--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মমতা বেনার্জীয়ে শনিবাৰে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্র সমালোচনা কৰে

ডিজিটেল ডেস্ক : অসমৰ বাংলাভাষী লোকক 'ভাবুকি' দিয়াৰ বাবে পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে শনিবাৰে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্র সমালোচনা কৰে। বেনার্জীয়ে আৰু কয় যে অসমত বিজেপিৰ 'বিভেদকামী কর্মসূচী'য়ে 'সকলো সীমা চেৰাই গৈছে।


' সামাজিক মাধ্যম এক্সত বেনার্জীয়ে কয়, 'দেশত আটাইতকৈ বেছি লোকে কোৱা দ্বিতীয় ভাষা বাংলা, অসমৰো আটাইতকৈ বেছি লোকে কোৱা দ্বিতীয় ভাষা। সকলো ভাষা আৰু ধৰ্মক সন্মান কৰি, শান্তিপূর্ণভাৱে সহ-অৱস্থান কৰিবলৈ বিচৰা সেইসকল নাগৰিকক তেওঁলোকে নিজৰ মাতৃভাষাক সমর্থন কৰাৰ বাবে উৎপীড়নৰ দ্বাৰা ভাবুকি দিয়াটো বৈষম্যমূলক আৰু অসাংবিধানিক।'


বেনার্জীয়ে আৰু কয়, 'অসমত বিজেপিৰ এই বিভেদকামী কর্মসূচীয়ে সকলো সীমা চেৰাই গৈছে আৰু অসমৰ জনসাধাৰণে ইয়াৰ বিৰুদ্ধে যুঁজ দিব। নিজৰ ভাষা পৰিচয় আৰু নিজৰ গণতান্ত্রিক অধিকাৰৰ বাবে যুঁজি থকা প্রতিজন নির্ভীক নাগৰিকৰ লগত মই আছোঁ।' উল্লেখযোগ্য যে বাংলাভাষী লোকক বিজেপিশাসিত ৰাজ্যত অত্যাচাৰ কৰাৰ অভিযোগত মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে বুধবাৰে কলকাতাত এক প্রতিবাদী শোভাযাত্ৰা বাহিৰ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ