--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহত চৰকাৰে ৰেগিং বন্ধ কৰিবলৈ কঠোৰ আইন বলবৎ কৰিছে যদিও এতিয়াও বহু সম্ভ্ৰান্ত শৈক্ষিক প্ৰতিষ্ঠানত নিৰ্বিবাদে চলি আছে ৰেগিং। শেহতীয়াকৈ মধ্য প্ৰদেশৰ ৰাজ্য চৰকাৰৰ অধীনষ্ঠ  চিকিৎসা মহাবিদ্যালয় এখনৰ জ্যেষ্ঠ এমবিবিএছ শিক্ষাৰ্থীৰ এটা দলৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ উত্থাপন হৈছে। 

জ্যেষ্ঠ এমবিবিএছ শিক্ষাৰ্থীৰ  দলটোৱে কনিষ্ঠসকলক অশ্লীল আৰু অপমানজনক কাম কৰিবলৈ বাধ্য কৰোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। কৰ্তৃপক্ষই অৱশ্যে এতিয়ালৈকে ৰেগিং কৰা শিক্ষাৰ্থীসকলৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই। ইন্দোৰৰ এমজিএম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষাৰ্থী একাংশই   কনিষ্ঠসকলক কৰা ৰেগিঙৰ বিষয়ে   কনিষ্ঠসকলে  বিশ্ববিদ্যালয় অনুদান আয়োগ, এণ্টি-ৰেগিং হেল্পলাইন আদিত ডায়েল কৰিছিল । 

ইয়াৰ পিছতে আৰক্ষীয়ে   কনিষ্ঠ শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।একাংশ কনিষ্ঠ শিক্ষাৰ্থীয়ে  আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে  জ্যেষ্ঠ এমবিবিএছ শিক্ষাৰ্থীৰ এটা দলে তেওঁলোকক  গাৰুৰ সৈতে  অপ্ৰাকৃতি  যৌন সম্ভোগ কৰাৰ ভাও জুৰিবলৈবাধ্য কৰিছিল। ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছতে  মহাবিদ্যালয়ৰ ৰেগিং বিৰোধী সমিতিয়ে সকলো অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত  এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছে।

 ইন্দোৰ আৰক্ষীয়ে কৈছে যে তেওঁলোকে সকলো এমবিবিএছ ফ্ৰেচাৰৰ ভাষ্য লিপিবদ্ধ কৰা আৰম্ভ কৰিছে। ইউজিচিৰ এণ্টি-ৰেগিং হেল্পলাইনত এজন কনিষ্ঠ শিক্ষাৰ্থীয়ে কৰা অভিযোগত জ্যেষ্ঠসকলে নতুন  শিক্ষাৰ্থীসকলক আপত্তিজনক আৰু অশ্লীল কাম কৰিবলৈ বাধ্য কৰোৱা বুলি কোৱা হৈছে।  ইউজিচিৰ ওচৰত কৰা অভিযোগত অভিযোগ কনিষ্ঠ শিক্ষাৰ্থী একাংশই লগতে এইবুলিও কৈছে যে  কিছুমান অধ্যাপকে ৰেগিঙক নিৰুৎসাহিত কৰিবলৈ একো পদক্ষেপ গ্ৰহণ কৰা নাছিল, তেওঁলোকে পৰোক্ষভাবে ইয়াক  সমৰ্থনহে কৰিছিল বুলি অভিযোগ উঠিছে। 

কনিষ্ঠ শিক্ষাৰ্থীসকলে অভিযোগ কৰিছে যে তেওঁলোকৰ মোবাইল ফোন কাঢ়ি লোৱা হৈছিল, তেওঁলোকক বহিবলৈ বাধ্য কৰা হৈছিল, আৰু ইজনে সিজনক  জোৰেৰে চৰ মাৰিবলৈ বাধ্য কৰোৱা হৈছিল।  ঘটনাটো সন্দৰ্ভত স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেহজিব কাজীয়ে কয় " আমি চিকিৎসা মহাবিদ্যালয়ৰ সংশ্লিষ্ট সকলো শিক্ষাৰ্থীৰ বিবৃতি লিপিবদ্ধ কৰি আছো, যাৰ আধাৰত অভিযুক্ত জ্যেষ্ঠসকলক চিনাক্ত কৰা হ'ব" ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ