--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আন এক তথ্য অনুযায়ী ভগৱান শ্ৰী কৃষ্ণই কাতি মাহৰ কৃষ্ণা চতুৰ্দশীত নৰকাসুৰক বধ কৰে আৰু সেয়ে এই চতুৰ্দশীক কোনো কোনো স্থানত নৰক চতুৰ্দশী বুলিও কোৱা হয়।

ডিজিটেল ডেস্ক: আজি ভূত চতুৰ্দশী। কালী পূজাৰ আগদিনা এই ভূত চতুৰ্দশী পালন কৰা হয়। ভূত অৰ্থাৎ অতীত আৰু চতুৰ্দশী মানে কৃষ্ণপক্ষৰ ১৪ সংখ্যক দিনটোক কোৱা হয়। হিন্দু পঞ্জিকা অনুসৰি কাতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিৱসত ভূত চতুৰ্দশী পালন কৰা হয়। আজিৰ দিনটোত সনাতনীসকলে চৈধ্যটা মাটিৰ চাকি জ্বলায়। ইয়াৰ লগতে চৈধ্যবিধ শাক ৰান্ধি খোৱা হয়। 


ভূত চতুৰ্দশীৰ পৌৰাণিক কাহিনী


ভগৱান বিষ্ণুৰ পৰম ভক্ত প্ৰহ্লাদৰ নাতি আছিল মহাবলী, মহাপ্ৰতাপী বলি। দৈত্য ৰজা বলিয়ে যেতিয়া স্বৰ্গ, মৰ্ত্য আৰু পাতাল দখল কৰি ল’লে, তেতিয়া অসুৰসকলে সকলোকে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। বলিয়ে স্বৰ্গ দখল কৰি দেৱতাসকলক খেদিবলৈ পৰিকল্পনা কৰাত উপায়হীন হৈ দেৱতাসকল শ্ৰী বিষ্ণুৰ কাষ চাপে। দেৱতাৰ দুখ-দুৰ্দশাৰ অন্ত পেলাবলৈ শ্ৰী বিষ্ণুৱে বামনৰ অৱতাৰ লৈ পৃথিৱীত প্ৰৱেশ কৰে। বলি আছিল মহান দানী। তাৰে সুযোগ লৈ বিষ্ণুৱে দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি দান হিচাপে তিনিপদ ভূমি বিচাৰে। এই কথাত বলি আনন্দ মনেৰে ৰাজী হ'ল। বলিয়ে এবাৰ কথা দিলে সেই কথা নিজৰ প্ৰাণ দি হ’লেও ৰাখিবই। বলিয়ে ভাবিছিল এইজন বাওনা মানুহক তিনিপদ ভূমি দিয়াতোনো কি ডাঙৰ কথা! বলিয়ে বুজি নাপালে ইয়াৰ আঁৰত যে আছে ভগৱান বিষ্ণুৰ চল-চাতুৰী।


বিষ্ণুৰূপী বামনে বিৰাট আকাৰ ধাৰণ কৰি প্ৰথম পদ অৰ্থাৎ ভৰিখন থলে স্বৰ্গত, দ্বিতীয় ভৰি থলে মৰ্ত্যত আৰু তৃতীয় পদৰ মাটি ক’ত পাম বুলি প্ৰশ্ন কৰাত বলিয়ে নিজৰ শিৰ পাতি দিলে। আৰু তেতিয়া বিষ্ণুৱে বলিক পাতাললৈ পঠাই দিলে। বলিয়ে পাছতহে বুজি পালে যে ইয়াৰ আঁৰত আছিল নাৰায়ণ বিষ্ণুৰ গভীৰ ষড়যন্ত্ৰ। বলিৰ এই মহান দানত ভগৱান বিষ্ণু সন্তুষ্ট হৈ বলিক অমৰত্ব প্ৰদান কৰি বছৰৰ এই বিশেষ দিনটোত অশৰীৰী আত্মা প্ৰেতাত্মাৰ লগত পৃথিৱীলৈ অহাৰ অনুমতি দিলে। তেতিয়াৰ পৰা কালী পূজাৰ আগৰ নিশা পাতালৰ পৰা ৰজা বলিয়ে পৃথিৱীত পূজা ল’বলৈ আহে। এই সময়ত তেওঁৰ লগত হাজাৰ হাজাৰ ভূত, আত্মা আৰু অশৰীৰী সত্তা আহে আৰু এই দিনটোকে জনা যায় ভূত চতুৰ্দশী হিচাপে। 


আন এক বিশ্বাস মতে, চামুণ্ডা ৰূপী মায়ে ১৪ ডাকিনী, যোগীনীৰে অশুভ শক্তি নাশ কৰিবলৈ পৃথিৱীলৈ আহে। ভক্তৰ ঘৰৰ পৰা অশুভ শক্তি আঁতৰাবলৈ আজিৰ দিনটোত চামুণ্ডা ৰূপত মাতৃ কালীৰ পৃথিৱীলৈ আগমন ঘটে।


আন এক তথ্য অনুযায়ী ভগৱান শ্ৰী কৃষ্ণই কাতি মাহৰ কৃষ্ণা চতুৰ্দশীত নৰকাসুৰক বধ কৰে আৰু সেয়ে এই চতুৰ্দশীক কোনো কোনো স্থানত নৰক চতুৰ্দশী বুলিও কোৱা হয়। 


হিন্দু ধৰ্মত মৃত পূৰ্বপুৰুষসকল ভূত চতুৰ্দশীত মৰ্ত্যলোকলৈ আহে বুলি বিশ্বাস কৰা হয় তেওঁলোকক সুখী কৰি ৰাখিবলৈ আৰু অতৃপ্ত আত্মাৰ অভিশাপ দূৰ কৰিবলৈ পূজা কৰা হয়। প্ৰথা অনুসৰি এই দিনটোত ১৪ বিধ শাক ৰান্ধি খোৱা হয় আৰু চৈধ্যটা চাকি জ্বলোৱা হয়। 


ভূত চতুৰ্দশীত কিয় জ্বলোৱা হয় ১৪টা চাকি?


জনবিশ্বাস অনুসৰি ভূত চতুৰ্দশীৰ দিনা কিছু সময়ৰ বাবে স্বৰ্গ আৰু নৰকৰ দুৱাৰ মুকলি হয়, তেতিয়া আত্মাবোৰ পৃথিৱীলৈ নামি আহে। বলি ৰজাও আজিৰ দিনটোতে পাতালৰ পৰা ভূত-প্ৰেতৰ সৈতে পৃথিৱীলৈ আহে। আজিৰ দিনটোত অশুভ শক্তিৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায় বুলি জনবিশ্বাস প্ৰচলিত। সেয়েহে বহু মানুহে এই দিনটোত শিশুসকলক বা ঘৰৰ সদস্যক সন্ধিয়াৰ পাছত ঘৰৰ বাহিৰলৈ ওলোৱাত বাৰণ কৰে। নিজৰ ঘৰৰ পৰা এই অশুভ শক্তিক আঁতৰাই ৰাখিবলৈ ১৪টা চাকি জ্বলোৱা হয়। দিনটো চতুৰ্দশী হোৱাৰ বাবে ১৪টা চাকি জ্বলাই দিয়া হয়।


আন এটা তত্ত্ব অনুসৰি ভূত চতুৰ্দশী তিথিৰ দিনা পূৰ্বপুৰুষসকলৰ আত্মা পৃথিৱীলৈ আহে। সেইদিনা সাতপুৰুষৰ নামত সন্ধিয়া ১৪ চাকি জ্বলোৱা হয়। অমাৱস্যাৰ আগৰ নিশা ১৪টা চাকি জ্বলাই আন্ধাৰত তেওঁলোকক পথ প্ৰদৰ্শন কৰা হয়। ১৪টা চাকি জ্বলাই ঘৰৰ সদস্যসকলে নিজৰ বিদায়ী পূৰ্বপুৰুষক পাহৰা নাই বুলি প্ৰমাণিত কৰে।  


পদ্মপুৰাণত উল্লেখ থকা অনুসৰি ভূত চতুৰ্দশীত গংগাত স্নান কৰিলে কষ্ট, যাতনা বেদনা কম হৈ পৰে। 


ভূত চতুৰ্দশীত ১৪ শাক কিয় খোৱা হয়?


ভূত চতুৰ্দশীৰ দিনা ১৪ প্ৰকাৰৰ শাক খোৱাৰ পৰম্পৰা আছে। হিন্দু ধৰ্মৰ মতে মৃত্যুৰ পিছত মানৱ শৰীৰ পঞ্চভূত অৰ্থাৎ ১) মাটি ২) পানী ৩) জুই ৪) বায়ু ৫) আকাশত বিলীন হৈ যায়। বিশ্বাস কৰা হয় যে পানী, মাটি, বায়ু, অগ্নি, আকাশত বিলীন হৈ আছে আমাৰ পূৰ্বপুৰুষসকলৰ আত্মা। তেওঁলোক এই দিনত মৰ্ত্যলৈ আহে। সেয়েহে প্ৰকৃতিৰ পৰা ১৪ শাক গ্ৰহণ কৰি পূৰ্বপুৰুষক স্মৰণ কৰা হয়।


আয়ুৰ্বেদিক গুণাগুণ অনুসৰি ঋতু পৰিৱৰ্তনৰ সময়ত এই ১৪ বিধ শাক খালে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। আচলতে হেমন্তকালৰ এই সময়ত লাহে লাহে শীতকালৰো আগমন ঘটে। এই সময়ছোৱাত চৰ্দি, কাহকে ধৰি বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে। সেই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শাস্ত্ৰকাৰসকলে এই দিনটোত ১৪ বিধ খাবলৈ নিৰ্দেশ দিছিল বুলি বিশ্বাস কৰা হয়।


এই বিশ্বাস যুগ যুগ ধৰি চলি আহিছে আৰু বিশ্বাস কৰাসকলে যুগ যুগ ধৰি মানি আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ