--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কেইবা ঘণ্টা তালাচী চলোৱাৰ পাছত ই ডিয়ে প্রাক্তন মুখ্যমন্ত্ৰীজনৰ পুত্ৰক গ্রেপ্তাৰ কৰে।

ডিজিটেল ডেস্কঃ ছট্টিশগড়ত সুৰা কেলেংকাৰিৰ সৈতে জড়িত ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ সংক্ৰান্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্য বাঘেলক শুকুৰবাৰে আইন বলবৎকাৰী সঞ্চালকালয়ে (ইডি) গ্ৰেপ্তাৰ কৰে।


চৰকাৰী বিষয়াসকলে প্রকাশ কৰা অনুসৰি, ৰাজ্যখনৰ দুৰ্গ জিলাৰ ভিলাই চহৰত থকা নিজ বাসভৱনত ই ডিয়ে তালাচী চলাই ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধী আইনৰ (পি এম এল এ) অধীনত প্রাক্তন মুখ্যমন্ত্ৰীজনৰ পুত্রক ইডিয়ে গ্রেপ্তাৰ কৰে। উল্লেখযোগ্য যে পিতা-পুত্ৰ দুয়োজনেই একে গৃহতে থাকে।


কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে কয় যে আজি তেওঁৰ পুত্ৰ চৈতন্যৰ জন্মদিন আছিল। শুকুৰবাৰে পুৱাৰে পৰা প্রাক্তন মুখ্যমন্ত্ৰীজনৰ বাসভৱনৰ বাহিৰত আৰক্ষীৰ লোকে টহল দিয়াৰ পাছতেই কংগ্ৰেছৰ বৃহৎ সংখ্যক সমৰ্থকে ভিৰ কৰে ঠাইখনত। কেইবা ঘণ্টা তালাচী চলোৱাৰ পাছত ই ডিয়ে প্রাক্তন মুখ্যমন্ত্ৰীজনৰ পুত্ৰক গ্রেপ্তাৰ কৰে।


ইফালে ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ বাবে কংগ্ৰেছৰ সাংসদ প্রিয়ংকা গান্ধীয়ে শনিবাৰে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰে। চৈতন্য বাঘেলক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ কণ্ঠ ৰোধ কৰা আৰু বিৰোধীক দমন কৰাৰ কৌশল অৱলম্বন কৰিছে বুলি গান্ধীয়ে অভিযোগ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ