--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহত চৰকাৰে ৰেগিং বন্ধ কৰিবলৈ কঠোৰ আইন বলবৎ কৰিছে যদিও এতিয়াও বহু সম্ভ্ৰান্ত শৈক্ষিক প্ৰতিষ্ঠানত নিৰ্বিবাদে চলি আছে ৰেগিং। শেহতীয়াকৈ মধ্য প্ৰদেশৰ ৰাজ্য চৰকাৰৰ অধীনষ্ঠ  চিকিৎসা মহাবিদ্যালয় এখনৰ জ্যেষ্ঠ এমবিবিএছ শিক্ষাৰ্থীৰ এটা দলৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ উত্থাপন হৈছে। 

জ্যেষ্ঠ এমবিবিএছ শিক্ষাৰ্থীৰ  দলটোৱে কনিষ্ঠসকলক অশ্লীল আৰু অপমানজনক কাম কৰিবলৈ বাধ্য কৰোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। কৰ্তৃপক্ষই অৱশ্যে এতিয়ালৈকে ৰেগিং কৰা শিক্ষাৰ্থীসকলৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই। ইন্দোৰৰ এমজিএম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষাৰ্থী একাংশই   কনিষ্ঠসকলক কৰা ৰেগিঙৰ বিষয়ে   কনিষ্ঠসকলে  বিশ্ববিদ্যালয় অনুদান আয়োগ, এণ্টি-ৰেগিং হেল্পলাইন আদিত ডায়েল কৰিছিল । 

ইয়াৰ পিছতে আৰক্ষীয়ে   কনিষ্ঠ শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।একাংশ কনিষ্ঠ শিক্ষাৰ্থীয়ে  আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে  জ্যেষ্ঠ এমবিবিএছ শিক্ষাৰ্থীৰ এটা দলে তেওঁলোকক  গাৰুৰ সৈতে  অপ্ৰাকৃতি  যৌন সম্ভোগ কৰাৰ ভাও জুৰিবলৈবাধ্য কৰিছিল। ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছতে  মহাবিদ্যালয়ৰ ৰেগিং বিৰোধী সমিতিয়ে সকলো অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত  এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছে।

 ইন্দোৰ আৰক্ষীয়ে কৈছে যে তেওঁলোকে সকলো এমবিবিএছ ফ্ৰেচাৰৰ ভাষ্য লিপিবদ্ধ কৰা আৰম্ভ কৰিছে। ইউজিচিৰ এণ্টি-ৰেগিং হেল্পলাইনত এজন কনিষ্ঠ শিক্ষাৰ্থীয়ে কৰা অভিযোগত জ্যেষ্ঠসকলে নতুন  শিক্ষাৰ্থীসকলক আপত্তিজনক আৰু অশ্লীল কাম কৰিবলৈ বাধ্য কৰোৱা বুলি কোৱা হৈছে।  ইউজিচিৰ ওচৰত কৰা অভিযোগত অভিযোগ কনিষ্ঠ শিক্ষাৰ্থী একাংশই লগতে এইবুলিও কৈছে যে  কিছুমান অধ্যাপকে ৰেগিঙক নিৰুৎসাহিত কৰিবলৈ একো পদক্ষেপ গ্ৰহণ কৰা নাছিল, তেওঁলোকে পৰোক্ষভাবে ইয়াক  সমৰ্থনহে কৰিছিল বুলি অভিযোগ উঠিছে। 

কনিষ্ঠ শিক্ষাৰ্থীসকলে অভিযোগ কৰিছে যে তেওঁলোকৰ মোবাইল ফোন কাঢ়ি লোৱা হৈছিল, তেওঁলোকক বহিবলৈ বাধ্য কৰা হৈছিল, আৰু ইজনে সিজনক  জোৰেৰে চৰ মাৰিবলৈ বাধ্য কৰোৱা হৈছিল।  ঘটনাটো সন্দৰ্ভত স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেহজিব কাজীয়ে কয় " আমি চিকিৎসা মহাবিদ্যালয়ৰ সংশ্লিষ্ট সকলো শিক্ষাৰ্থীৰ বিবৃতি লিপিবদ্ধ কৰি আছো, যাৰ আধাৰত অভিযুক্ত জ্যেষ্ঠসকলক চিনাক্ত কৰা হ'ব" ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু