--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিগত কেইবাবছৰো ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালে বাৰে বাৰে বাধা দি থকাৰ বাবে দুয়ো বিয়া পতাৰ সিদ্ধান্ত লৈ আৰক্ষী থানাত উপস্থিত হয়।

ডিজিটেল ডেস্কঃএহাল যুৱক-যুৱতীৰ প্ৰেমত বাধা দিছিল পৰিয়ালৰ লোকে। পৰিয়ালৰ হকা-বাধা নামানি দুয়ো চলাই গৈছিল অদম্য প্ৰেম। উত্তৰ প্ৰদেশৰ ঝান্সীত এক বিবাহ সম্পন্ন হয় যিটো সমগ্ৰ অঞ্চলটোৰ চৰ্চাৰ বিষয় হৈ পৰিছে।


বিগত কেইবাবছৰো ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালে বাৰে বাৰে বাধা দি থকাৰ বাবে দুয়ো বিয়া পতাৰ সিদ্ধান্ত লৈ আৰক্ষী থানাত উপস্থিত হয়। পুলিচে তেওঁলোকৰ কথা শুনাই নহয়, দুয়োটা পৰিয়ালক পতিয়ন নিয়াই মন্দিৰত দুয়োৰে বিয়া পাতি দিলে।


তথ্য অনুসৰি লাহচুৰা নিবাসী মিথিলেশ ৰাইকৱাৰ আৰু সঞ্জয় ৰাইকৱাৰৰ মাজত প্ৰায় ৭-৮ বছৰ প্ৰেমৰ সম্পৰ্ক আছিল। সঞ্জয়ৰ মোমায়েকৰ ঘৰ মিথিলেশৰ ঘৰৰ সন্মুখত আছিল আৰু সঞ্জয় মোমায়েকৰ ঘৰতে বহু বছৰ ধৰি আছিল। তেতিয়াই দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল, যিটো ক্ৰমান্বয়ে গভীৰ প্ৰেমলৈ পৰিণত হৈছিল। দুয়োজনে আজীৱন একেলগে থকাৰ প্ৰতিজ্ঞা কৰি বিয়া হোৱাৰ সিদ্ধান্ত লয়।


কিন্তু মিথিলেশৰ পৰিয়ালে যেতিয়া এই সম্পৰ্কৰ কথা গম পালে, তেতিয়া তেওঁলোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিলে। ছোৱালীজনীৰ পৰিয়ালে গালি-গালাজ আৰু ভাবুকি দিয়াৰ লগতে প্ৰেমিক সঞ্জয়ৰ লগত কথা পতাটো বাধা প্ৰদান কৰে। সঞ্জয়ৰ পৰিয়ালেও এই সম্পৰ্কত বাধা দিছিল। দুয়ো প্ৰেমিক-প্ৰেমিকাই নিজৰ সিদ্ধান্তত অটল থাকি ৰাক্সা থানাত উপস্থিত হয়।


আৰক্ষীয়ে থানাত দুয়োকে জেৰা কৰি প্ৰাপ্তবয়স্ক বুলি গম পায়। ইয়াৰ পিছতে আৰক্ষীয়ে দুয়োটা পৰিয়ালক থানালৈ মাতি আনে। বহুত বুজা-বুজিৰ অন্তত দুয়ো পৰিয়ালে মান্তি হৈ বিয়াৰ সেউজ সংকেত দিলে। ওচৰৰ কৰৌন্দি মাতা মন্দিৰত আৰক্ষীয়ে মিথিলেশ আৰু সঞ্জয়ৰ বিয়া পাতি দিলে। সম্পূৰ্ণ ৰীতি-নীতিৰে এই বিবাহ সম্পন্ন হৈছিল।


বিয়াৰ পিছত মিথিলেশে সুখ প্ৰকাশ কৰি কয় যে, ‘আজি মোৰ ইচ্ছা পূৰণ হ’ল, আৰক্ষীয়ে আমাক সহযোগ কৰি মন্দিৰত বিয়া পাতি দিলে।’ সঞ্জয়ে ক'লে, 'আমি ৭-৮ বছৰ প্ৰেমত আছিলো আৰু ছোৱালীজনীৰ পৰিয়াল মান্তি নোহোৱাৰ বাবেই থানালৈ আহিলোঁ, আৰক্ষীয়ে আমাক সহায় কৰি বিয়াৰ বান্ধোনত বান্ধি দিলে। আজি আমি বহুত সুখী'।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ