--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত আকৌ বিবাহ বিচ্ছেদৰ খবৰ৷ এইবাৰ জনপ্ৰিয় অভিনেতা গোবিন্দাৰ সংসাৰৰ খবৰ পোহৰলৈ আহিছে৷ বিবাহৰ ৩৭ বছৰৰ পাছত পত্নী সুনীতাৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ সাজু হৈছে গোবিন্দা৷ এই খবৰ এতিয়া বনজুইৰ দৰে বিয়পি পৰিছে আৰু সকলো হতভম্ব হৈ পৰিছে৷ 

১৯৮৭ চনত গোবিন্দ আৰু সুনীতাৰ বিয়া হৈছিল৷ দুয়ো দুটা সন্তানৰ পিতৃ-মাতৃ হয়। সঘনাই হোৱা কাজিয়াৰ বাবে বিবাহ বিচ্ছেদ হ’বলৈ গৈ আছে বুলি জানিব পৰা গৈছে। কেৱল এয়াই নহয়, বহুতে দাবী কৰিছে যে অভিনেতাজনৰ এগৰাকী ৩০ বছৰীয়া মাৰাঠী অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে। এই সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই গোবিন্দ আৰু সুনীতাই৷

কিছুদিনৰ আগতে সুনীতাই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তেওঁ নিজৰ সন্তানৰ সৈতে এটা পৃথক এপাৰ্টমেণ্টত থাকে, গোবিন্দৰ সৈতে নাথাকে। একেটা ৰাস্তাতে অন্য এটা বাংলোত থাকে অভিনেতাগৰাকী। ইয়াৰ পৰাই বুজিব পাৰি যে দুয়োৰে মাজত সম্পৰ্ক ঠিকে থকা নাই।

অৱশ্যে বিবাহ বিচ্ছেদৰ কথাকলৈ আনুষ্ঠানিকভাৱে এগৰাকীও এতিয়ালৈ মুখ খোলা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক