--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ চহৰ পেৰিছ। এই প্ৰেমৰ চহৰতে ২০২৪ বৰ্ষৰ অলিম্পিক ক্ৰীড়া অনুষ্ঠিত হৈছে। বিভিন্ন দেশৰ বিভিন্ন গৰাকী খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ গ্ৰহণ কৰিছে। খেলৰ বাবে খেলুৱৈসকল চৰ্চাত থকাৰ সময়তে এইবাৰ পেৰিছ অলিম্পিকত চৰ্চাত আহিছে এগৰাকী বেডমিন্টন খেলুৱৈ। 

পেৰিছ অলিম্পিকৰ পৰা আহিয়েই আছে ৰোমাঞ্চকৰ খবৰ। এতিয়া প্ৰেমৰ বাবে বিশ্বজুৰি চৰ্চাত চীনৰ বেডমিন্টন খেলুৱৈ ঝেংচিৱেই। বেডমিন্টনৰ মিক্সড ডাবলছত জয়লাভৰ পিছতে চীনৰ সহ-খেলুৱৈ হুয়াংয়াকিয়ঙক ঝেংচিৱেইয়ে আগবঢ়ালে প্ৰেমৰ প্ৰস্তাৱ। এটি আঙুঠি পিন্ধাই আৱেগিক হৈ পৰিল প্ৰেমিকযুগল। 

চীনৰ স্বৰ্ণপদক বিজয়ী খেলুৱৈগৰাকীৰ চকুত সুখৰ চকুপানীয়ে সকলোকে আৱেগিক কৰি তুলিছিল। খেলুৱৈগৰাকীয়ে হাতত স্বৰ্ণ পদকৰ সৈতে যেন প্ৰেমিকাৰ স্বৰ্ণ হৃদয়খনো জয় কৰিবলৈ সক্ষম হয়। ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিক বিভিন্ন বিষয়ৰ বাবে যিহেতু বিতৰ্কৰ বাবেও চৰ্চাত আছে সেইবাবে এতিয়া বিশ্বৰ কোণে কোণে চীনৰ এই খেলুৱৈ প্ৰেমিকযুগলৰ প্ৰেম কাহিনী সকলোৱে জানিব বিচাৰিছে ।‌ সকলোৰে মুখে মুখে এতিয়া চৰ্চাত চীনৰ বেডমিন্টন খেলুৱৈ ঝেংচিৱেইযে আৰু হুয়াংয়াকিয়ঙৰ প্ৰেমকাহিনী। এই ভালপোৱা‌ই যেন এক নতুন ইতিহাস সৃষ্টি কৰিলে। প্ৰতিগৰাকী লোকৰে হৃদয় জিনিলে এই ভালপোৱা‌ই। 

খেলৰ যুদ্ধৰ মাজতে প্ৰেমৰ চহৰ পেৰিছত প্ৰেমৰ ৰামধেনু‌ আঁকিলে ঝেংচিৱেই আৰু হুয়াংয়াকিয়ঙৰ ভালপোৱা‌ই। এগৰাকী স্বৰ্ণ পদক বিজয়ী খেলুৱৈ‌ আৰু সহ-খেলুৱৈৰ মৰম ভালপোৱাৰ কাহিনী পেৰিছ অলিম্পিকৰ ইতিহাসত লিপিবদ্ধ হৈ ৰ'ব। ঝেংচিৱেই আৰু হুয়াংয়াকিয়ঙয়ে প্ৰেমৰ চহৰ পেৰিছত আঁকি দিলে প্ৰেমৰ ৰং। খেলত জয় হোৱাৰ পাছতেই আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই প্ৰেমিক খেলুৱৈ ঝেংচিৱেইয়ে আলিংগন কৰিলে হুয়াংয়াকিয়ঙক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক