--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰায়পুৰৰ নৱ ৰায়পুৰ হোটেলত অনুষ্ঠিত বৈঠকত ৰাজ্যখনৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাই, উপ-মুখ্যমন্ত্রী বিজয় শর্মা, কেন্দ্রীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালককে ধৰি বহু শীর্ষ বিষয়া উপস্থিত থাকে।

ডিজিটেল ডেস্ক : ছট্টিশগড়কে ধৰি কেইবাখনো ৰাজ্যত বিয়পি থকা বাওঁ উগ্রবাদ নির্মূল সন্দর্ভত দেওবাৰে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ছট্টিশগড়ত নিৰাপত্তা সম্পর্কীয় উচ্চ পর্যায়ৰ পর্যালোচনা বৈঠকত ভাগ লয়। 


ৰায়পুৰৰ নৱ ৰায়পুৰ হোটেলত অনুষ্ঠিত বৈঠকত ৰাজ্যখনৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাই, উপ-মুখ্যমন্ত্রী বিজয় শর্মা, কেন্দ্রীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালককে ধৰি বহু শীর্ষ বিষয়া উপস্থিত থাকে। 


উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে ৩১ মার্চৰ ভিতৰত দেশত মাও উগ্রবাদ অন্ত কৰাৰ বাবে শেষ সীমা বান্ধি দিছে । ছট্টিশগড়ৰ বাষ্টাৰ অঞ্চলকে ধৰি সাতখন জিলা আৰু ৰাজ্যখনৰ দাঁতি-কাষৰীয়া মহাৰাষ্ট্র, তেলেংগানা, অন্ধ্র প্রদেশ আৰু ওড়িশাত মাওবাদীয়ে নিজৰ ভেটি শক্তিশালী কৰি ৰাখিছে। কিন্তু ২০২৪ চনৰ পৰা কেন্দ্রীয় চৰকাৰে মাওবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। 


দেওবাৰে বৈঠকত গৃহ মন্ত্রী অমিত শ্বাহে কয় যে কেন্দ্রই বাওঁ উগ্রবাদ নির্মূল কৰাৰ বাবে গ্রহণ কৰা কৌশলগত স্থিতিৰ ফলাফল ইতিমধ্যে লাভ কৰিছে। ৩১ মার্চৰ আগতে দেশত মাওবাদ সম্পূর্ণৰূপে নির্মূল কৰা হ'ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। নিৰাপত্তা বাহিনীৰ সঘন যুটীয়া অভিযান, আন্তঃগাঁথনি শক্তিশালী কৰা, মাওবাদীৰ ধন সংগ্ৰহৰ ক্ষেত্ৰবোৰ চিনাক্তকৰণ কৰি দুর্বল কৰা আৰু সফল আত্মসমর্পণ নীতিৰ ফলত নিষিদ্ধঘোষিত সংগঠনটোৰ ভেটি দুর্বল হৈ পৰা বুলিও শ্বাহে প্রকাশ কৰে । 


উল্লেখযোগ্য যে ২০২৪ চনৰ জানুৱাৰীৰ পৰা বর্তমানলৈকে ছট্টিশগড়ত কেইবাজনো শীর্ষ নেতাসহ প্রায় ৫০০ মাওবাদী নেতা-সদস্য আৰক্ষীবে সংঘর্ষত নিহত হৈছে। ইয়াৰ ভিতৰত চি পি আই (মাওবাদী)ৰ সাধাৰণ সম্পাদক নাম্বালা কেশৱো আছে। তদুপৰি ৰাজ্যখনত প্রায় ১,৯০০ সদস্যক গ্রেপ্তাৰ কৰাৰ লগতে ২,৫০০জনে অস্ত্র সম্বৰণ কৰিছে। দেওবাৰৰ বৈঠকত চি আৰ পি এফ, বি এছ এফ, আই টি বি পি, 'নিয়া'ৰ শীর্ষ বিষয়াসকলৰ লগতে দাঁতি-কাষৰীয়া ৰাজ্যকেইখনৰ চৰকাৰী বিষয়াসকলো উপস্থিত থাকে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ