--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই। নিৰ্বাচনী সমিতিৰো দায়িত্বত আছিল ভূপেন বৰা।

ডিজিটেল ডেস্ক: নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত মোক্ষম আঘাত। কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। ৰাজনৈতিক ক্ষেত্ৰত হঠাতে পট পৰিৱর্তন। নিৰ্বাচনৰ পূৰ্বে ভেটি খহিল কংগ্ৰেছৰ।


AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই। নিৰ্বাচনী সমিতিৰো দায়িত্বত আছিল ভূপেন বৰা। 


বিৰোধী ঐক্যৰ সৈতে আসন বুজাবুজিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ দায়িত্বত আছিল ভূপেন বৰা। X Handleৰ পৰা ভূপেন বৰাই আঁতৰালে নিজৰ কংগ্ৰেছৰ পদবী।


উল্লেখ্য যে ২০০৬চনৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা। ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী আছিল ভূপেন বৰা।বিৰোধী ঐক্যৰ আসন বুজাবুজিক লৈ আলোচনা কৰিবলৈ ভূপেন বৰাক দায়িত্ব দিয়া হৈছিল৷ পৰৱৰ্তী সময়ত ৰকিবুল হুছেইনকো দায়িত্ব দিয়াত ক্ষুণ্ণ হৈছিল ভূপেন বৰা। কংগ্ৰেছ দলত ৰকিবুল হুছেইনৰ স্থিতিক লৈ তেওঁ অসন্তুষ্ট। গৌৰৱ গগৈৰ কাম-কাজক লৈও অসন্তুষ্ট ভূপেন বৰা৷ ২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল।


২০ ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা। ‘স্বাভিমানী অসমীয়া’ হিচাপে কংগ্ৰেছ দলত থাকিব নোৱাৰি বুলি মত প্ৰকাশ ভূপেন বৰাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু