--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচৰকাৰক কঠোৰ ভাবে সমালোচনা কৰা সাংবাদিক, বিৰোধী দলৰ নেতা, কৃষক আন্দোলনক সমৰ্থন কৰা ব্যক্তিৰ টুইটাৰ একাউণ্ট ব্লক কৰিবলৈ চৰকাৰে বহু দিনৰে পৰা টুইটাৰ কৰ্তৃপক্ষক হেঁচা প্ৰদান কৰি আহিছে। ছ’চিয়েল মিডিয়াৰ জনপ্ৰকিয় মাধ্যমটোৰ জৰিয়তে যাতে এইসকল লোকে চৰকাৰ বিৰোধী স্থিতি অব্যাহত ৰাখিব নোৱাৰে তাৰ বাবেই চৰকাৰে বচা বচা চৰকাৰ বিৰোধী সাংবাদিক অথা অন্যান্য ব্যক্তিৰ টুইটাৰ একাউণ্ট ব্লক কৰাৰ বাবে হেঁচা দি আহিছে।

কিন্তু এই হেঁচাত এইবাৰ সেওঁ মানিবলৈ সন্মত হোৱা নাই টুইটাৰ কৰ্তৃপক্ষ। সেইবাবেই চৰকাৰৰ নিৰ্দেশক প্ৰত্যহ্বান জনাই এইবাৰ আদালতৰ কাষ চাপিল টুইটাৰ কৰ্তৃপক্ষ।শেহতীয়াকৈ টুইটাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ  কাষ চাপিছে নতুন তথ্য প্ৰযুক্তি (আইটি) নিয়মৰ অধীনত ইয়াৰ প্লেটফৰ্মৰ পৰা তথ্য আঁতৰাই পোলোৱাবলৈ কেন্দ্ৰই দিয়া  নিৰ্দেশক প্ৰত্যাহ্বান জনাইছে। 

কেন্দ্ৰই শেহতীয়াকৈ তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৯এ ৰ অধীনত টুইটাৰলৈ  টেক ডাউন জাননী প্ৰেৰণ কৰি কেতবোৰ বচা বচা ব্যক্তিৰ টুইটাৰৰ তথ্য আঁতৰাই পেলাবলৈ টুইটাৰক সময় বান্ধি দিছিল।  যোৱা সপ্তাহত কেন্দ্ৰই প্ৰেৰণ কৰা জাননীত  টুইটাৰক সতৰ্ক কৰি দিয়া হৈছিল যে টুইটাৰে যদি  ৬ জুন আৰু ৯ জুনত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰা দুটা টেক ডাউন আদেশ পালন কৰাত ব্যৰ্থ হয় তেন্তে কেন্দ্ৰই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।

চৰকাৰে লগতে এই বুলিও কৈছিল যে যদি টুইটাৰ চৰকাৰৰ আদেশ  উলংঘন কৰে তেন্তে ছ’চিয়েল মিডিয়া প্লেটফৰ্মটোৱে চৰকাৰৰ পৰা পাই থকা সুৰক্ষা হেৰুৱাব পাৰে। ইয়াৰ আগতে, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে টুইটাৰক আদেশ পালন কৰিবলৈ খঠোৰ ভাবে সকিয়াই দিছিল আৰু ইয়াৰ বাবে  ৪ জুলাইৰ দিনটো শেষ  সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। 

 ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰে ২৭ জুনত চৰকাৰে জাৰি কৰা চূড়ান্ত জাননী মতে কেইবাটাও টুইটাৰ একাউণ্টৰ তথ্য আঁতৰাই পেলাইছিল৷কিন্তু এইবাৰ চৰকাৰে বিচৰা ধৰণে সকলো নিৰ্দেশ পালন কৰিবলৈ ৰাজি হোৱা নাই টুইটাৰ। 

সেইবাবেই  চৰকাৰ আৰু টুইটাৰৰ মাজত আৰম্ভ হৈছে শীতল যুদ্ধ।  ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোৱে  ২০২১ চনত চৰকাৰৰ অনুৰোধৰ ভিত্তিত ২৬ জুনত ব্লক কৰা ৮০ টাতকৈও অধিক টুইটাৰ একাউণ্টৰ এখন তালিকা দাখিল কৰিছিল৷ ইমানৰ পিছতো যেন সন্তুষ্ট হোৱা নাই চৰকাৰ। 

চৰকাৰে বিচাৰিছে আন্তৰ্জাতিক মানৱাধিকাৰ কৰ্মী, সাংবাদিক, ৰাজনীতিবিদ আৰু কৃষকসকলৰ প্ৰতিবাদক সমৰ্থকসকলৰ  লগতে একাংশষ চৰকাৰ বিৰোধী সাংবাদিকৰ টুইটাৰ একাউণ্ট ব্লক কৰাটো। কিন্তু এইবাৰ চৰকাৰৰ নিৰ্দেশত নেগুৰ পেলাব বিচৰা নাই টুইটাৰ। 

সেয়ে চৰকাৰৰ নিৰ্দেশটোৰ বিৰুদ্ধে টুইটাৰ কৰ্তৃপক্ষই কাষ চাপিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ। ন্যায়ালয়ে কাৰ পক্ষত ৰায়দান কৰে সেয়া নিঃসন্দেহে লক্ষ্যণীয় হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু