--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচৰকাৰক কঠোৰ ভাবে সমালোচনা কৰা সাংবাদিক, বিৰোধী দলৰ নেতা, কৃষক আন্দোলনক সমৰ্থন কৰা ব্যক্তিৰ টুইটাৰ একাউণ্ট ব্লক কৰিবলৈ চৰকাৰে বহু দিনৰে পৰা টুইটাৰ কৰ্তৃপক্ষক হেঁচা প্ৰদান কৰি আহিছে। ছ’চিয়েল মিডিয়াৰ জনপ্ৰকিয় মাধ্যমটোৰ জৰিয়তে যাতে এইসকল লোকে চৰকাৰ বিৰোধী স্থিতি অব্যাহত ৰাখিব নোৱাৰে তাৰ বাবেই চৰকাৰে বচা বচা চৰকাৰ বিৰোধী সাংবাদিক অথা অন্যান্য ব্যক্তিৰ টুইটাৰ একাউণ্ট ব্লক কৰাৰ বাবে হেঁচা দি আহিছে।

কিন্তু এই হেঁচাত এইবাৰ সেওঁ মানিবলৈ সন্মত হোৱা নাই টুইটাৰ কৰ্তৃপক্ষ। সেইবাবেই চৰকাৰৰ নিৰ্দেশক প্ৰত্যহ্বান জনাই এইবাৰ আদালতৰ কাষ চাপিল টুইটাৰ কৰ্তৃপক্ষ।শেহতীয়াকৈ টুইটাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ  কাষ চাপিছে নতুন তথ্য প্ৰযুক্তি (আইটি) নিয়মৰ অধীনত ইয়াৰ প্লেটফৰ্মৰ পৰা তথ্য আঁতৰাই পোলোৱাবলৈ কেন্দ্ৰই দিয়া  নিৰ্দেশক প্ৰত্যাহ্বান জনাইছে। 

কেন্দ্ৰই শেহতীয়াকৈ তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৯এ ৰ অধীনত টুইটাৰলৈ  টেক ডাউন জাননী প্ৰেৰণ কৰি কেতবোৰ বচা বচা ব্যক্তিৰ টুইটাৰৰ তথ্য আঁতৰাই পেলাবলৈ টুইটাৰক সময় বান্ধি দিছিল।  যোৱা সপ্তাহত কেন্দ্ৰই প্ৰেৰণ কৰা জাননীত  টুইটাৰক সতৰ্ক কৰি দিয়া হৈছিল যে টুইটাৰে যদি  ৬ জুন আৰু ৯ জুনত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰা দুটা টেক ডাউন আদেশ পালন কৰাত ব্যৰ্থ হয় তেন্তে কেন্দ্ৰই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।

চৰকাৰে লগতে এই বুলিও কৈছিল যে যদি টুইটাৰ চৰকাৰৰ আদেশ  উলংঘন কৰে তেন্তে ছ’চিয়েল মিডিয়া প্লেটফৰ্মটোৱে চৰকাৰৰ পৰা পাই থকা সুৰক্ষা হেৰুৱাব পাৰে। ইয়াৰ আগতে, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে টুইটাৰক আদেশ পালন কৰিবলৈ খঠোৰ ভাবে সকিয়াই দিছিল আৰু ইয়াৰ বাবে  ৪ জুলাইৰ দিনটো শেষ  সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। 

 ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰে ২৭ জুনত চৰকাৰে জাৰি কৰা চূড়ান্ত জাননী মতে কেইবাটাও টুইটাৰ একাউণ্টৰ তথ্য আঁতৰাই পেলাইছিল৷কিন্তু এইবাৰ চৰকাৰে বিচৰা ধৰণে সকলো নিৰ্দেশ পালন কৰিবলৈ ৰাজি হোৱা নাই টুইটাৰ। 

সেইবাবেই  চৰকাৰ আৰু টুইটাৰৰ মাজত আৰম্ভ হৈছে শীতল যুদ্ধ।  ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোৱে  ২০২১ চনত চৰকাৰৰ অনুৰোধৰ ভিত্তিত ২৬ জুনত ব্লক কৰা ৮০ টাতকৈও অধিক টুইটাৰ একাউণ্টৰ এখন তালিকা দাখিল কৰিছিল৷ ইমানৰ পিছতো যেন সন্তুষ্ট হোৱা নাই চৰকাৰ। 

চৰকাৰে বিচাৰিছে আন্তৰ্জাতিক মানৱাধিকাৰ কৰ্মী, সাংবাদিক, ৰাজনীতিবিদ আৰু কৃষকসকলৰ প্ৰতিবাদক সমৰ্থকসকলৰ  লগতে একাংশষ চৰকাৰ বিৰোধী সাংবাদিকৰ টুইটাৰ একাউণ্ট ব্লক কৰাটো। কিন্তু এইবাৰ চৰকাৰৰ নিৰ্দেশত নেগুৰ পেলাব বিচৰা নাই টুইটাৰ। 

সেয়ে চৰকাৰৰ নিৰ্দেশটোৰ বিৰুদ্ধে টুইটাৰ কৰ্তৃপক্ষই কাষ চাপিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ। ন্যায়ালয়ে কাৰ পক্ষত ৰায়দান কৰে সেয়া নিঃসন্দেহে লক্ষ্যণীয় হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement