--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰায়পুৰৰ নৱ ৰায়পুৰ হোটেলত অনুষ্ঠিত বৈঠকত ৰাজ্যখনৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাই, উপ-মুখ্যমন্ত্রী বিজয় শর্মা, কেন্দ্রীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালককে ধৰি বহু শীর্ষ বিষয়া উপস্থিত থাকে।

ডিজিটেল ডেস্ক : ছট্টিশগড়কে ধৰি কেইবাখনো ৰাজ্যত বিয়পি থকা বাওঁ উগ্রবাদ নির্মূল সন্দর্ভত দেওবাৰে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ছট্টিশগড়ত নিৰাপত্তা সম্পর্কীয় উচ্চ পর্যায়ৰ পর্যালোচনা বৈঠকত ভাগ লয়। 


ৰায়পুৰৰ নৱ ৰায়পুৰ হোটেলত অনুষ্ঠিত বৈঠকত ৰাজ্যখনৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাই, উপ-মুখ্যমন্ত্রী বিজয় শর্মা, কেন্দ্রীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালককে ধৰি বহু শীর্ষ বিষয়া উপস্থিত থাকে। 


উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে ৩১ মার্চৰ ভিতৰত দেশত মাও উগ্রবাদ অন্ত কৰাৰ বাবে শেষ সীমা বান্ধি দিছে । ছট্টিশগড়ৰ বাষ্টাৰ অঞ্চলকে ধৰি সাতখন জিলা আৰু ৰাজ্যখনৰ দাঁতি-কাষৰীয়া মহাৰাষ্ট্র, তেলেংগানা, অন্ধ্র প্রদেশ আৰু ওড়িশাত মাওবাদীয়ে নিজৰ ভেটি শক্তিশালী কৰি ৰাখিছে। কিন্তু ২০২৪ চনৰ পৰা কেন্দ্রীয় চৰকাৰে মাওবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। 


দেওবাৰে বৈঠকত গৃহ মন্ত্রী অমিত শ্বাহে কয় যে কেন্দ্রই বাওঁ উগ্রবাদ নির্মূল কৰাৰ বাবে গ্রহণ কৰা কৌশলগত স্থিতিৰ ফলাফল ইতিমধ্যে লাভ কৰিছে। ৩১ মার্চৰ আগতে দেশত মাওবাদ সম্পূর্ণৰূপে নির্মূল কৰা হ'ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। নিৰাপত্তা বাহিনীৰ সঘন যুটীয়া অভিযান, আন্তঃগাঁথনি শক্তিশালী কৰা, মাওবাদীৰ ধন সংগ্ৰহৰ ক্ষেত্ৰবোৰ চিনাক্তকৰণ কৰি দুর্বল কৰা আৰু সফল আত্মসমর্পণ নীতিৰ ফলত নিষিদ্ধঘোষিত সংগঠনটোৰ ভেটি দুর্বল হৈ পৰা বুলিও শ্বাহে প্রকাশ কৰে । 


উল্লেখযোগ্য যে ২০২৪ চনৰ জানুৱাৰীৰ পৰা বর্তমানলৈকে ছট্টিশগড়ত কেইবাজনো শীর্ষ নেতাসহ প্রায় ৫০০ মাওবাদী নেতা-সদস্য আৰক্ষীবে সংঘর্ষত নিহত হৈছে। ইয়াৰ ভিতৰত চি পি আই (মাওবাদী)ৰ সাধাৰণ সম্পাদক নাম্বালা কেশৱো আছে। তদুপৰি ৰাজ্যখনত প্রায় ১,৯০০ সদস্যক গ্রেপ্তাৰ কৰাৰ লগতে ২,৫০০জনে অস্ত্র সম্বৰণ কৰিছে। দেওবাৰৰ বৈঠকত চি আৰ পি এফ, বি এছ এফ, আই টি বি পি, 'নিয়া'ৰ শীর্ষ বিষয়াসকলৰ লগতে দাঁতি-কাষৰীয়া ৰাজ্যকেইখনৰ চৰকাৰী বিষয়াসকলো উপস্থিত থাকে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু