--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কেইবা ঘণ্টা তালাচী চলোৱাৰ পাছত ই ডিয়ে প্রাক্তন মুখ্যমন্ত্ৰীজনৰ পুত্ৰক গ্রেপ্তাৰ কৰে।

ডিজিটেল ডেস্কঃ ছট্টিশগড়ত সুৰা কেলেংকাৰিৰ সৈতে জড়িত ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ সংক্ৰান্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্য বাঘেলক শুকুৰবাৰে আইন বলবৎকাৰী সঞ্চালকালয়ে (ইডি) গ্ৰেপ্তাৰ কৰে।


চৰকাৰী বিষয়াসকলে প্রকাশ কৰা অনুসৰি, ৰাজ্যখনৰ দুৰ্গ জিলাৰ ভিলাই চহৰত থকা নিজ বাসভৱনত ই ডিয়ে তালাচী চলাই ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধী আইনৰ (পি এম এল এ) অধীনত প্রাক্তন মুখ্যমন্ত্ৰীজনৰ পুত্রক ইডিয়ে গ্রেপ্তাৰ কৰে। উল্লেখযোগ্য যে পিতা-পুত্ৰ দুয়োজনেই একে গৃহতে থাকে।


কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে কয় যে আজি তেওঁৰ পুত্ৰ চৈতন্যৰ জন্মদিন আছিল। শুকুৰবাৰে পুৱাৰে পৰা প্রাক্তন মুখ্যমন্ত্ৰীজনৰ বাসভৱনৰ বাহিৰত আৰক্ষীৰ লোকে টহল দিয়াৰ পাছতেই কংগ্ৰেছৰ বৃহৎ সংখ্যক সমৰ্থকে ভিৰ কৰে ঠাইখনত। কেইবা ঘণ্টা তালাচী চলোৱাৰ পাছত ই ডিয়ে প্রাক্তন মুখ্যমন্ত্ৰীজনৰ পুত্ৰক গ্রেপ্তাৰ কৰে।


ইফালে ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ বাবে কংগ্ৰেছৰ সাংসদ প্রিয়ংকা গান্ধীয়ে শনিবাৰে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰে। চৈতন্য বাঘেলক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ কণ্ঠ ৰোধ কৰা আৰু বিৰোধীক দমন কৰাৰ কৌশল অৱলম্বন কৰিছে বুলি গান্ধীয়ে অভিযোগ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু