--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃৰ বাবে ঔষধ আনিবলৈ  যোৱা কীৰ্তিকমল বৰাক ঘৰৰ নিচেই সমীপত ভৰিত গুলীয়ায় আৰক্ষীয়ে। তাৰ পিছত আৰক্ষীৰ ভুল ঢাকিবলৈ ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা চলোৱা হৈছিল কীৰ্তিকমলক।

ভুৱা এনকাউণ্টাৰেৰে হিৰ’ হ’বলৈ যোৱা নগাঁও আৰক্ষীৰ আচল স্বৰূপ ওলাই পৰিল। যোৱা ২২ জানুৱাৰীত নগাঁওত আৰক্ষীৰ এনকাউণ্টাৰৰ সন্মুখীন হৈছিল কীৰ্তিকমল বৰা নামৰ এজন যুৱক।তাৰ পাছত চাৰিওফালে সৃষ্টি হ’ল তীব্ৰ প্ৰতিক্ৰিয়াৰ।এয়া এক ভুৱা এনকাউণ্টাৰ বুলি সকলোৱে দাবী কৰিছিল।প্ৰতিবাদত উত্তাল হল নগাঁও চহৰ।কিন্তু আৰক্ষীৰ দাবী আছিল যে কীৰ্তিকমল বৰা নামৰ যুৱক জন ড্ৰাগছ সৰ্বৰাহৰ সৈতে জড়িত। আৰক্ষীয়ে অভিযান চলাওঁতে কীৰ্তিকমল বৰাই আৰক্ষীক প্ৰহাৰ কৰিছিল।যাৰ বাবে আৰক্ষীয়ে কীৰ্তিকমলক গুলীয়াব লগা হল বুলি আৰক্ষীয়ে দাবী জনাইছিল।

ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অতিৰিক্ত মুখ্য সচিবৰ দ্বাৰা ঘটনাৰ প্ৰকৃত তদন্ত কৰিবলৈ। ৮ ফেব্ৰুৱাৰীত দাখিল কৰা হল প্ৰতিবেদন।প্ৰতিবেদনে নগাঁও আৰক্ষীৰ দাবী ভুৱা বুলি উল্লেখ কৰিলে। আনন্দ মিশ্ৰ বাহিনীৰ এছ আই প্ৰদীপ বণিয়াৰ এই এনকাউণ্টাৰ ভুৱা বুলি প্ৰমাণ হল। তাৰপাছতে পুনৰ সমালোচনাৰ সন্মুখীন হৈছে নগাঁও আৰক্ষী।ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে ৰাইজ পুনৰ সোচ্চাৰ হৈ উঠিছিল। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নিলম্বনৰ দাবীও উত্থাপন কৰা  হৈছিল। 

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰৰ বলি হোৱা ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ সপোন আছিল বিশাল। তাৰবাবে তেওঁ চলাই আছিল প্ৰস্তুতিও। এইবছৰ এপ্ৰিলত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ বাবে প-পত্ৰ পূৰণৰ কথা আছিল কীৰ্তি কমলে। কিন্তু আৰক্ষীৰ বন্দুকেৰে সৰকা মাথোঁ এটা গুলীয়ে ধ্বংস কৰি পেলালে কীৰ্তিকমলৰ সমস্ত সপোন। চিৰদিনৰ বাবে ঘুনীয়া হৈ ৰ’ল আৰক্ষী বিষয়া হোৱাৰ সপোন দেখা এজন যুৱক! 

আজি যেন কীৰ্তি কমলে ন্যায় পালে, কীৰ্তিকমল বৰাক দোষমুক্ত ঘোষণা চিআইডিয়ে, তেওঁ কোনো ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত নহয় বুলি অৱশেষত প্ৰমাণ হল।  এছ আই প্ৰদীপ বণিয়াই কীৰ্তিকমলৰ বিৰুদ্ধে তৰা গোচৰত চিআইডিয়ে দোষমুক্ত ঘোষণা কৰিলে কীৰ্তিকমলক।

এতিয়া প্ৰশ্ন হয়,  নিৰ্দোষী এজন যুৱকক আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ পাছত এতিয়া তেওঁৰ ভৱিষ্যত কি হব। যদি এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই উপযুক্ত ব্যৱস্থা নলয় তেনেহলে অনাগত দিনত অসমত এনেকুৱা হাজাৰজন কীৰ্তিকমলৰ দৰে যুৱক যেন আৰক্ষীৰ এনকাউণ্টাৰত ঘুণীয়া হব, সেইয়া নিশ্চিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি