাঢ়িছিল।


মীনুৰ দুই ভায়েক শ্ৰীৰাম আৰু ৰাকেশে মীনুক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকে কয় যে মৃতদেহটোৰ ভৰি দুখনে মাটি স্পৰ্শ কৰি আছিল আৰু মৃতদেহটোত আঘাতৰ চিন আছিল। এই ঘটনাৰ পিছত ইৰফানে আৰক্ষীক অৱগত নকৰাকৈয়ে মৃতদেহ দাহ কৰিব বিচাৰিছিল বুলি পৰিয়ালৰ লোকে দাবী কৰে।


সদৰ বজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ সিঙে কয় যে মীনু আৰু ইৰফানৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল আৰু প্ৰাৰম্ভিক তদন্ত আত্মহত্যাৰ গোচৰ যেন লাগে। চি অ’ চিটি লক্ষ্মীকান্ত গৌতমে কয় যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে আৰু প্ৰতিবেদন অহাৰ পিছত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু