--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেগাষ্টাৰ অমিতাভ বচ্চনৰ জনপ্ৰিয়তা কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। নাম, যশস্যা, সন্মান, মৰম, ধন, টকা-পইচাৰে বৰ্ণাঢ্য অমিতাভ বচ্চনৰ জীৱন। আপুনি জানেনে ৰাজস্থানৰ জয়ছালমেৰৰ মানুহে অমিতাভ বচ্চনক ভগৱান বুলি গণ্য কৰে।আজি আমি ইয়াৰ আঁৰৰ কাৰণ আপোনালোকক জনাবলৈ ওলাইছো। শেহতীয়াকৈ চলচ্চিত্ৰ পৰিচালক অপূৰ্ব লখিয়াই সংবাদ মাধ্যমৰ আগত এক অদ্ভুত ঘটনাৰ বিষয়ে বৰ্ণনা কৰিছে।

অপূৰ্ব লখিয়াই কয় যে ২০০২-০৩ চনত অভিষেক বচ্চনৰ ‘মুম্বাই ছে আয়া মেৰা দোষ্ট’ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়তে অমিতাভ বচ্চন পৰিয়ালৰ সৈতে জয়ছলমেৰৰ চেটলৈ আহিছিল। সেই সময়ত জয়ছালমেৰত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। এটুপি পানীৰ বাবে হাহাকাৰ কৰিছিল জয়ছালমেৰবাসীয়ে। এজাক বৰষুণৰ অপেক্ষাত তেওঁলোকে আৰ্তনাদ কৰিছিল। পানীৰ অভাৱত খেতি পথাৰ শুকাই গৈছিল। খৰাং পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ ঈশ্বৰক কৰিছিল প্ৰাৰ্থনা। পানীৰ অভাৱত বহু কষ্টত ছটফটাইছিল জয়ছালমেৰৰ মানুহে। 

নৱবৰ্ষ উদযাপন কৰিবলৈ জয়ছালমেৰলৈ আহিছিল অমিতাভ বচ্চন। লগত আছিল পত্নী জয়া বচ্চন, কন্যা শ্বেতা আৰু বন্ধু অমৰ সিং। 

অমিতাভ বচ্চন সেই স্থানত উপস্থিত হোৱাৰ লগে লগে আকাশখন ক’লা ডাৱৰে আৱৰি ধৰিলে, ঠিক ‘লগান’ৰ দৃশ্যটোৰ দৰেই। গাড়ীৰ পৰা নামি তেওঁ পুত্ৰ অভিষেকক সাৱটি ধৰাৰ লগে লগে প্ৰচণ্ড বৰষুণ দিবলৈ ধৰিলে। বৰষুণ ইমানেই ধাৰাষাৰ হ’বলৈ ধৰিলে যে নদীবোৰ পানীৰে ভৰি পৰিল। ইমান দিনে বৰষুণৰ অপেক্ষাত ৰৈ থকা মানুহবোৰে অমিতাভ বচ্চন অহাৰ লগে লগেই বৰষুণ দিয়া দেখি তেওঁক ঈশ্বৰ বুলি মানিবলৈ ল’লে। তেওঁলোকে ভাবিবলৈ ল’লে যে অমিতাভ বচ্চনৰ বাবেই তেওঁঁলোকৰ সমস্যাৰ সমাধান হ’ল। ইয়াৰ পাছত হোটেলৰ বাহিৰত ৪০-৫০ হাজাৰ লোকে তেওঁৰ ভৰি চুবলৈ থিয় হৈছিল কাৰণ তেওঁলোকে অনুভৱ কৰিছিল যে অমিতাভ বচ্চনৰ ৰূপত জয়ছালমেৰলৈ ভগৱান আহিছে। তেওঁলোকে এতিয়াও এই ঘটনাক অলৌকিক বুলি গণ্য কৰে

এই কথা বৰ্ণনা কৰি অতি আৱেগিক আৰু ৰোমাঞ্চিত হৈ পৰিছিল পৰিচালক অপূৰ্ব লখিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ