--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযোগ অনুসৰি তেওঁ নিজৰ "প্ৰেম" প্ৰমাণ কৰিবলৈ পত্নীক হত্যা কৰা বুলি দাবী কৰিছিল আৰু সম্পৰ্কত থকা প্ৰতিগৰাকী মহিলালৈ একেটা মেছেজ প্ৰেৰণ কৰিছিল।

ডিজিটেল ডেস্কঃ "তোমাৰ বাবেই মোৰ পত্নীক হত্যা কৰিলোঁ..." পত্নীক হত্যা কৰাৰ পিছত কেইবাগৰাকীও মহিলালৈ এই মেছেজ প্ৰেৰণ কৰে ডাঃ মহেন্দ্ৰ ৰেড্ডীয়ে। মহেন্দ্ৰ ৰেড্ডীৰ পত্নীও এগৰাকী চিকিৎসক। অন্য কেইবাগৰাকী মহিলাৰ সৈতে থকা পৰকীয়া সম্পৰ্কৰ বাবেই ডাঃ মহেন্দ্ৰ ৰেড্ডীয়ে হত্যা কৰিলে পত্নী ডাঃ কৃতিকা ৰেড্ডীক। 


বেংগালুৰুত সংঘটিত হৈছে এই জঘন্য ঘটনা। আৰক্ষীয়ে ডাঃ কৃতিকা ৰেড্ডীৰ হত্যাকাণ্ড সন্দৰ্ভত এক উল্লেখযোগ্য প্ৰকাশ কৰিছে। এই হত্যাকাণ্ডৰ অভিযোগত স্বামী মহেন্দ্ৰ ৰেড্ডীক গ্ৰেপ্তাৰ কৰা হৈছে। বেংগালুৰু আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি পত্নীক হত্যা কৰাৰ পিছত অভিযুক্ত মহেন্দ্ৰই কমেও চাৰি-পাঁচগৰাকী মহিলালৈ এই বাৰ্তা প্ৰেৰণ কৰি কয় যে, "মই তোমাৰ বাবে মোৰ পত্নীক হত্যা কৰিলোঁ।" এবছৰৰো অধিক সময় ধৰি এই মহিলাসকলৰ সংস্পৰ্শত আছিল ডাঃ মহেন্দ্ৰ ৰেড্ডী। 


আৰক্ষী সূত্ৰই জনোৱা মতে, অভিযুক্ত চিকিৎসকজনে ছ’চিয়েল মিডিয়া আৰু মেছেজিং এপৰ ​​জৰিয়তে কেইবাগৰাকীও মহিলাৰ সৈতে যোগাযোগ কৰিছিল আৰু মধুৰ সম্পৰ্ক ৰক্ষা কৰিছিল। 


অভিযোগ অনুসৰি তেওঁ নিজৰ "প্ৰেম" প্ৰমাণ কৰিবলৈ পত্নীক হত্যা কৰা বুলি দাবী কৰিছিল আৰু সম্পৰ্কত থকা প্ৰতিগৰাকী মহিলালৈ একেটা মেছেজ প্ৰেৰণ কৰিছিল। 


তদন্তকাৰী আৰক্ষীয়ে জনায় যে অভিযুক্ত চিকিৎসকজনে বিবাহিত হোৱাৰ পিছতো কেইবাগৰাকীও মহিলাৰ সৈতে অনলাইন সম্পৰ্ক স্থাপন কৰিছিল। ২৪ এপ্ৰিলত তেওঁৰ পত্নী ডাঃ কৃতিকা ৰেড্ডী সন্দেহজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ হয়। প্ৰথমে এই ঘটনাক আত্মহত্যা বুলি ভবা হৈছিল। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু ডিজিটেল প্ৰমাণত অতি সোনকালেই ডাঃ মহেন্দ্ৰ ৰেড্ডী অভিযুক্ত হিচাপে চিহ্নিত হয়।


আৰক্ষীৰ অভিযোগ যে পত্নীক অত্যধিক ক্লৰফৰ্ম দি হত্যা কৰিছিল মহেন্দ্ৰ ৰেড্ডীয়ে। অক্টোবৰৰ মাজভাগত উডুপি জিলাৰ মণিপালত গ্ৰেপ্তাৰ হোৱাৰ পিছত কৰ্তৃপক্ষই তেওঁৰ ফোন আৰু লেপটপ উদ্ধাৰ কৰে। এই যন্ত্ৰবোৰেই এই কৃতিকা ৰেড্ডীক হত্যা কৰে বুলি পোহৰলৈ আহে।


মৃত্যুৰ দিনৰে পৰাই কৃত্তিকাৰ পৰিয়ালে এই মৃত্যুক আত্মহত্যা বুলি মানি লোৱা নাছিল। কৃতিকাৰ ভগ্নী ডাঃ নিকিতাই কয় যে, "আমি মৰণোত্তৰ পৰীক্ষাৰ বাবে জোৰ দিছিলো, কিন্তু মহেন্দ্ৰই কৃতিকাৰ শৰীৰটো অংগচ্ছেদ কৰিলে সহ্য কৰিব নোৱাৰা বুলি কৈ আৱেগিক নাটক কৰিছিল।"


অৱশেষত তদন্তত পোহৰলৈ আহে যে অন্য নাৰীৰ প্ৰতি আসক্তি থকাৰ বাবেই ডাঃ মহেন্দ্ৰ ৰেড্ডীয়ে হত্যা কৰিলে পত্নী ডাঃ কৃত্তিকা ৰেড্ডীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ