--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইডিয়ে বুধবাৰে নিশা পাৰ্থ চেটাৰ্জীৰ ‘অন্তৰংগ বন্ধু’ অৰ্পিতা মুখাৰ্জীৰ বেলঘৰীয়া ফ্লেটতো তালাচী চলাই ধনৰ পাহাৰ উদ্ধাৰ কৰে। ইডিৰ সূত্ৰ অনুসৰি সেই ফ্লেটৰ পৰা এতিয়ালৈকে প্ৰায় ৩০ কোটি টকা উদ্ধাৰ কৰা হৈছে। সেই টকাখিনি নিবলৈ বেলঘৰিয়াৰ ৰথতলাৰ সেই অভিজাত বাসগৃহলৈ এখন ট্ৰাক অনা হৈছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সূত্ৰ অনুসৰি উদ্ধাৰ হোৱা নগদ ধনখিনি ট্ৰাকখনৰ ভিতৰত থকা ট্ৰাংকলৈ লৈ যোৱা হ’ব।

বুধবাৰে নিশা প্ৰায় ১১.১৫ বজাত অৰ্পিতাৰ বেলঘৰীয়া বাসগৃহত উপস্থিত হয় ট্ৰাকখন। ইডিৰ সূত্ৰ অনুসৰি ট্ৰাকখনৰ ভিতৰত ২০টা ট্ৰাংক আছে। সেই ট্ৰাংকবোৰত ভৰ্তি হৈ আছে উদ্ধাৰ কৰা কোটি টকা। ট্ৰাকখন আহি আছে বুলি শুনি অৰ্পিতাৰ ফ্লেটলৈ আহিল ভাৰতীয় ষ্টেট বেংকৰ আৰু দুজন কৰ্মচাৰী। ইডিৰ দাবী, অৰ্পিতাৰ ঘৰত অধিক নগদ ধন আছে। ইয়াক গণনা কৰিবলৈ আৰু দুজন বেংক কৰ্মচাৰীক মাতি অনা হৈছে।

সন্ধিয়াৰ পৰা চাৰিটা নোট গণনা কৰা মেচিনেৰে টকা গণনা কৰা হয়। ইডিৰ সূত্ৰ অনুসৰি প্ৰথম ৰাউণ্ডত ১৫ কোটি টকা গণনা কৰা সম্ভৱ হ'ল। কিছু মুহূৰ্তৰ ভিতৰতে খবৰ আহিল যে আৰু ৫ কোটি টকা গণনা কৰা হ’ল। ইয়াৰ বাহিৰেও বহুতো সোণৰ সামগ্ৰীও উদ্ধাৰ হৈছে, যাৰ বজাৰ মূল্য কমেও দুকোটি টকা হ’ব পাৰে। ৰূপালী মুদ্ৰাও উদ্ধাৰ কৰা হৈছে। ইডিৰ সূত্ৰ অনুসৰি কেইবাখনো নথি-পত্ৰও পোৱা গৈছে। 

প্ৰসংগক্ৰমে শুকুৰবাৰে ইডিয়ে টলিগংগেৰ এটা আভিজাত্য বাসগৃহত থকা অৰ্পিতাৰ ফ্লেটৰ পৰা ২১ কোটি নগদ ধন, গহনা আৰু বিদেশী মুদ্ৰা উদ্ধাৰ কৰে। ইয়াৰ পাছত জানিব পৰা গৈছে যে পাৰ্থৰ ‘ইণ্টিমেট ফ্ৰেণ্ড’ৰ বেলঘৰিয়াতো এটা ফ্লেট আছে। আৰু শেহতীয়াকৈ বুধবাৰে পুৱা ইডিয়ে তাত অভিযান চলায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ