--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃৰ বাবে ঔষধ আনিবলৈ  যোৱা কীৰ্তিকমল বৰাক ঘৰৰ নিচেই সমীপত ভৰিত গুলীয়ায় আৰক্ষীয়ে। তাৰ পিছত আৰক্ষীৰ ভুল ঢাকিবলৈ ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা চলোৱা হৈছিল কীৰ্তিকমলক।

ভুৱা এনকাউণ্টাৰেৰে হিৰ’ হ’বলৈ যোৱা নগাঁও আৰক্ষীৰ আচল স্বৰূপ ওলাই পৰিল। যোৱা ২২ জানুৱাৰীত নগাঁওত আৰক্ষীৰ এনকাউণ্টাৰৰ সন্মুখীন হৈছিল কীৰ্তিকমল বৰা নামৰ এজন যুৱক।তাৰ পাছত চাৰিওফালে সৃষ্টি হ’ল তীব্ৰ প্ৰতিক্ৰিয়াৰ।এয়া এক ভুৱা এনকাউণ্টাৰ বুলি সকলোৱে দাবী কৰিছিল।প্ৰতিবাদত উত্তাল হল নগাঁও চহৰ।কিন্তু আৰক্ষীৰ দাবী আছিল যে কীৰ্তিকমল বৰা নামৰ যুৱক জন ড্ৰাগছ সৰ্বৰাহৰ সৈতে জড়িত। আৰক্ষীয়ে অভিযান চলাওঁতে কীৰ্তিকমল বৰাই আৰক্ষীক প্ৰহাৰ কৰিছিল।যাৰ বাবে আৰক্ষীয়ে কীৰ্তিকমলক গুলীয়াব লগা হল বুলি আৰক্ষীয়ে দাবী জনাইছিল।

ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অতিৰিক্ত মুখ্য সচিবৰ দ্বাৰা ঘটনাৰ প্ৰকৃত তদন্ত কৰিবলৈ। ৮ ফেব্ৰুৱাৰীত দাখিল কৰা হল প্ৰতিবেদন।প্ৰতিবেদনে নগাঁও আৰক্ষীৰ দাবী ভুৱা বুলি উল্লেখ কৰিলে। আনন্দ মিশ্ৰ বাহিনীৰ এছ আই প্ৰদীপ বণিয়াৰ এই এনকাউণ্টাৰ ভুৱা বুলি প্ৰমাণ হল। তাৰপাছতে পুনৰ সমালোচনাৰ সন্মুখীন হৈছে নগাঁও আৰক্ষী।ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে ৰাইজ পুনৰ সোচ্চাৰ হৈ উঠিছিল। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নিলম্বনৰ দাবীও উত্থাপন কৰা  হৈছিল। 

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰৰ বলি হোৱা ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ সপোন আছিল বিশাল। তাৰবাবে তেওঁ চলাই আছিল প্ৰস্তুতিও। এইবছৰ এপ্ৰিলত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ বাবে প-পত্ৰ পূৰণৰ কথা আছিল কীৰ্তি কমলে। কিন্তু আৰক্ষীৰ বন্দুকেৰে সৰকা মাথোঁ এটা গুলীয়ে ধ্বংস কৰি পেলালে কীৰ্তিকমলৰ সমস্ত সপোন। চিৰদিনৰ বাবে ঘুনীয়া হৈ ৰ’ল আৰক্ষী বিষয়া হোৱাৰ সপোন দেখা এজন যুৱক! 

আজি যেন কীৰ্তি কমলে ন্যায় পালে, কীৰ্তিকমল বৰাক দোষমুক্ত ঘোষণা চিআইডিয়ে, তেওঁ কোনো ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত নহয় বুলি অৱশেষত প্ৰমাণ হল।  এছ আই প্ৰদীপ বণিয়াই কীৰ্তিকমলৰ বিৰুদ্ধে তৰা গোচৰত চিআইডিয়ে দোষমুক্ত ঘোষণা কৰিলে কীৰ্তিকমলক।

এতিয়া প্ৰশ্ন হয়,  নিৰ্দোষী এজন যুৱকক আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ পাছত এতিয়া তেওঁৰ ভৱিষ্যত কি হব। যদি এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই উপযুক্ত ব্যৱস্থা নলয় তেনেহলে অনাগত দিনত অসমত এনেকুৱা হাজাৰজন কীৰ্তিকমলৰ দৰে যুৱক যেন আৰক্ষীৰ এনকাউণ্টাৰত ঘুণীয়া হব, সেইয়া নিশ্চিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ