--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পেৰিছ অলিম্পিকৰ অষ্টম দিন। ভাৰতীয় শ্বুটাৰ মনু ভাকেৰে ২০২৪ চনৰ পেৰিছ অলিম্পিকত ২৫ মিটাৰ পিষ্টল প্ৰতিযোগিতাত পদক লাভ কৰিব নোৱাৰিলেও প্ৰত্যেকজন ভাৰতীয়ৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ মনুৱে ২৫ মিটাৰ পিষ্টল ইভেণ্টত চতুৰ্থ স্থান দখল কৰে, এক গৌৰৱৰ বিষয় যে একেখন অলিম্পিকতে দুটা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈত পৰিণত মনু ভাকেৰ৷

ইয়াৰ পূৰ্বে মনুয়ে ১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতা আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিশ্ৰিত দলীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। মনুৱে উছেইন ব’ল্ট আৰু মাইকেল ফেলপ্ছৰ দৰে মহান খেলুৱৈৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত হ’ল। ৮ খন ছিৰিজৰ অন্তত মনু আৰু হাংগেৰীৰ ভেৰ’নিকা মেজৰৰ ২৮-২৮ পইণ্ট হয়। এনে পৰিস্থিতিত এলিমিনেচনৰ বাবে শ্বুট অফ হ’ল, য’ত মনুৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। এলিমিনেচন ৰাউণ্ডৰ পিছত চতুৰ্থ স্থানত থাকে মনু৷


যশপাল ৰানাৰ সহায়ত মনু ভাকেৰে ৰচিলে ইতিহাস

মনু ভাকেৰৰ ঐতিহাসিক প্ৰদৰ্শনৰ বাবে তেওঁৰ প্ৰশিক্ষক যশপাল ৰানাও সমানেই অংশীদাৰী৷ টকিঅ’ অলিম্পিকত যেতিয়া মনুৰ ভাগ্যত বিজয় লিখা নাছিল, তেতিয়া ভাৰতীয় শ্বুটাৰগৰাকী মানসিকভাৱে ভাঙি পৰিছিল। কেৱল এয়াই নহয়, মনুৱে খেল এৰি যোৱাৰ কথাও ভাবিবলৈ ধৰিছিল। কিন্তু সেই সময়ছোৱাত মনুৱে ভাগৱত পঢ়িবলৈ আৰম্ভ কৰিলে, যিয়ে মনুক পুনৰ উৎসাহিত কৰিলে। তাৰপাছত মনুয়ে নিজৰ পুৰণি প্ৰশিক্ষক যশপালক ফোন কৰি প্ৰশিক্ষণ দিয়াৰ কথা ক’লে, মনুৰ ফোন পোৱাৰ পিছত যশপালে তেওঁক প্ৰশিক্ষণ দিবলৈ মান্তি হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক