--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ চহৰ পেৰিছ। এই প্ৰেমৰ চহৰতে ২০২৪ বৰ্ষৰ অলিম্পিক ক্ৰীড়া অনুষ্ঠিত হৈছে। বিভিন্ন দেশৰ বিভিন্ন গৰাকী খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ গ্ৰহণ কৰিছে। খেলৰ বাবে খেলুৱৈসকল চৰ্চাত থকাৰ সময়তে এইবাৰ পেৰিছ অলিম্পিকত চৰ্চাত আহিছে এগৰাকী বেডমিন্টন খেলুৱৈ। 

পেৰিছ অলিম্পিকৰ পৰা আহিয়েই আছে ৰোমাঞ্চকৰ খবৰ। এতিয়া প্ৰেমৰ বাবে বিশ্বজুৰি চৰ্চাত চীনৰ বেডমিন্টন খেলুৱৈ ঝেংচিৱেই। বেডমিন্টনৰ মিক্সড ডাবলছত জয়লাভৰ পিছতে চীনৰ সহ-খেলুৱৈ হুয়াংয়াকিয়ঙক ঝেংচিৱেইয়ে আগবঢ়ালে প্ৰেমৰ প্ৰস্তাৱ। এটি আঙুঠি পিন্ধাই আৱেগিক হৈ পৰিল প্ৰেমিকযুগল। 

চীনৰ স্বৰ্ণপদক বিজয়ী খেলুৱৈগৰাকীৰ চকুত সুখৰ চকুপানীয়ে সকলোকে আৱেগিক কৰি তুলিছিল। খেলুৱৈগৰাকীয়ে হাতত স্বৰ্ণ পদকৰ সৈতে যেন প্ৰেমিকাৰ স্বৰ্ণ হৃদয়খনো জয় কৰিবলৈ সক্ষম হয়। ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিক বিভিন্ন বিষয়ৰ বাবে যিহেতু বিতৰ্কৰ বাবেও চৰ্চাত আছে সেইবাবে এতিয়া বিশ্বৰ কোণে কোণে চীনৰ এই খেলুৱৈ প্ৰেমিকযুগলৰ প্ৰেম কাহিনী সকলোৱে জানিব বিচাৰিছে ।‌ সকলোৰে মুখে মুখে এতিয়া চৰ্চাত চীনৰ বেডমিন্টন খেলুৱৈ ঝেংচিৱেইযে আৰু হুয়াংয়াকিয়ঙৰ প্ৰেমকাহিনী। এই ভালপোৱা‌ই যেন এক নতুন ইতিহাস সৃষ্টি কৰিলে। প্ৰতিগৰাকী লোকৰে হৃদয় জিনিলে এই ভালপোৱা‌ই। 

খেলৰ যুদ্ধৰ মাজতে প্ৰেমৰ চহৰ পেৰিছত প্ৰেমৰ ৰামধেনু‌ আঁকিলে ঝেংচিৱেই আৰু হুয়াংয়াকিয়ঙৰ ভালপোৱা‌ই। এগৰাকী স্বৰ্ণ পদক বিজয়ী খেলুৱৈ‌ আৰু সহ-খেলুৱৈৰ মৰম ভালপোৱাৰ কাহিনী পেৰিছ অলিম্পিকৰ ইতিহাসত লিপিবদ্ধ হৈ ৰ'ব। ঝেংচিৱেই আৰু হুয়াংয়াকিয়ঙয়ে প্ৰেমৰ চহৰ পেৰিছত আঁকি দিলে প্ৰেমৰ ৰং। খেলত জয় হোৱাৰ পাছতেই আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই প্ৰেমিক খেলুৱৈ ঝেংচিৱেইয়ে আলিংগন কৰিলে হুয়াংয়াকিয়ঙক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ