--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই। নিৰ্বাচনী সমিতিৰো দায়িত্বত আছিল ভূপেন বৰা।

ডিজিটেল ডেস্ক: নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত মোক্ষম আঘাত। কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। ৰাজনৈতিক ক্ষেত্ৰত হঠাতে পট পৰিৱর্তন। নিৰ্বাচনৰ পূৰ্বে ভেটি খহিল কংগ্ৰেছৰ।


AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই। নিৰ্বাচনী সমিতিৰো দায়িত্বত আছিল ভূপেন বৰা। 


বিৰোধী ঐক্যৰ সৈতে আসন বুজাবুজিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ দায়িত্বত আছিল ভূপেন বৰা। X Handleৰ পৰা ভূপেন বৰাই আঁতৰালে নিজৰ কংগ্ৰেছৰ পদবী।


উল্লেখ্য যে ২০০৬চনৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা। ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী আছিল ভূপেন বৰা।বিৰোধী ঐক্যৰ আসন বুজাবুজিক লৈ আলোচনা কৰিবলৈ ভূপেন বৰাক দায়িত্ব দিয়া হৈছিল৷ পৰৱৰ্তী সময়ত ৰকিবুল হুছেইনকো দায়িত্ব দিয়াত ক্ষুণ্ণ হৈছিল ভূপেন বৰা। কংগ্ৰেছ দলত ৰকিবুল হুছেইনৰ স্থিতিক লৈ তেওঁ অসন্তুষ্ট। গৌৰৱ গগৈৰ কাম-কাজক লৈও অসন্তুষ্ট ভূপেন বৰা৷ ২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল।


২০ ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা। ‘স্বাভিমানী অসমীয়া’ হিচাপে কংগ্ৰেছ দলত থাকিব নোৱাৰি বুলি মত প্ৰকাশ ভূপেন বৰাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ